ETV Bharat / entertainment

ক্ৰিকেটাৰ সুবমন গীলৰ সৈতে চৰ্চাত ছাৰা আলী খান

author img

By

Published : Aug 30, 2022, 1:53 PM IST

ছাৰা আলী খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকী টীম ইণ্ডিয়াৰ সুদৰ্শন খেলুৱৈ সুবমন গীলৰ সৈতে ৰেষ্টুৰেণ্টত বহি থকা দেখিবলৈ পোৱা গৈছে (Sara ali khan is dating to cricketer Shubman Gill) ।

sara ali khan
ক্ৰিকেটাৰ সুবমন গীলৰ সৈতে চৰ্চাত ছাৰা আলী খান

চিটাৰা ডেস্ক, 30 আগষ্ট : বলীউডৰ ‘চকাচক গাৰ্ল’ পুনৰ আহিছে লাইমলাইটলৈ । পিছে এইবাৰ নতুন ছবি আৰু নতুন লুকৰ বাবে নহয়, আহিছে ক্ৰিকেটাৰৰ সৈতে ৰেষ্টুৰেণ্টত বহি থকাৰ বাবে ৷ পিছে ৰাইজে চৰ্চা নকৰিবইনো কিয়বা ? অতীজৰে পৰাই বলীউড আৰু ক্ৰিকেট জগতখনেই ৰাইজক যোগাই আহিছে মনোৰঞ্জন খোৰাক ৷ ক’ত যে কাহিনী ক্ৰিকেট আৰু বলীউড তাৰকাৰ!

শেহতীয়াকৈ ছাৰা আলী খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকী টীম ইণ্ডিয়াৰ সুদৰ্শন খেলুৱৈ সুবমন গীলৰ সৈতে ৰেষ্টুৰেণ্ট এখনত বহি থকা প্ৰত্যক্ষ কৰা হৈছে (Sara ali khan is dating to cricketer Shubman Gill) । এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ইমানেই ভাইৰেল হৈ পৰিছে যে এতিয়া ছ’চিয়েল মিডিয়া ইউজাৰসকলে জল্পনা-কল্পনা কৰি ওৰ পোৱা নাই ৷ দুয়োৰে মিটিং খনকলৈ আজব-গুজব কাহিনী ওলাইছে যে টেণ্ডুলকাৰক এৰি খানলৈ মন মেলিলে সুবমনে নতুনকৈ !

ছাৰা আৰু সুবমনৰ ভাইৰেল হৈ পৰা ভিডিঅ’টো মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ (Sara Ali khan latest viral video)। ভিডিঅ’টোত ছাৰা আলী খানক গোলাপী ৰঙৰ সাজ-পোছাকত আৰু সুবমনক সেউজীয়া বগা টি-চাৰ্ট পিন্ধি থকা দেখা গৈছে । এই ভিডিঅ'টো এজন টিক টকাৰে শ্বেয়াৰ কৰে, তাৰ পিছতেই জুইৰ দৰে বিয়পি পৰে ইণ্টাৰনেটত । এতিয়া ইউজাৰ সকলে ছাৰা আলী খান আৰু সুবমনক প্ৰশ্ন সুধি সুধি ব্যতিব্যস্ত কৰি তুলিছে ৷

উল্লেখযোগ্য যে সুবমনৰ নামটো ক্ৰিকেটৰ ‘লৰ্ড’ আৰু ‘মাষ্টাৰ ব্লাষ্টাৰ’ শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰৰ সৈতে চৰ্চাত আছিল । ছাৰা আলী খানৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁক আনন্দ এল ৰাইৰ ছবি ‘আট্ৰংগী ৰে’ত দেখা গৈছিল । এই ছবিখনত তেওঁক অক্ষয় কুমাৰ আৰু চাউথ চুপাৰষ্টাৰ ধনুষৰ সৈতে দেখা গৈছিল । লক্ষ্মণ উটেকাৰৰ বৰ্তমানলৈকে নাম ঠিক নোহোৱা ছবি এখন এতিয়া ছাৰাৰ হাতত থকাৰ লগতে ‘গেছলাইট’ ছবিখনৰ সৈতেও আলোচনাত মিলিত হৈছে অভিনেত্ৰী গৰাকী ।

লগতে পঢ়ক : লা ট্ৰব ইউনিভাৰ্চিটীলৈ পুনৰ আহিল শ্বাহৰুখৰ নামেৰে নামাকৰণ কৰা স্কলাৰশ্বিপ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.