ETV Bharat / entertainment

ছেম বাহাদুৰে এতিয়ালৈকে বক্স অফিচত কিমান উপাৰ্জন কৰিছে ? জানক এই প্ৰতিবেদনত

Sam Bahadur Box Office Day 9: বিকি কৌশলৰ ‘ছেম বাহাদুৰ’ মুক্তিৰ আজি ১০ দিন হ’ল ৷ এতিয়ালৈকে ছবিখনে বক্স অফিচত কিমান উপাৰ্জন কৰিছে জানো আহক এই প্ৰতিবেদনত ।

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 11:14 AM IST

Sam Bahadur box office day 9: Vicky Kaushal's film sees hike on second Saturday amid Animal wave, likely to breach Rs 50 cr mark
ছেম বাহাদুৰ বক্স অফিচৰ নৱম দিন

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: বিকি কৌশলৰ ছবি ‘ছেম বাহাদুৰ’এ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । মেঘনা গুলজাৰৰ পৰিচালিত এই ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে । ইফালে ‘ছেম বাহাদুৰ’ৰ লগতে অৰ্থাৎ একেদিনাই ছবিগৃহত মুক্তি লাভ কৰিছিল ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ৷ এনিমেল ছবিখনৰ বিপুল উপাৰ্জন দেখি এনে লাগিছিল এনিমেলৰ ধুমুহাত উটি যাব বিকি কৌশলৰ ছবিখন ।

কিন্তু তেনেকুৱা একোৱেই নহ’ল । ‘এনিমেল’ৰ চুনামীৰ মাজতো ‘ছেম বাহাদুৰ’ দৃঢ়তাৰে থিয় দিছে । হয়, মেঘনা গুলজাৰৰ এই ছবিখনে যথেষ্ট দৰ্শক লাভ কৰিছে । গতিকে মুক্তিৰ নৱম দিনটোত 'ছেম বাহাদুৰ'এ কিমান কোটি টকা উপাৰ্জন কৰিছে জানো আহক...

  • " class="align-text-top noRightClick twitterSection" data="">

ছেম বাহাদুৰৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনে ৬.২৫ কোটি টকাৰে বক্স অফিচত খাতা খুলিছিল । ইয়াৰ লগে লগে বিকি কৌশলৰ ছবিখনে প্ৰথম ৮ দিনত ৪২.৩০ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় । এতিয়া মুক্তিৰ নৱম দিনৰ উপাৰ্জনৰ সংখ্যাও পোহৰলৈ আহিছে ।

Sacknilk ৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ নৱম দিনটোত ‘ছেম বাহাদুৰ’এ ৬.৭৫ কোটি টকা উপাৰ্জন কৰিছে ।

ইয়াৰ লগে লগে ‘ছেম বাহাদুৰ’ৰ ৯ দিনৰ মুঠ উপাৰ্জন হৈছেগৈ ৪৯.০৫ কোটি টকা ।

এনে পৰিস্থিতিত যদি আমি এনিমেল আৰু ছেম বাহাদুৰৰ তুলনা কৰোঁ, তেন্তে সন্দীপ ৰেড্ডী ভাংগাৰ ছবিখন এখন ডাঙৰ বাজেটৰ প্যান ইণ্ডিয়া ছবিলৈ পৰিগণিত হৈছে । যাৰ বাবে ছেম বাহাদুৰে দৰ্শক আৰু কম পৰ্দা লাভ কৰিছে । আনহাতে এনিমেলে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । ৰণবীৰ কাপুৰ আৰু ববি দেওলে অভিনীত এই চিনেমাখনে বিপুল ধন উপাৰ্জনেৰে সমগ্ৰ বক্স অফিচ জোকাৰি গৈছে । সন্দীপ ৰেড্ডী ভাংগাৰ ছবিখনৰ এই পৰ্যন্তৰ উপাৰ্জন হৈছেগৈ ৩৯৮.৫৩ কোটি টকা আৰু গোটেই বিশ্বজুৰি ছবিখনে ৬০০ কোটি টকাতকৈও অধিক ধন উপাৰ্জন কৰিছে ৷

লগতে পঢ়ক: বক্স অফিচত এনিমেলৰ যাদু; জানেনে এতিয়ালৈকে ছবিখনৰ সংগ্ৰহ কিমান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.