চিটাৰা ডেস্ক, ৭ ডিচেম্বৰ: বিকি কৌশল অভিনীত ছবি ‘ছেম বাহাদুৰ’ বক্স অফিচত ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে । দৰাচলতে দুয়োখন ছবি একেদিনাই ছবিগৃহত মুক্তি লাভ কৰিছিল । বক্স অফিচত ‘এনিমেল’এ ছুনামীৰ সৃষ্টি কৰিছে, ইয়াৰ বিপৰীতে ছেম বাহাদুৰেও লাহে লাহে আগবাঢ়িছে । কিন্তু সপ্তাহৰ দিনকেইটাত ছবিখনৰ উপাৰ্জন যথেষ্ট হ্ৰাস পাইছে । জানো আহক 'ছেম বাহাদুৰ' মুক্তিৰ ষষ্ঠ দিনটোত কিমান কোটি টকা উপাৰ্জন কৰিছে ৷
মুক্তিৰ ষষ্ঠ দিনটোত ‘ছেম বাহাদুৰ’এ কিমান উপাৰ্জন কৰিছে ?
মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত ছবি ‘ছেম বাহাদুৰ’এ দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে । দেশৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি বিকি কৌশলে চুই গৈছে দৰ্শকৰ হৃদয় । আনকি শচীন তেণ্ডুলকাৰেও ‘ছেম বাহাদুৰ’ত বিকি কৌশলৰ অভিনয়ক প্ৰশংসা কৰিছিল । কিন্তু এই ছবিখনে ৰণবীৰ কাপুৰৰ এনিমেলৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ বাবে ইয়াৰ উপাৰ্জনতো প্ৰভাৱ পৰিছে ।
‘ছেম বাহাদুৰ’ৰ দিন ভিত্তিক উপাৰ্জনৰ তালিকা
বক্স অফিচত ৬.২৫ কোটি টকাৰে মুকলি হয় ‘ছেম বাহাদুৰ’।
বিকি কৌশলৰ ছবিখনে দ্বিতীয় দিনা ৯ কোটি টকাৰ ব্যৱসায় কৰে ।
তৃতীয় দিনা ‘ছেম বাহাদুৰ’ৰ উপাৰ্জনত ১৪.৪৪ শতাংশ বৃদ্ধি পাই আৰু ১০.৩ কোটি টকা উপাৰ্জন কৰে ।
চতুৰ্থ দিনটোত ‘ছেম বাহাদুৰ’এ ৩.৫ কোটি টকা উপাৰ্জন কৰে ।
পঞ্চম দিনটোত ছবিখনৰ উপাৰ্জন মাত্ৰ ৩.৫ কোটি টকা হে হয় ।
এতিয়া মুক্তিৰ ষষ্ঠ দিন অৰ্থাৎ বুধবাৰে ‘ছেম বাহাদুৰ’ৰ উপাৰ্জনৰ তথ্য প্ৰকাশ পাইছে । Sacknilk ৰ অনুসৰি মুক্তিৰ ষষ্ঠ দিনটোত ‘ছেম বাহাদুৰ’এ ৩.৩০ কোটি টকা উপাৰ্জন কৰিছে ।
ইয়াৰ লগে লগে ষষ্ঠ দিনত ‘ছেম বাহাদুৰ’ৰ মুঠ উপাৰ্জন হৈছেগৈ ৩৫.৮৫ কোটি টকা ।
সপ্তাহৰ শেষৰ ফালে ছবিখনে ৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব পাৰিব নে ?
'ছেম বাহাদুৰ' অতি লেহেমীয়া গতিত আগবাঢ়িছে । অৱশ্যে বক্স অফিচত নিজৰ দখল বজাই ৰাখিছে । ইয়াৰ লগে লগে ছবিখনে মুক্তিৰ ৬ দিনত ৩৫ কোটিৰো অধিক উপাৰ্জন কৰিছে । সপ্তাহৰ শেষৰ ফালে ‘ছেম বাহাদুৰ’ৰ ব্যৱসায়ত উত্থান ঘটিব পাৰে আৰু ই ৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব বুলি ছবিখনৰ নিৰ্মাতা আশাবাদী । এতিয়া লক্ষ্যণীয় হ’ব ‘ছেম বাহাদুৰ’এ এনিমেলৰ গৰ্জনৰ সন্মুখত টিকি থাকিব পাৰিব নে ?
- " class="align-text-top noRightClick twitterSection" data="">
লগতে পঢ়ক: এনিমেলে এতিয়ালৈকে বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ?