ETV Bharat / entertainment

ৰণবীৰৰ এনিমেলৰ সন্মুখত থিয় দিছে ছেম বাহাদুৰ ! বিকি কৌশলৰ ছবিখনে অগ্ৰিম বুকিঙেৰে সংগ্ৰহ কৰিলে ইমান ধন

Sam Bahadur First Day Advance Booking Report: বিকি কৌশলৰ ছবি ছেম বাহাদুৰ ছবিগৃহত মুক্তি পাবলৈ মাত্ৰ এদিন বাকী । মুক্তিৰ পূৰ্বেই বিকিৰ ছবিখনে অগ্ৰিম বুকিঙৰ জৰিয়তে যথেষ্ট ধন সংগ্ৰহ কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 1:38 PM IST

Sam Bahadur Box Office Day 1 Advance Booking: Can Sam Bahadur beat Ranbir Kapoor starrer Animal?
ৰণবীৰ কাপুৰ অভিনীত এনিমেলক বিট কৰিব পাৰিব নে ছেম বাহাদুৰে

চিটাৰা ডেস্ক, 30 নৱেম্বৰ: এই শুকুৰবাৰে ছবিগৃহত মুক্তি পাব বিকি কৌশল অভিনীত 'ছেম বাহাদুৰ' । ছবিখনক লৈ অনুৰাগীৰ উন্মাদনা তুংগত উঠিছে । অৱশ্যে মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত ৰণবীৰ কাপুৰ অভিনীত ছবি এনিমেলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব ছেম বাহাদুৰে । আচলতে দুয়োখন ছবি একেদিনাই মুক্তি লাভ কৰিব । ৰণবীৰ কাপুৰৰ এনিমেলক ইতিমধ্যেই অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷ ৰণবীৰ কাপুৰৰ এনিমেলৰ উন্মাদনাৰ পিচতো ছেম বাহাদুৰে নিজৰ আধিপত্য বজাই ৰাখিছে । আনকি অগ্ৰিম বুকিঙৰ ক্ষেত্ৰতো ‘ছেম বাহাদুৰ’ বিপুল ধন উপাৰ্জন কৰিছে । 'ছেম বাহাদুৰ'ৰ অগ্ৰিম বুকিং ৰিপৰ্ট জানি লওক ।

অগ্ৰিম বুকিঙৰ পৰা এতিয়ালৈকে কিমান সংগ্ৰহ কৰিছে ছেম বাহাদুৰে ?

মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত ছেম বাহাদুৰ ছবিখন ভাৰতীয় ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ জীৱনৰ আধাৰত নিৰ্মিত । ছবিখনত ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছিল যিয়ে যথেষ্ট সঁহাৰি লাভ কৰিছিল । তেতিয়াৰ পৰাই অনুৰাগীয়ে ‘ছেম বাহাদুৰ’ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । ইফালে ছবিখনৰ অগ্ৰিম বুকিং চলি আছে আৰু ইয়াৰ প্ৰি-টিকট বিক্ৰীৰ কালেকচন অতি ভাল দেখা গৈছে ।

  • SACNILC ৰ প্ৰতিবেদন অনুসৰি ‘ছেম বাহাদুৰ’ৰ প্ৰথম দিনটোৰ বাবে এতিয়ালৈকে ৩৩৫৬টা শ্ব’ৰ বাবে ৫৭ হাজাৰ ৮৮ টিকট বিক্ৰী হৈছে ।
  • ইয়াৰ লগে লগে ‘ছেম বাহাদুৰ’ মুক্তিৰ পূৰ্বে অগ্ৰিম টিকট বুকিং কৰি ১.৮২ কোটি টকা উপাৰ্জন কৰিছে ।

'এনিমেল'ৰ সন্মুখত দৃঢ়তাৰে থিয় দিছে ‘ছেম বাহাদুৰ’

ৰণবীৰ কাপুৰৰ ছবি এনিমেল ছবিখনে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু এতিয়ালৈকে অগ্ৰিম বুকিং কৰি প্ৰায় ২০ কোটি টকা উপাৰ্জন কৰিছে । ইয়াৰ পিচতো বিকি কৌশলৰ ছবি ছেম বাহাদুৰেও দৃঢ়তাৰে থিয় দিছে । ছবিখনৰ অগ্ৰিম বুকিঙৰ পৰিসংখ্যালৈ চালে ছবিখনে মুক্তিৰ দিনটোত ৫ৰ পৰা ৭ কোটি টকা সংগ্ৰহ কৰিব বুলি অনুমান কৰা হৈছে । ইয়াৰ পিচত শনিবাৰ আৰু দেওবাৰে ছবিখনৰ সংগ্ৰহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । অৱশ্যে এনিমেলৰ ধুমুহাত ছেম বাহাদুৰে নিজকে কেনেকৈ ৰক্ষা কৰিব সেয়া হ’ব লক্ষণীয় বিষয় ।

উল্লেখ্য যে, বিকি কৌশলৰ উপৰিও সন্যা মালহোত্ৰা, ফাতিমা সানা শ্বেইখকে ধৰি বহু প্ৰতিভা সম্পন্ন অভিনেতাই ‘ছেম বাহাদুৰ’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন ২০২৩ চনৰ ১ ডিচেম্বৰত অৰ্থাৎ কাইলৈ ​​ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: 1 ডিচেম্বৰত এনিমেলৰ শুভমুক্তি, মুকলিৰ দিনটোত এনিমেলে ভংগ কৰিব উপাৰ্জনৰ অভিলেখ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.