ETV Bharat / entertainment

Salaar Teaser Out: প্ৰভাসৰ আকৰ্ষণীয় ষ্টাইলে টোপনি কাঢ়িব আপোনাৰ, মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’ৰ টিজাৰ

author img

By

Published : Jul 6, 2023, 12:13 PM IST

Updated : Jul 6, 2023, 12:18 PM IST

প্ৰশান্ত নীলৰ পৰিচালনাত মুকলি হ’ল প্ৰভাস অভিনীত ছবি ‘ছালাৰ’ৰ টিজাৰ । ইয়াত প্ৰভাসৰ লগতে তিন্নু আনন্দ আৰু পৃথ্বীৰাজ সুকুমাৰণৰ উগ্ৰ অভিনয় প্ৰদৰ্শন কৰা দেখা গৈছে ।

Salaar teaser: Prabhas-Prashanth Neel collaboration lives up to the hype
প্ৰভাসৰ আকৰ্ষণীয় ষ্টাইলে টোপনি কাঢ়িব আপোনাৰ, মুক্তি পালে বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’ৰ টিজাৰ

চিটাৰা ডেস্ক, 6 জুলাই: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি ‘আদিপুৰুষ’ৰ পৰা অনুৰাগীসকলৰ বহু আশা আছিল যদিও এই ছবিখন বক্স অফিচত ফ্লপ বুলি প্ৰমাণিত হ’ল । একে সময়তে এতিয়া প্ৰভাস আহি আছে তেওঁৰ আগন্তুক ছবিৰ জৰিয়তে ডাবল ধামাল কৰিবলৈ । শীঘ্ৰেই প্ৰভাস আৰু শ্ৰুতি হাছানক দেখা যাব ছবি ‘ছালাৰ’ত। অনুৰাগীৰ উৎসাহ বৃদ্ধিৰ বাবে নিৰ্মাতাসকলে মুকলি কৰিছে ইয়াৰ টিজাৰ, যি মুক্তিৰ পিছতেই ছ’চিয়েল মিডিয়াত এক খলকণিৰ সৃষ্টি কৰিছে ৷

‘ছালাৰ’ৰ টিজাৰ মুক্তি

হাই অক্টেন ষ্টাণ্ট আৰু একচনৰ শ্ৰেষ্ঠ সংমিশ্ৰণ দেখা গৈছে ‘ছালাৰ’ ছবিৰ টিজাৰত । আনহাতে, প্ৰভাসৰ শক্তিশালী আভাসে দৰ্শকক আমোদ দিবলৈ যথেষ্ট । 'কে জি এফ'ৰ নিৰ্মাতা প্ৰশান্ত নীলৰ এই আগন্তুক ছবিখনৰ টিজাৰ ৬ জুলাই বৃহস্পতিবাৰে পুৱা ৫:১২ বজাত মুক্তিলাভ কৰে, তেতিয়াৰ পৰাই অনুৰাগীৰ মাজত সুখৰ জোৱাৰ উঠিছে । টিজাৰটো ওলোৱাৰ লগে লগে ইণ্টাৰনেটত অনুৰাগীয়ে বিভিন্ন কমেন্টেৰে ভৰাই তুলিছে, আৰু ইয়াক চোৱাৰ পিছত মানুহে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

টিনু আনন্দৰ ধামাকেদাৰ এন্ট্ৰি

‘ছালাৰ’ৰ টিজাৰৰ আৰম্ভণিতে এজন মানুহ, গাড়ীৰ ওপৰত বহি থকা দেখা যায়, আৰু বহুতে তেওঁক কিবা কিবি কোৱা দেখা যায়, তেওঁৰ ফালে ৰাইফল আৰু অস্ত্ৰ দেখুৱাই । তেতিয়া ব্যক্তিজনে কোৱা শুনা যায়, ‘সৰল ইংৰাজী, কোনো বিভ্ৰান্তি নাই । মই চিতা, বাঘ, হাতী, ই বৰ বিপদজনক, কিন্তু জুৰাছিক পাৰ্কত নহয়, কাৰণ সেই পাৰ্কত....’ এই কথা কোৱাৰ পিছত মানুহজন মৌন হৈ পৰে । মানুহজন আন কোনো নহয়, ‘ছালাৰ’ত মুখ্য চৰিত্ৰত অভিনয় কৰা টিনু আনন্দ ।

প্ৰভাসক হাই অক্টেন ষ্টাণ্ট কৰা দেখা গৈছে

পৰৱৰ্তী দৃশ্যত প্ৰভাসে হাতত চুৰি আৰু ৰাইফল লৈ শত্ৰুক পৰাস্ত কৰা দেখা যায় । তিন্নু আনন্দ আৰু প্ৰভাসৰ উপৰিও পৃথ্বীৰাজ সুকুমাৰণৰ উগ্ৰ শৈলীও টিজাৰত দেখা গৈছে । ‘ছালাৰ’ৰ জৰিয়তে পোন প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছে বৃহৎ একচন পৰিচালক প্ৰশান্ত নীল আৰু জনপ্ৰিয় একচন ছুপাৰষ্টাৰ প্ৰভাসে । জনাই দিও যে, আগন্তুক ২৮ ছেপ্টেম্বৰত ছবিখন ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ।

লগতে পঢ়ক: Bawaal teaser out: বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰৰ ছবিৰ টিজাৰে কৰিলে বাৱাল, গাঁৰ নোম শিয়ৰি উঠিব আপোনাৰ

Last Updated : Jul 6, 2023, 12:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.