ETV Bharat / entertainment

বক্স অফিচত কমি আহিল ছালাৰৰ উপাৰ্জন, বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ছালাৰে ?

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 12:55 PM IST

Salaar Box Office Collection Day 14: বক্স অফিচত কমি আহিছে প্ৰভাসৰ ‘ছালাৰ’ৰ উপাৰ্জন । এই পৰ্যন্ত ছবিখনে বক্স অফিচত কিমান উপাৰ্জন কৰিলে জানো আহক ৷

Salaar box office day 14: Prabhas' actioner down to single digit collection
ছালাৰৰ উপাৰ্জন

চিটাৰা ডেস্ক, ৫ জানুৱাৰী: প্ৰভাস অভিনীত ছবি ‘ছালাৰ’এ বক্স অফিচত ৯০ কোটি টকাৰে এক সুন্দৰ আৰম্ভণি কৰিছিল ৷ কেৱল ইমানেই নহয়, ২০২৩ চনৰ সৰ্ববৃহৎ অ’পেনাৰৰ ছবি হিচাপে পৰিগণিত হৈছে ছালাৰ । প্ৰথম সপ্তাহত ছবিখনে ব্যাপক ধন উপাৰ্জন কৰিছিল যদিও দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰে । কিন্তু নৱবৰ্ষত ‘ছালাৰ’এ আকৌ উপাৰ্জনৰ গতি লাভ কৰিছিল । কিন্তু এতিয়া আকৌ এবাৰ এই ছবিখনৰ উপাৰ্জন কমি আহিছে । এই প্ৰতিবেদনত জানো আহক 'ছালাৰ' মুক্তিৰ ১৪ দিনত কিমান কোটি টকা উপাৰ্জন কৰিছে ৷

মুক্তিৰ ১৪ দিনত ‘ছালাৰ’এ কিমান কোটি টকা উপাৰ্জন কৰিছে ?

প্ৰভাসৰ ‘ছালাৰ’ ছবিখনে দুসপ্তাহ ধৰি বক্স অফিচত আধিপত্য বিস্তাৰ কৰি আহিছে । এই ছবিখনে বক্স অফিচত দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । প্ৰভাস অভিনীত এই ছবিখনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ‘ছালাৰ’ মুক্তিৰ প্ৰথম সপ্তাহতে ৩০৮ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় সপ্তাহতো ছবিখনে ভাল উপাৰ্জন কৰিছে । ‘ছালাৰ’এ ৮ম দিনত ৯.৬২ কোটি, ৯ দিনত ১২.৫৫ কোটি, দশম দিনত ১৫.১ কোটি, ১১ দিনত ১৬.৬ কোটি, দ্বাদশ দিনত ৬.৪৫ কোটি আৰু ত্ৰয়োদশ দিনত ৫.১৮ কোটি টকা উপাৰ্জন কৰে । এতিয়া ছবিখন মুক্তিৰ ১৪ দিনৰ উপাৰ্জন প্ৰকাশ পাইছে ।

বিশ্বজুৰি ‘ছালাৰ’এ কিমান উপাৰ্জন কৰিছিল ?

বাণিজ্য বিশ্লেষক মনোবালা বিজয়াবালনৰ মতে, ছালাৰে ১৩ দিনত বিশ্বজুৰি ৬৫০ কোটি টকা উপাৰ্জন কৰিছে । ইয়াৰ লগে লগে ‘বাহুবলী ২’ আৰু ‘আৰ আৰ আৰ’ৰ পদাংক অনুসৰণ কৰি ছালাৰে এই মাইলৰ খুঁটি অতিক্ৰম কৰা তৃতীয়খন তেলুগু ছবি হিচাপে পৰিগণিত হৈছে । উল্লেখ্য যে বিশ্বজুৰি আৰ আৰ আৰে ১২৩০ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে প্ৰভাস অভিনীত ছবি ‘বাহুবলী ২’এ বিশ্বজুৰি ১৭৮৮ কোটি টকা উপাৰ্জন কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে দ্বৈত চৰিত্ৰত দেখা যাব মনোজ বাজপেয়ীক, চাওক কিলাৰ ছুপৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.