ETV Bharat / entertainment

নৱবৰ্ষ উপলক্ষে বক্স অফিচত কিমান উপাৰ্জন কৰিলে ছালাৰে ?

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 11:49 AM IST

Salaar Box Office Collection Day 11: মুক্তিৰ দ্বিতীয় সপ্তাহতো বক্স অফিচত ঢৌ তুলিছে প্ৰভাসৰ ‘ছালাৰ’এ । এই ছবিখনে নৱবৰ্ষ উপলক্ষে কিমান কোটি টকা উপাৰ্জন কৰিলে জানো আহক ৷

Salaar box office day 11: Prabhas starrer outstrips Jailer, Leo, targets Baahubali 1 record
ছালাৰ বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ২ জানুৱাৰী: বক্স অফিচত অব্যাহত আছে প্ৰভাস অভিনীত ছবি ‘ছালাৰ’ৰ ধাৰাবাহিক উপাৰ্জন । এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ভাৰতত ৯০ কোটিতকৈ অধিক ধন সংগ্ৰহ কৰি ২০২৩ চনৰ সৰ্ববৃহৎ অ’পেনাৰ ছবিৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় । তেতিয়াৰ পৰা এই ছবিখনে প্ৰতিদিনে ভংগ কৰি আহিছে বহু ছবিৰ অভিলেখ । আনকি বছৰৰ শেষৰ দিনটো অৰ্থাৎ দ্বিতীয় দেওবাৰে ‘ছালাৰ’এ বাম্পাৰ উপাৰ্জন কৰিছিল । গতিকে এই প্ৰতিবেদনত জানো আহক ছবিখন মুক্তিৰ ১১ দিনত অৰ্থাৎ দ্বিতীয় সোমবাৰে কিমান কোটি টকা উপাৰ্জন কৰিছে ৷

মুক্তিৰ ১১ দিনত কিমান উপাৰ্জন কৰিলে 'ছালাৰ'এ ?

বক্স অফিচত ধুমুহাৰ গতিত উপাৰ্জন কৰা ‘ছালাৰ’এ এই পৰ্যন্ত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এই ক্ৰাইম থ্ৰিলাৰ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । প্ৰভাসৰ এই একচন ভৰ্তি ছবিখন চাবলৈ চিনেমাহলত বিপুল জনসমাগম দেখা গৈছে । ছবিখনৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ প্ৰথম সপ্তাহতে ‘ছালাৰ’এ ভাৰতত ৩০৮ কোটি টকা সংগ্ৰহ কৰিছিল আৰু দ্বিতীয় সপ্তাহতো বক্স অফিচত ঢৌ তুলিছে । মুক্তিৰ দ্বিতীয় শুকুৰবাৰে এই ছবিখনে ৯.৬২ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় শনিবাৰে ছবিখনে ১২.৫৫ কোটি টকা সংগ্ৰহ কৰিছিল আৰু দ্বিতীয় দেওবাৰে ছবিখনৰ উপাৰ্জনত ২০.৩২ শতাংশ জঁপিয়াই পৰাৰ লগতে ১৫.১ কোটি টকা উপাৰ্জন কৰিছিল । এতিয়া ছবিখন মুক্তিৰ দ্বিতীয় সোমবাৰৰ উপাৰ্জন পোহৰলৈ আহিছে ।

  • Sacknilk ৰ প্ৰতিবেদন অনুসৰি ‘ছালাৰ’ মুক্তিৰ ১১ দিনত অৰ্থাৎ দ্বিতীয় সোমবাৰে ১৫.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।
  • ইয়াৰ লগে লগে ভাৰতত ১১ দিনত ‘ছালাৰ’ৰ মুঠ উপাৰ্জন হৈছেগৈ ৩৬০.৭৭ কোটি টকা ।

বিশ্বজুৰি ‘ছালাৰ’এ কিমান উপাৰ্জন কৰিছিল ?

কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে ‘ছালাৰ’এ ঢৌ তুলিছে । এই ছবিখনে বিদেশতো দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি পাইছে । ইয়াৰ লগে লগে এই ছবিখনে সুন্দৰভাৱে উপাৰ্জন কৰিছে । চলচ্চিত্ৰ ব্যৱসায় বিশ্লেষক মনোবালা বিজয়বালানে ‘ছালাৰ’ৰ বিশ্বব্যাপী উপাৰ্জনৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, সেই অনুসৰি প্ৰভাসৰ ছবিখনে ১০ দিনত ৬০০ কোটি টকাৰ ক্লাবত যোগদান কৰিছে । অৱশ্যে এতিয়ালৈকে ১১ দিনত ছবিখনে বিশ্বজুৰি কিমান উপাৰ্জন কৰিছে সেই তথ্য পোহৰলৈ অহা নাই ৷

লগতে পঢ়ক: বিশ্বজুৰি অব্যাহত ছালাৰৰ উপাৰ্জন, দশম দিনত ছবিখনে কিমান উপাৰ্জন কৰিলে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.