চিটাৰা ডেস্ক, ১ জানুৱাৰী: বিগত বৰ্ষত বলীউডত আত্মপ্ৰকাশ কৰিছিল অভিনেত্ৰী শ্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰীয়ে । অৱশ্যে পেছাদাৰী জীৱনতকৈ প্ৰায়ে ব্যক্তিগত জীৱনৰ বাবেহে বাতৰিৰ শিৰোনামত থাকে পলক ।
বহু দিনৰে পৰা পলকৰ নাম ছৈফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খানৰ সৈতে জড়িত হৈ আহিছে । কোৱা হয় যে দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে ডেট কৰি আছে, কিন্তু এই বিষয়ে তেওঁলোকে সকলোৰে পৰা লুকুৱাই ৰাখিছে । দুয়োকে বহুবাৰ একেলগে দেখা গৈছে । বহুবাৰ দুয়ো একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাও দেখা গৈছে ৷ কিন্তু দুয়ো ইগৰাকীয়ে সিগৰাকীৰ ভাল বন্ধু বুলি হে কয় ৷ ইফালে শেহতীয়াকৈ গভীৰ নিশা আকৌ এবাৰ দুয়োকে একেলগে দেখা গ’ল । দৰাচলতে দুয়োগৰাকীয়ে একেলগে নতুন বছৰ উদযাপন কৰিছে ।
পলক-ইব্ৰাহিমে উদযাপন কৰিলে নতুন বছৰ
পলক তিৱাৰী আৰু ইব্ৰাহীমে গভীৰ নিশা একেলগে উদযাপন কৰিলে নৱবৰ্ষ । এই কথিত দম্পতীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে, য’ত দুয়োগৰাকীয়ে গাড়ীত বহি থকা দেখা গৈছে ৷ কিন্তু সংবাদ মাধ্যমৰ দৃষ্টি তেওঁলোকৰ ওপৰত পৰাৰ লগে লগে দুয়োগৰাকীয়ে নিজৰ মুখ লুকুৱাবলৈ চেষ্টা কৰে । পাপাৰাজীক দেখি অভিনেত্ৰী পলকে মুখখন তললৈ নমাই দিয়ে । ইফালে, পাপাৰাজীৰ পৰা বাচিবলৈ ইব্ৰাহিম আলী খানে মুখখন হাতেৰে ঢাকিবলৈ চেষ্টা কৰে ।
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মন্তব্য
এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই কথিত যুটীক ব্যাপকভাৱে ট্ৰ’ল কৰে । এজনে লিখিছে, ‘‘তেওঁলোকে কিয় মুখখন লুকুৱাই ৰাখিছে ?’ আন এজনে লিখিছে, ‘এতিয়া যেতিয়া আমি দেখিয়ে পেলালো, তেন্তে কিয় মুখখন লুকুৱাই ৰাখিছে ?’ তৃতীয় ব্যৱহাৰকাৰীয়ে লিখিছে, ‘যদি মুখখন লুকুৱাব বিচাৰে তেন্তে আপুনি আহিব কিয় লাগে ।’ আন এজনে শ্বেতা তিৱাৰীক টেগ কৰি লিখিছে, ‘‘আপোনাৰ ছোৱালীয়ে কি কৰি আছে চাওকচোন ।’’
লগতে পঢ়ক: স্বামী ছৈফ, দুই পুত্ৰৰ সৈতে নতুন বছৰক আদৰণি জনালে কৰীণা কাপুৰে, চাওক ফটো