ETV Bharat / entertainment

RRR on The Theatre at Ace Hotel : কোন বিখ্যাত থিয়েটাৰত প্ৰদৰ্শন হ’ব RRR, বিক্ৰী হৈ গ’ল সকলো টিকট

আজি সন্ধিয়া ৬ বজাত আমেৰিকাৰ বিখ্যাত চলচ্চিত্ৰ দ্য থিয়েটাৰ এট এচ হোটেলত প্ৰদৰ্শিত হ’ব মেগা ব্লকবাষ্টাৰ ছবি আৰ আৰ আৰ (RRR on The Theatre at Ace Hotel)। ইতিমধ্যেই বিক্ৰী হৈ গ’ল সকলো টিকট।

RRR SCREENING AT THE THEATRE AT ACE HOTEL IN LOS ANGELES TODAY
আমেৰিকাৰ বিখ্যাত চলচ্চিত্ৰ দ্য থিয়েটাৰ দ্য থিয়েটাৰ প্ৰদৰ্শন হ’ব RRR
author img

By

Published : Mar 1, 2023, 1:44 PM IST

চিটাৰা ডেস্ক, 1 মাৰ্চ: বৰ্তমানলৈকে ক্ৰেজ মাৰ যোৱা নাই টলীউডৰ ছবি ‘আৰ আৰ আৰ’ৰ ৷ বিশ্বজুৰি ১১৫০ কোটিৰো অধিক উপাৰ্জন কৰিছে আৰ আৰ আৰে । ‘বাহুবলী’ৰ খ্যাতি পৰিচালক এছ এছ ৰাজামৌলিৰ মাষ্টাৰপিছ ছবি RRR যোৱা বছৰ ২০২২ চনৰ ২৫ মাৰ্চত মুক্তি লাভ পাইছিল ৷ মুক্তিৰ পূৰ্বেই লাখ লাখ টিকট বিক্ৰী হৈছে ছবিখনৰ ৷

RRR ছবিখনে সম্পূৰ্ণ কৰিবলৈ ওলাইছে এটা বছৰ ৷ যদিও দৰ্শকৰ মাজত ছবিখনৰ জনপ্ৰিয়তা মাৰ যোৱা নাই ৷ এটা বছৰত এটাৰ পিচত আনটো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ছবিখনে ৷ শেহতীয়াকৈ হলিউড সমালোচক সংস্থাৰ চলচ্চিত্ৰ বঁটাত ‘RRR’ ছবিখনে লাভ কৰিছিল ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ’কে ধৰি আন তিনিটা বঁটা (RRR wins Best International Film at HCA) ৷

বৰ্তমানলৈকে ছবিখনে বহু বঁটা লাভ কৰিছে যদিও এতিয়াও অস্কাৰ বঁটা লাভ কৰা নাই । কিন্তু অস্কাৰ বঁটাও অতি সোনকালে লাভ কৰিব বুলি আশা কৰিছে অনুৰাগীসকলে ৷ শেহতীয়াকৈ ছবিখনৰ সন্দৰ্ভত আহিছে এটা নতুন আপডেট ৷ ছবিখন এইবাৰক মুক্তি লাভ কৰি লছ এঞ্জেলছ (আমেৰিকা)ৰ ‘দ্য থিয়েটাৰ এট এচ হোটেল’ত (The Theatre at Ace Hotel) । আজি অৰ্থাৎ ২০২৩ চনৰ ১ মাৰ্চৰ সন্ধিয়া ৭.৩০ বজাত (লছ এঞ্জেলছৰ সময় অনুসৰি) ছবিখন প্ৰদৰ্শন কৰা হ’ব ।

ইতিমধ্যেই বিক্ৰী হৈ গ’ল সকলো টিকট

মন কৰিবলগীয়া কথা যে এই ছবিগৃহখনত ১৬৪৭ খন আসন আছে ৷ কিন্তু অতি শীৰ্ঘেই বিক্ৰী হৈ গ’ল ১৬৪৭ খন আসন । সন্ধিয়াৰ ছবিগৃহত দৰ্শকৰ অভূতপূৰ্ব ভিৰ দেখা পোৱা যাব বুলি অনুমান কৰা হৈছে । ভাৰতীয় সময় অনুসৰি এই স্ক্ৰীনিং হ’ব সন্ধিয়া ৬ বজাত । মুঠৰ ওপৰত কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে ছবিখনক লৈ উন্মাদনাৰ সৃষ্টি হৈছে । জাপানতো এই ছবিখনে ১০০ কোটিৰো অধিক উপাৰ্জন কৰিছে । ছবিখনৰ গীত নাটু-নাটুৱে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ গীতৰ খিতাপ লাভ কৰিছে (RRR on The Theatre at Ace Hotel)।

ইয়াৰ পূৰ্বে আৰ আৰ আৰ সন্দৰ্ভত লাভ কৰা হৈছিল এটা ভাল খবৰ ৷ সেয়া হ’ল ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ছবিখনৰ ছুপাৰহিট গীত নাটু-নাটু লাইভ পৰিবেশন কৰা হ’ব । এই গীতটিৰ কণ্ঠশিল্পী হৈছে ৰাহুল ছিপলিগঞ্জ আৰু কাল ভৈৰৱ । অহা ১২ মাৰ্চত ৯৫ সংখ্যক অকাডেমী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে । অস্কাৰত শ্ৰেষ্ঠ গীতৰ শাখাত মনোনয়ন লাভ কৰিছে গীত নাটু-নাটুৱে।

লগতে পঢ়ক: HCA tweet about Jr NTR: HCA এৱাৰ্ড শ্ব’ত কিয় অংশগ্ৰহণ কৰা নাছিল জুনিয়ৰ এন টি আৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.