চিটাৰা ডেস্ক, 12 জুলাই: আজি মুক্তি পালে ৰণবীৰ সিং আৰু আলিয়া ভাট অভিনীত ছবি ৰকি অউৰ ৰাণী কি প্ৰেম কাহানীৰ দ্বিতীয়টো গীত 'হোৱাট ঝুমকা'। এইটো এটা সম্পূৰ্ণ পাৰ্টি ডান্স নাম্বাৰ, শুনিলে আপুনি নাচিবলৈ বাধ্য হ'ব । এই গীতটি ঝুমকা গিৰা ৰে বৰেলী কে বাজাৰ মে নামৰ পুৰণি গীতটিৰ পুন সংকলন, যিটো নিজৰ মাজতে এটা ছুপাৰহিট গীত । ৰকি অউৰ ৰাণী কি প্ৰেম কাহানীৰ এই নতুন সংস্কৰণত ৰণবীৰ আলিয়াৰ বিশেষ কেমেষ্ট্ৰীক দেখা গৈছে।
- " class="align-text-top noRightClick twitterSection" data="">
হোৱাট ঝুমকা গীতটোত ৰণবীৰ সিঙৰ নৃত্যই আলিয়াক চেৰ পেলাবলৈ সক্ষম হৈছে । আকৰ্ষণীয় ডান্স ষ্টেপেৰে ৰণবীৰে অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰিছে । আনহাতে, ৰঙীন শাৰী পিন্ধা আলিয়া ভাটে তেওঁৰ সৌন্দৰ্য আৰু নৃত্যৰ বাবে অনুৰাগীক বলিয়া কৰিছে । দুয়োৰে এটি যুটিকো গীতটিত খুবেই ধুনীয়া দেখা গৈছে ।
‘হোৱাট ঝুমকা’ৰ কথাই ৰণবীৰ কাপুৰ তথা শ্ৰদ্ধা কাপুৰ অভিনীত ছবি ‘তু ঝুঠি মে মক্কাৰ’ৰ ‘ঠুমকা’ গীতটোৰ কথা মনত পেলাই দিব । গীতটোত ৰণবীৰ সিঙৰ ঠুমকাই ৰণবীৰ কাপুৰকো সম্পূৰ্ণ প্ৰত্যাহ্বান দিছে । একে সময়তে আলিয়াৰ ষ্টাইলো শ্ৰদ্ধাতকৈ কম দেখা পোৱা নাই ।
আপোনালোকক কওঁ যে, ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী পৰিচালনা কৰিছে কৰণ জোহৰে । এই ছবিখনৰ দ্বিতীয়টো গীত, পাৰ্টি ডান্স নাম্বাৰতকৈ কম নহয় । আশা ভোছলেৰ পুৰণি সংস্কৰণ ‘ঝুমকা গিৰা ৰে’ গীতটোও পটভূমিত বাজিছে । ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী হৈছে এখন পাৰিবাৰিক ফিল্ম যি খন ২৮ জুলাইত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ।
বহুদিনৰ মূৰত এই ছবিখনেৰে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে কৰণ জোহৰ । ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী চাই আপোনাৰ মনত পৰিব যশ চোপ্ৰাৰ ছবিৰ কথা । বহুদিনৰ মূৰত ধৰ্মেন্দ্ৰ আৰু জয়া বচ্চনৰ যুটিক ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখনতো দেখা যাব । একে সময়তে ছবিখনত শ্বাবানা আজমীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।