ETV Bharat / entertainment

RARKPK BO Collection Day 2: ৰণবীৰ-আলিয়াৰ ছবি ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰ দ্বিতীয় দিনাৰ উপাৰ্জন কিমান ?

মুক্তি পালে ৰণবীৰ সিং আৰু আলিয়াৰ ছবি ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ ৷ জানো আহক ছবিখনে দ্বিতীয় দিনা কিমান উপাৰ্জন কৰিছে ৷

author img

By

Published : Jul 30, 2023, 11:22 AM IST

Rocky Aur Rani Kii Prem Kahaani box office collection: Ranveer Singh and Alia Bhatt's film witnesses growth on day 2
ৰকি অৰ ৰাণী কি প্ৰেম কাহানী

চিটাৰা ডেস্ক, 30 জুলাই: এই শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিছে কৰণ জোহৰৰ ছবি 'ৰকি অৰ ৰাণী কি প্ৰেম কাহানি'। ছবিখনত আলিয়া ভাট আৰু ৰণবীৰ সিঙৰ যুটি সকলোৱে পছন্দ কৰিছে ৷ প্ৰথম দিনাই ছবিখনে বক্স অফিচত দেখুৱাইছে ভাল ফলাফল ৷ অৱশ্যে এতিয়া ছবিখনৰ দ্বিতীয় দিনৰ উপাৰ্জনৰ কথাও চৰ্চালৈ আহিছে ।

দ্বিতীয় দিনা ছবিখনে কিমান উপাৰ্জন কৰিছে ?

৭ বছৰীয়া ‘এ দিল হে মুশ্বকিল’ৰ অন্তত এই ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে পুনৰ আগমন ঘটিছে কৰণ জোহৰৰ । এই ছবিখনেৰে কৰণ জোহৰৰ কামবেক সফল বুলি ক’লেও ভুল নহ’ব ৷ প্ৰথম দিনাই ছবিখনে ১১.১০ কোটি টকা উপাৰ্জন কৰে । আনহাতে, দ্বিতীয় দিনা ছবিখনে ১৬ কোটি টকা উপাৰ্জন কৰিছে । সমান্তৰালকৈ কৰণ জোহৰৰ কামবেক সফল বুলি বিবেচিত হৈছে । এতিয়ালৈকে ছবিখনৰ মুঠ উপাৰ্জন হৈছে ২৭.১০ কোটি টকা ।

উইকেণ্ডত ছবিখনে ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে

১৬০ কোটি টকাৰ বাজেটত নিৰ্মিত ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানি’ এতিয়ালৈকে ভাল উপাৰ্জন কৰিছে যদিও এই উপাৰ্জন আশা কৰা ধৰণে হোৱা নাই । একে সময়তে জল্পনা-কল্পনা চলি আছে যে এই ছবিখনে দেওবাৰে যিহেতু উইকেণ্ডৰ সুবিধা পাব সেয়াহে, এতিয়া লক্ষণীয় হ’ব যে ছবিখনে উইকেণ্ডত কিমান উপাৰ্জন কৰে ।

ছবিখনৰ কাহিনী কি ?

  • " class="align-text-top noRightClick twitterSection" data="">

ৰণবীৰ সিং আৰু আলিয়া ভাটৰ উপৰিও ধৰ্মেন্দ্ৰ, শবানা আজমী আৰু জয়া বচ্চনকো ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ ছবিত মুখ্য চৰিত্ৰত দেখা পোৱা গৈছে । সমগ্ৰ দেশৰ ৩২০০ ৰো অধিক পৰ্দাত মুক্তি লাভ কৰিছে ছবিখন । ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে ইগৰাকী সিগৰাকীৰ পৰা সম্পূৰ্ণ পৃথক যদিও প্ৰেমত পৰা এটি যুটীৰ কাহিনী । অৱশ্যে দুয়োৰে বিবাহত বহু সমস্যাৰ সৃষ্টি হয় ৷ ছবিখনত ৰণবীৰ সিঙে ৰকি ৰন্ধাৱা নামৰ এজন ডেছিং পাঞ্জাবী ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিছে । আনহাতে আলিয়া ভাটক দেখা গৈছে বাঙালী টিভিৰ সাংবাদিক ৰাণী চেটাৰ্জীৰ চৰিত্ৰত ।

লগতে পঢ়ক: Alia Bhatt : ৰকি অউৰ ৰাণী ছবিখনে ভংগ কৰিব পাৰিব নে আলিয়াৰ এই ৫ খন শীৰ্ষ অ’পেনাৰ ছবিৰ অভিলেখ ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.