ETV Bharat / entertainment

Akshay Kumar: ৰাজীৱ ভাটিয়া কেনেকৈ হ’ল অক্ষয় কুমাৰ ? জানক অক্ষয় কুমাৰৰ সৈতে জড়িত কিছু আমোদজনক কাহিনী - অক্ষয় কুমাৰ

বলীউডৰ খিলাড়ি কুমাৰ অৰ্থাৎ অক্ষয় কুমাৰৰ প্ৰকৃত নাম ৰাজীৱ ভাটিয়া । কিন্তু অক্ষয়ে কিয় সলনি কৰিছিল নিজৰ নাম জানেনে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Real reason behind Akshay Kumar changing his name from Rajiv Bhatia
অক্ষয় কুমাৰে নিজৰ প্ৰকৃত নাম সলনি কৰা কাৰণ
author img

By

Published : Jul 23, 2023, 11:22 AM IST

চিটাৰা ডেস্ক, 23 জুলাই: বলীউড ছবি জগতত এটা সময় এনেকুৱাও আছিল যে অভিনেতাসকলে তাৰকা হোৱাৰ পূৰ্বে নিজৰ নাম সলনি কৰিছিল, সেয়া দিলীপ কুমাৰেই হওক অথবা মধুবালা হওক, জীতেন্দ্ৰ হওক বা ৰাজেশ খান্নাই হওক, এই সকলো তাৰকাই সলনি কৰিছিল নিজৰ প্ৰকৃত নাম ৷ অৱশ্যে নাম সলনি কৰি বলীউডত হিট বুলি প্ৰমাণিত হৈছিল এইসকল তাৰকা । ইয়াৰ পিচত অহা বহু তাৰকাই এই ধাৰা অনুসৰণ কৰি নাম সলনি কৰি হিট হৈ পৰিছিল বলীউডত । এই তালিকাত নাম অন্তৰ্ভুক্ত আছে বলীউডৰ খিলাড়ি কুমাৰ অৰ্থাৎ অক্ষয় কুমাৰৰ ।

আচলতে অক্ষয় কুমাৰৰ আচল নাম ৰাজীৱ ভাটিয়া । কিন্তু ৰাজীৱ ভাটিয়াৰ পৰা কেনেকৈ হৈছিল অক্ষয় কুমাৰ ? অভিনেতাগৰাকীৰ নাম সলনিৰ সংযোগ ৯০ দশকৰ নায়ক কুমাৰ গৌৰৱৰ সৈতে আছে ।

কেনেকৈ ৰাজীৱ ভাটিয়া হ’ল অক্ষয় কুমাৰ ?

অক্ষয় কুমাৰৰ নামৰ পূৰ্বে আছিল ৰাজীৱ হৰি ওম ভাটিয়া । মুম্বাইলৈ আহি তেওঁ ইয়াতেই মাৰ্শ্বাল আৰ্টৰ শিক্ষকৰ কাম কৰিছিল । ইয়াৰ পিচত অক্ষয় মডেলিঙৰ কামতো ব্যস্ত হৈ পৰিছিল । কিন্তু ইয়াৰ পিচতে সলনি হ’ল অক্ষয়ৰ ভাগ্য ৷ কিয়নো পৰিচালক মহেশ ভাটক তেওঁৰ ছবি ‘আজ’ৰ এটা দৃশ্যৰ বাবে কাৰাটে প্ৰশিক্ষকৰ প্ৰয়োজন হ’ল । এই ভূমিকা আছিল মাত্ৰ কেইছেকেণ্ডমানৰ বাবে । ভাটিয়াৰ ছবিখনত অভিনয় কৰাৰ হেঁপাহ আছিল, সেয়েহে অক্ষয়ে এই ভূমিকাত সন্মতি দিছিল । অৱশ্যে এই ছবিখন বক্স অফিচত অসফল বুলি প্ৰমাণিত হ’ল যদিও ই ৰাজীৱ ভাটিয়াৰ সমগ্ৰ জীৱন সলনি কৰাৰ দিশ ৰূপে পৰিগণিত হ’ল ৷ ‘আজ’ৰ শ্বুটিঙৰ সময়তে তেওঁ নিজৰ নাম সলনি কৰি অক্ষয় কুমাৰ কৰি লোৱাৰ সিদ্ধান্ত লয় ।

অক্ষয় কুমাৰৰ নাম সলনি কৰা কাৰ্যত কুমাৰ গৌৰৱৰ সৈতে সম্পৰ্ক আছে

এবাৰ সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত অক্ষয় কুমাৰে ‘আজ’ ছবিখনত তেওঁৰ ৪.৫ ছেকেণ্ডৰ ভূমিকা থকা বুলি প্ৰকাশ কৰে । তেওঁ সেই সময়ত গৌৰৱ কুমাৰৰ অভিনয় দেখিছিল, ছবিখনত কুমাৰৰ নাম অক্ষয় আছিল । অক্ষয় কুমাৰৰ এই নামটো ইমানেই পছন্দ হ’ল যে এদিন আদালতলৈ গৈ তেওঁ নিজৰ নাম সলনি কৰাৰ সিদ্ধান্ত লয় আৰু কথা মতেই কাম ৷ অভিনেতাগৰাকীয়ে ক’লে, " মই মাত্ৰ নাম সলনি কৰিব বিচাৰিছিলো আৰু মই বান্দ্ৰা ইষ্ট ক’ৰ্টলৈ গৈ অৱশেষত সেয়া কৰিলোঁ । প্ৰমাণ হিচাপে মোৰ হাতত সকলো প্ৰমাণপত্ৰ আছে ।"

বহু হিট ছবি উপহাৰ দিছে অক্ষয় কুমাৰে

অভিনেতাগৰাকীৰ মতে তেওঁ ভাগ্যৱান আছিল আৰু তাৰ পিচত তেওঁ ছবি লাভ কৰিবলৈ আৰম্ভ কৰে ৷ অৱশেষত তেওঁ ১৯৯১ চনত সৌগন্ধৰ সৈতে মুখ্য চৰিত্ৰত আত্মপ্ৰকাশ কৰে । কিন্তু ১৯৯২ চনত ছাচপেন্স ফ্লিক ‘খিলাড়ি’ ছবিখনৰ জৰিয়তে সফলতা লাভ কৰিছিল । যাৰ বাবেই অক্ষয়ক খিলাড়ি কুমাৰ বুলি কোৱা হয় ৷ অক্ষয় কুমাৰে অতি সোনকালেই ‘দীদাৰ’, ‘মোহৰা’, ‘মে খিলাড়ি তু অনাৰি’, ‘সুহাগ’ আৰু ‘খিলাড়িয় কা খিলাড়ি’ আদি ছবিৰে একচন হিৰো হিচাপে নিজৰ নাম উজলাবলৈ সক্ষম হয় ।

লগতে পঢ়ক: Oppenheimer BOC Day 2: মুক্তিৰ দ্বিতীয় দিনা নিজৰে অভিলেখ ভংগ কৰিলে অপেনহাইমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.