ETV Bharat / entertainment

Ranveer-Deepika's new home: মুম্বাইত কোটিটকীয়া ঘৰ কিনি শ্বাহৰুখৰ চুবুৰীয়া হ’ল DeepVeer

বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু দীপিকা পাডুকনে মুম্বাইৰ অভিজাত এলেকাত ১১৯ কোটি টকাৰ এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছে । অভিনেতাজনে ৰাজহ বিভাগক ৭.১৩ কোটি টকাৰ ষ্টাম্প শুল্ক পৰিশোধ কৰিছে ।

author img

By

Published : Jul 11, 2022, 3:12 PM IST

DeepVeer
মুম্বাইত কোটিটকীয়া ঘৰ কিনি শ্বাহৰুখৰ ওচৰ চুবুৰীয়া হ’ল DeepVeer

চিটাৰা ডেস্ক, 11 জুলাই : বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতি দীপিকা-ৰণবীৰে মুম্বাইত এটা বিলাসী ঘৰ ক্ৰয় কৰিছে (Ranveer singh Deepika padukone latest updates) । মুম্বাইৰ বান্দ্ৰাৰ অভিজাত এলেকাত অৱস্থিত টাৱাৰ 'সাগৰ ৰেশম'ত এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছে দীপিকা-ৰণবীৰে, যাৰ মূল্য 119 কোটি টকা । এই ঘৰটোৰ বিশেষ কথাটো হ'ল যে টাৱাৰটো চুপাৰষ্টাৰ ছলমান খান আৰু শ্বাহৰুখ খানৰ বাংলোৰ মাজত অৱস্থিত (Ranveer singh deepika home mumbai) । DeepVeer এতিয়া দুই খান চুপাৰষ্টাৰৰ চুবুৰীয়া হৈ পৰিল ।

ৰণবীৰ-দীপিকাৰ এপাৰ্টমেণ্টটো 16, 17, 18 আৰু 19 মহলাত অৱস্থিত । ইয়াৰ মুঠ কাৰ্পেট এলেকা 11,268 বৰ্গফুট, লগতে 1,300 বৰ্গ ফুটৰ এক বিশেষ চাদ আছে । ৰণবীৰ দীপিকাই এই নতুন ঘৰৰ পৰা সাগৰৰ এক চমৎকাৰ আৰু সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব ।

অভিনেতাজনে ৰাজহ বিভাগক ৭.১৩ কোটি টকাৰ ষ্টাম্প শুল্ক পৰিশোধ কৰিছে । কৰ্মক্ষেত্ৰৰ বিষয়ে ক'বলৈ গ'লে, ৰণবীৰক 'জয়েশভাই জোৰ্দাৰ'ত দেখা গৈছিল । পৰৱৰ্তী সময়ত তেওঁক ৰোহিত চেট্টীৰ 'চাৰ্কাছ' আৰু কৰণ জোহৰৰ 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত দেখিবলৈ পোৱা যাব, য'ত তেওঁৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনেত্ৰী আলিয়া ভাটে অভিনয় কৰিছে ।
লগতে পঢ়ক : প্ৰিয়ংকা আলিয়াৰ পিছত এইবাৰ হলীউডলৈ বুলি ওলাল জেকলিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.