চিটাৰা ডেস্ক, 25 অক্টোবৰ: মঙলবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ল দশমী ৷ দশমীত মা দুৰ্গাৰ ভক্তিত মগ্ন দেখা গ’ল ভক্তগণক । সমগ্ৰ দেশতে উদযাপন কৰা হৈছে দুৰ্গা পূজাৰ উৎসৱ । বিশেষকৈ পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰত ধুম-ধামেৰে উদযাপনত কৰা হৈছে এই উৎসৱ ৷ বিজয়াদশমীৰ পবিত্ৰ উৎসৱত মা দুৰ্গাৰ ভক্তিত মন্ত্ৰমুগ্ধ হোৱা দেখা গ’ল বলীউডৰ তাৰকাসকলক । বিজয়াদশমী উপলক্ষে ৰাণী মুখাৰ্জী, তনিষা মুখাৰ্জী, ৰূপালী গাংগুলী, সুমোনা চক্ৰৱৰ্তী আদি বহু অভিনেত্ৰীক মা দুৰ্গাৰ ৰঙৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে আৰম্ভণিৰে পৰাই প্ৰতিদিনে নৱৰাত্ৰি উদযাপন কৰা দেখা গৈছে ৰাণী মুখাৰ্জীক । বিজয়াদশমীতো পৰম্পৰাগত সাজত দেখা গৈছিল ৰাণীক । অভিনেত্ৰীগৰাকীয়ে সেন্দুৰ লগাই অতিথিসকলক আদৰণি জনাইছিল আৰু তেওঁকো সেন্দুৰে লগাই থকা দেখা গৈছিল । এই সময়চোৱাত ৰাণীয়ে আনন্দ মনেৰে সেন্দুৰ খেলা দেখা গ’ল । অভিনেত্ৰীগৰাকীয়ে লগতে নৃত্যও কৰা পৰিলক্ষিত হয় । পূজাৰ মণ্ডপৰ পৰা তেওঁৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।
দুৰ্গা পূজাত দেখা গৈছে ৰাণীৰ বঙালী ৰূপ
ৰাণীৰ লুকৰ কথা ক’বলৈ গ’লে সোণালী আৰু ৰঙা ৰঙৰ এম্ব্ৰয়ডাৰী ৰেচমৰ শাৰী পৰিধান কৰিছিল । সম্পূৰ্ণ বঙালী ষ্টাইলেৰে শাৰী পৰিধান কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ লগতে হাতত বেংগল আৰু কাণত ডাঙৰ ডাঙৰ সোণালী ষ্টড পৰিধান কৰিছিল । লগতে ৰাণীয়ে কপালত ৰঙা বিন্দি লগাই নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ।
দুৰ্গা পূজা উদযাপন অনুষ্ঠানত উপস্থিত হৈছিল বহু চেলিব্ৰিটি
বিজয়দশমীৰ সময়ত ৰাণী মুখাৰ্জীকো নিজৰ খুড়ায়েকৰ সৈতেও নৃত্য কৰা দেখা গৈছিল ৷ ইফালে এই উৎসৱত কাজলৰ ভগ্নী তথা অভিনেত্ৰী তনিষা মুখাৰ্জী, টেলিভিজন অভিনেত্ৰী ৰূপালী গাংগুলী, ইশিতা দত্ত, তনুশ্ৰী দত্ত, সুমোনা চক্ৰৱৰ্তীকো বঙালী সাজ পাৰ পৰিধান কৰি উপস্থিত হোৱা দেখা গৈছিল ।