ETV Bharat / entertainment

ছবিগৃহত মুক্তিৰ লগে লগে আলোড়নৰ সৃষ্টি কৰিছে এনিমেলে - ছবি এনিমেল

Animal Movie Release: ২০২৩ বৰ্ষৰ আটাইতকৈ প্ৰত্যাশিত ছবি এনিমেল আজি ছবিগৃহত মুক্তি পালে । এই ছবিখনৰ সৈতে জড়িত কিছু কথা জানি লওক এই প্ৰতিবেদনত ।

Ranbir Kapoor's Animal finally released in theatres
আজি ছবিগৃহত মুক্তি পালে এনিমেল
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 9:39 AM IST

চিটাৰা ডেস্ক, ১ ডিচেম্বৰ: ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবি হিচাপে পৰিগণিত হৈছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ । অৱশেষত আজি ছবিগৃহত মুক্তি পালে এই ছবিখন । অৱশ্যে সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত বিকি কৌশল অভিনীত 'ছেম বাহাদুৰ'ৰ সৈতে সংঘৰ্ষ কৰিব লাগিব । কিয়নো আজি অৰ্থাৎ একেদিনাই মুক্তি লাভ কৰিছে এনিমেল আৰু ছেম বাহাদুৰ ৷ অৱশ্যে ছেম বাহাদুৰতকৈ বহু গুণে আগবাঢ়ি আছে এনিমেল । এনে পৰিস্থিতিত মুক্তিৰ প্ৰথম দিনাই ছবিগৃহত দৰ্শকৰ বিপুল জনসমাগম দেখিবলৈ পোৱা গৈছে ।

অগ্ৰিম বুকিঙৰ পৰাই কোটি কোটি টকা উপাৰ্জন কৰিলে এনিমেলে

‘এনিমেল’ৰ ট্ৰেইলাৰ, গীত আৰু পোষ্টাৰ মুক্তি পোৱাৰ পিচৰে পৰা ছবিখনক লৈ অনুৰাগীৰ মাজত যথেষ্ট উন্মাদনা দেখা পোৱা গৈছিল । সেয়েহে, ছবিখনৰ প্ৰথম দিনটোৰ বাম্পাৰ অগ্ৰিম বুকিং কৰা হৈছে । আচলতে ‘এনিমেল’ মুক্তিৰ ৬ দিন আগতেই অগ্ৰিম বুকিং আৰম্ভ হৈছিল ৷ যাৰ বাবে ছবিখনৰ বাম্পাৰ প্ৰি-টিকট বিক্ৰী হৈছিল । উপাৰ্জনৰ কথা ক’বলৈ গ’লে মুক্তিৰ পূৰ্বেই ‘এনিমেল’এ প্ৰি-টিকট বিক্ৰীত ২০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে । অগ্ৰিম বুকিঙৰ উপাৰ্জনৰ প্ৰতি চালে ক’ব পাৰি যে আজিৰ দিনটোত বক্স অফিচত বহু অভিলেখ ভংগ কৰিব পাৰে এনিমেলে ।

‘এনিমেল’এ বিশ্বজুৰি ১০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিব পাৰে

Sacknilk ৰ এক প্ৰতিবেদন অনুসৰি অগ্ৰিম বুকিং ট্ৰেণ্ড বিবেচনা অনুসৰি এনিমেলে বিশ্বব্যাপী বক্স অফিচত ১০০ কোটিতকৈ অধিক টকাৰ উপাৰ্জনেৰে মুকলি হোৱাৰ সম্ভাৱনা আছে । মন কৰিবলগীয়া যে এনিমেলে ‘এ’ প্ৰমাণপত্ৰ লাভ কৰিছে আৰু ইয়াৰ ৰানটাইম ২০৩ মিনিট । কিন্তু ‘এ’ চাৰ্টিফিকেট আৰু ৩ ঘণ্টাৰো অধিক সময় থকাৰ পিচতো ছবিখনক লৈ মানুহৰ মাজত ব্যাপক উচাহ দেখা পোৱা গৈছে ।

সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰিছে ‘এনিমেল’

উল্লেখ্য যে ‘এনিমেল’ পৰিচালনা কৰিছে সন্দীপ ৰেড্ডী ভাংগাই । ৰণবীৰ কাপুৰৰ উপৰিও ৰশ্মিকা মন্দন্না, অনিল কাপুৰ, ববি দেওল, শক্তি কাপুৰ, সুৰেশ ওবেৰয়কে ধৰি বহু অভিনেতাই এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ১ ডিচেম্বৰত অৰ্থাৎ আজি হিন্দী, তামিল, তেলুগু, কানাড়া আৰু মালয়ালম ভাষাত ছবিগৃহত মুক্তি লাভ কৰিছে ।

লগতে পঢ়ক: 1 ডিচেম্বৰত এনিমেলৰ শুভমুক্তি, মুকলিৰ দিনটোত এনিমেলে ভংগ কৰিব উপাৰ্জনৰ অভিলেখ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.