চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ : বলীউডত সঁচাকৈয়ে কু-দৃষ্টি পৰিছে ৷ নিৰ্মাণ হোৱা প্ৰতিখন ছবিকলৈয়ে তীব্ৰ বিৰোধিতা চলাই থকা হৈছে । আমীৰ খানৰ ‘লাল সিং চাড্ডাা’ আৰু বিজয় দেৱেৰাকোণ্ডাৰ ‘লাইগাৰ’ ছবিখনৰ পিছত 400 কোটি টকাৰ বাজেটত নিৰ্মিত বহু প্ৰতীক্ষিত ছবি ‘ব্ৰহ্মাস্ত্ৰ’ই ছ’চিয়েল মিডিয়াত খাইছে মুখ থেকেচা ।
-
#BoycottBrahmastra pic.twitter.com/23MOsi2rZV
— Deepak Yadav (@DeepakY59523737) August 29, 2022 " class="align-text-top noRightClick twitterSection" data="
">#BoycottBrahmastra pic.twitter.com/23MOsi2rZV
— Deepak Yadav (@DeepakY59523737) August 29, 2022#BoycottBrahmastra pic.twitter.com/23MOsi2rZV
— Deepak Yadav (@DeepakY59523737) August 29, 2022
কালি নিশা মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত ব্ৰহ্মাস্ত্ৰ চিনেমাখনৰ মুখ্য তাৰকাদ্বয় ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশই । পৰিস্থিতি দেখি আশীৰ্বাদ ল’বলৈ যোৱা ৰণবীৰ-আলিয়াই মন্দিৰত প্ৰৱেশ নকৰাকৈয়ে ৰাইজে নেদেখাকৈ উভতি আহিব লগা হয় । আচলতে 11 বছৰ পূৰ্বে ৰণবীৰ কাপুৰে গো-মাংসক লৈ এটা মত দিছিল, যাৰ প্ৰতিবাদস্বৰূপে বজৰং দলে ৰণবীৰ আৰু আলিয়াক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিলে । ৰণবীৰ কাপুৰে গো-মাংসক লৈ কি বিবৃতি দিছিল জানো আহক ।
গো-মাংসক লৈ ৰণবীৰ কাপুৰৰ 11 বছৰীয়া বক্তব্য
মহাকালেশ্বৰ মন্দিৰত হুলস্থুলীয়া পৰিস্থিতিৰ তেতিয়া সৃষ্টি হ’ল যেতিয়া ৰণবীৰ কাপুৰে গো-মাংসক লৈ দিয়া বক্তব্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰিলে (Ranbir Kapoor statement on Beef) । সংবাদ মাধ্যমৰ মতে, এই ভিডিঅ’টোত দেখা গৈছে যে এটা সাক্ষাৎকাৰত ৰণবীৰ কাপুৰে কয়, ‘I am a Big Beef Boy’ । এই ভিডিঅ’টো 11 বছৰ পুৰণি । ৰণবীৰ কাপুৰে কৈছিল যে তেওঁ মাটন, পায়া, ৰঙা মাংসও ভাল পায় । ৰণবীৰে কৈছিল, ‘মই গো-মাংস খাই বহুত ভাল পাওঁ আৰু হাঁহো’।
-
#BoycottBrahmastra #Bycottbollywood #ByCottLalSinghChadha https://t.co/30yf6OGy6y
— Lion RD (@Lion_Rahulbhai) August 29, 2022 " class="align-text-top noRightClick twitterSection" data="
">#BoycottBrahmastra #Bycottbollywood #ByCottLalSinghChadha https://t.co/30yf6OGy6y
— Lion RD (@Lion_Rahulbhai) August 29, 2022#BoycottBrahmastra #Bycottbollywood #ByCottLalSinghChadha https://t.co/30yf6OGy6y
— Lion RD (@Lion_Rahulbhai) August 29, 2022
কিন্তু কিছুমানে কৈছে যে পুৰণি ভিডিঅ’টোক লৈ তেওঁৰ বক্তব্যৰ কিছু অংশ খেলি মেলিকৈ সংযোগ কৰি ভিডিঅ’টো নতুনকৈ সম্পাদনা কৰা হৈছে । কিন্তু ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত মানুহে এতিয়া তাকে লৈ #BoycottBrahmastra ট্ৰেণ্ড আৰম্ভ কৰিছে ৷
#BoycottBrahmastra Trend
বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত ‘ব্ৰহ্মাস্ত্ৰ’ সন্দৰ্ভত এক বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । এতিয়া ৰণবীৰৰ এই সাক্ষাৎকাৰটোক লক্ষ্য কৰি তেওঁৰ ওপৰত তীক্ষ্ণ মিম বনোৱা হৈছে । ছবিখনৰ বিৰোধিতাও কৰিছে লগতে ট্ৰ’ল কৰা সকলে । এতিয়া #BoycottBrahmastra ছ‘চিয়েল মিডিয়াত দ্ৰুতগতিত ট্ৰেণ্ড কৰি আছে ।
-
#BoycottBrahmastra Feeling sad when @ssrajamouli promoting this type of actor movie who loves to eat beef ..He is big beef guy #BoycottSSRajamouli pic.twitter.com/fhUuB7tjtw
— Gaurav Sharma (@gousi007) August 29, 2022 " class="align-text-top noRightClick twitterSection" data="
">#BoycottBrahmastra Feeling sad when @ssrajamouli promoting this type of actor movie who loves to eat beef ..He is big beef guy #BoycottSSRajamouli pic.twitter.com/fhUuB7tjtw
— Gaurav Sharma (@gousi007) August 29, 2022#BoycottBrahmastra Feeling sad when @ssrajamouli promoting this type of actor movie who loves to eat beef ..He is big beef guy #BoycottSSRajamouli pic.twitter.com/fhUuB7tjtw
— Gaurav Sharma (@gousi007) August 29, 2022
ছবিখনত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ উপৰিও অমিতাভ বচ্চন, দক্ষিণ চলচ্চিত্ৰ জগতৰ চুপাৰষ্টাৰ নাগাৰ্জুনা, শ্বাহৰুখ খান (কেমিঅ’) আৰু মৌনী ৰয়ক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব । ছবিখনৰ পৰিচালনা কৰিছে ৰণবীৰ কাপুৰৰ বন্ধু অয়ন মুখাৰ্জীয়ে ।
ছবিখনৰ মুক্তিৰ বাবে আৰু 2 দিন বাকী আছে, অৰ্থাৎ 9 ছেপ্টেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰিব ছবিখনে । এতিয়া লক্ষণীয় হ’ব বক্স অফিচত ৰণবীৰ-আলিয়াৰ অভিনীত ছবিখনে কিদৰে সঁহাৰি লাভ কৰে ।
লগতে পঢ়ক : ৰণবীৰৰ সৈতে ব্ৰহ্মাস্ত্ৰৰ প্ৰমোচনৰ সময়ত semi sheer topত দেখা গ’ল আলিয়াৰ baby bump