ETV Bharat / entertainment

Ranbir Kapoor: কৃতি সেননৰ সৈতে ৰূপালী পৰ্দাত একেলগে কাম কৰাৰ ইচ্ছা ৰণবীৰ কাপুৰৰ

টু ঝুঠি মে মক্কাৰ ছবিখনৰ প্ৰচাৰ কৰিবলৈ যোৱা ৰণবীৰ কাপুৰক প্ৰশ্ন কৰা হৈছিল যে তেওঁ পৰৱৰ্তী সময়ত কোন অভিনেতা আৰু অভিনেত্ৰীৰ সৈতে কাম কৰিব বিচাৰে । অভিনেতাগৰাকীয়ে উত্তৰত কৃতি সেননৰ সৈতে কাম কৰিব বিচাৰে বুলি উল্লেখ কৰে (Ranbir Kapoor) ৷

author img

By

Published : Mar 9, 2023, 5:31 PM IST

Ranbir Kapoor wishes to work with Kriti Sanon
কৃতি সেননৰ সৈতে কাম কৰাৰ ইচ্ছা ৰণবীৰৰ

চিটাৰা ডেস্ক, 9 মাৰ্চ: কৃতি সেননৰ সৈতে ৰূপালী পৰ্দাত কাম কৰিবলৈ আগ্ৰহী বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ । শেহতীয়াকৈ অভিনেতাগৰাকীৰ ছবি টু ঝুঠি মে মক্কাৰৰ প্ৰচাৰৰ সময়ত ৰণবীৰে পৰৱৰ্তী সময়ত কোনগৰাকী অভিনেতা-অভিনেত্ৰীৰ সৈতে কাম কৰিব বিচাৰে বুলি সাংবাদিকে এক প্ৰশ্ন কৰিছিল ৷ সাংবাদিকে সোধা এই প্ৰশ্নৰ উত্তৰত অভিনেতাজনে কৃতি সেননৰ সৈতে একেলগে এখন ছবিত কাম কৰিব বিচাৰে বুলি উল্লেখ কৰে (Ranbir Kapoor wishes to work with Kriti Sanon) ।

উল্লেখ্য যে, লুভ ৰঞ্জনৰ পৰিচালনাত নিৰ্মিত টু ঝুঠি মে মক্কাৰৰ চিত্ৰগ্ৰহণ মৰিচাছ, স্পেইন, দিল্লী, আৰু মুম্বাইত কৰা হৈছিল । ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰে একেলগে ছবিখনত প্ৰথমবাৰ অভিনয় কৰিছে, লগতে অনুভৱ সিং বছি, ডিম্পল কাপাডিয়া আৰু বনী কাপুৰে গুৰুত্বপূৰ্ণ সহযোগী চৰিত্ৰত অভিনয় কৰিছে (Bollywood actor Ranbir Kapoor) ।

উল্লেখ্য যে, পেছাদাৰী দিশত অভিনেত্ৰী কৃতি বৰ্তমান দুখন ব্লকবাষ্টাৰ ছবিৰ বাবে সাজু হৈছে ৷ জুন মাহত মুক্তি লাভ কৰিব প্ৰভাসৰ সৈতে ওম ৰাউটৰ দ্বাৰা পৰিচালিত পৌৰাণিক নাটক আদিপুৰুষ আৰু অক্টোবৰ মাহত মুক্তি লাভ কৰিব টাইগাৰ শ্ৰফৰ সৈতে বিকাশ বাহলৰ গণপথ । তদুপৰি "দ্য ক্ৰু" ছবিখনত কাম কৰাৰ লগতে আৰু শ্বাহিদ কাপুৰৰ সৈতে এখন শিৰোনামহীন ছবিত কাম কৰি আছে কৃতিয়ে (Shraddha Kapoor) ।

ইফালে লুভ ৰঞ্জনৰ ছবিখনক টুইটাৰযোগে ব্যাপক সঁহাৰি প্ৰদান কৰিছে নেটিজেনে (Tu Jhoothi Main Makkar) ৷ এই ছবিখনৰ সমৰ্থনত বহু লোকে ইতিমধ্যেই নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷ টু ঝুঠি মে মক্কাৰৰ প্ৰাৰম্ভিক সমালোচনা ইতিবাচক পৰিলক্ষিত হৈছে (Tu Jhoothi Main Makkaar promotion) ৷ মুকলিৰ প্ৰথম দিনা আৰু দ্বিতীয় দিনাৰ বক্স অফিচৰ সংগ্ৰহে ছবিখনৰ সফলতাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ সম্ভাৱনাই অধিক ৷

ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে টিজেএমএমক ৰোমান্টিক কমেডী আৰু পাৰিবাৰিক ছবিৰ আদৰ্শ মিশ্ৰণ হিচাপে প্ৰশংসা কৰিছে । টুইটাৰতো বহুতে ছবিখনত কমিক টাইমিংৰ বাবে ৰণবীৰক প্ৰশংসা কৰি চৰিত্ৰৰ ক্ৰেডিট কৰা বুলিও জানিব পৰা গৈছে । আন একাংশই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰণবীৰ আৰু শ্ৰদ্ধাক নেপটিজিমৰ দোহাই দি কয়, “সকলো নেপটিজিমৰ সামগ্ৰী বেয়া নহয়”।

লগতে পঢ়ক: Tu Jhoothi Main Makkar day 1 collection: প্ৰথম দিনা বক্স অফিচত কিমান সংগ্ৰহ কৰিলে TJMM য়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.