ETV Bharat / entertainment

Brahmastra: শ্বমছেৰাৰ ব্যৰ্থতা সন্দৰ্ভত মুখ খুলিলে ৰণবীৰে

author img

By

Published : Sep 8, 2022, 1:27 PM IST

Updated : Sep 8, 2022, 1:41 PM IST

ৰণবীৰ কাপুৰে তেওঁৰ শেহতীয়া ছবি শ্বমছেৰা ব্যৰ্থ হোৱাৰ কাৰণ প্ৰকাশ কৰে ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰ অভিযানৰ সময়ত (Brahmastra Promotion) । ৰণবীৰে স্পষ্টকৈ ক’লে যে শ্বমছেৰা ছবিখনে কিয় আকৰ্ষণ কৰিব নোৱাৰিলে দৰ্শকক ।

Ranbir kapoor
শ্বমছেৰাৰ ব্যৰ্থতা সন্দৰ্ভত মুখ খুলিলে ৰণবীৰ কাপুৰে

চিটাৰা ডেস্ক, 8 ছেপ্টম্বৰ : বয়কট ট্ৰেণ্ডৰ মাজতে পূৰাদমে ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰচাৰ চলাইছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ৷ বহু প্ৰতীক্ষিত ছবি ব্ৰহ্মাস্ত্ৰও সাৰি যোৱা নাই বলীউড বয়কট ট্ৰেণ্ডৰ পৰা ৷ শেহতীয়াকৈ মহাকালেশ্বৰ মন্দিৰলৈ আশীৰ্বাদ বিচাৰি যোৱা ৰণবীৰ আলিয়াক মন্দিৰ দৰ্শন কৰিবলৈ নিদিলে বজৰং দলে ৷

ব্ৰহ্মাস্ত্ৰ ৰণবীৰ আলিয়াৰ প্ৰথমখন যুটীয়া ছবি ৷ চলচ্চিত্ৰ নিৰ্মাতা অয়ন মুখাৰ্জীৰ ই এটা দীৰ্ঘদিনীয়া সপোন ৷ বছৰ বছৰ ধৰি ছবিখন নিৰ্মাণৰ কাম চলি আছিল ৷ এই ছবিখনৰ ছেটতেই প্ৰেমত পৰিছিল ৰণবীৰ আলিয়া ৷ সেই প্ৰেমেই চলিত বছৰত বিবাহৰ ৰূপত পূৰ্ণতা লাভ কৰে ৷ এতিয়া ছবিখনৰ মুক্তিৰ বাবে মাজত মাথো এটা দিন বাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ মুক্তিৰ লগতে যিমান উৎসুক সিমানেই নাৰ্ভাছ হৈ আছে ছবিখনৰ সৈতে জড়িত প্ৰতিজন কৰ্মকৰ্তা ৷ ইমান বাধা বিঘিনিৰ মাজতো পাৰ্যমানে চলাই গৈছে ছবিখনৰ প্ৰচাৰ ৷ প্ৰচাৰ অভিযানত নানা প্ৰশ্নৰ সন্মুখীন হৈছে তাৰকাসকল ৷ ৰণবীৰ কাপুৰক তেওঁৰ শেহতীয়া ছবি শ্বমছেৰা ফ্লপ হোৱা সন্দৰ্ভত প্ৰশ্ন সোধা হয় ব্ৰহ্মাস্ত্ৰৰ প্ৰচাৰ অভিযানত ৷ প্ৰথমবাৰৰ বাবে নীৰৱতা ভংগ কৰিলে শ্বমছেৰা সন্দৰ্ভত ৰণবীৰ কাপুৰে ৷

কিয় ফ্লপ হ'ল 'শ্বমছেৰা'

দিল্লীত প্ৰচাৰৰ সময়ত ৰণবীৰ কাপুৰে শ্বমছেৰাৰ দুৰ্বল কাহিনীক ছবিখন ফ্লপ হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হিচাপে উল্লেখ কৰে । ৰণবীৰে কয় যে, "আমি যদিহে ছবিত চহকী কন্টেন্ট দিওঁ, তেতিয়াহে দৰ্শকক আকৰ্ষণ কৰিব পাৰিম ৷ আৱেগ, হাঁহি, কান্দোন ছবি এখনত দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ, যদি কন্টেন্টত এই সকলোবোৰ নাথাকে, তেন্তে ছবি এখন চলাটো কঠিন হৈ পৰে" ।

ব্ৰহ্মাস্ত্ৰত কি আছে বিশেষ

বলীউড বয়কটৰ বাবে মিশ্ৰিত অনুভৱত ভূগিছে সকলো ৷ আপোনালোকক জনাওঁ, ৰণবীৰ আৰু আলিয়াৰ বাবে এই ছবিখন অতি বিশেষ, কিয়নো এইখন তেওঁলোকৰ প্ৰথম যুটীয়া চিনেমা ৷ কিন্তু দৰ্শকৰ বাবে এই ছবিখন কিমান বিশেষ হ’ব সেই কথা আগন্তুক তিনিদিনতেই জানিব পৰা যাব । ৰণবীৰ-আলিয়াৰ অনুৰাগীসকলে অৱশ্যে বিগত 5 বছৰে এই ছবিখনৰ বাবে অপেক্ষা কৰি আছে ।

ছবিখনত ৰণবীৰ আলিয়াৰ লগতে অমিতাভ বচ্চন, নাগাৰ্জুনা, শ্বাহৰুখ খান, মৌনী ৰয়কে ধৰি বহুতো নামী-দামী তাৰকাক দেখিবলৈ পোৱা যাব (Brahmastra cast) ৷ 9 ছেপ্টেম্বৰত নিৰ্ধাৰিত হ’ব আলিয়া আৰু ৰণবীৰৰ ভাগ্য ।

লগতে পঢ়ক : 11 বছৰ পূৰ্বে গো-মাংসক লৈ কৰা মন্তব্যৰ বাবে মন্দিৰত প্ৰৱেশ কৰিব নিদিলে ৰণবীৰক

Last Updated : Sep 8, 2022, 1:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.