চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ: শেহতীয়াকৈ বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ, অনিল কাপুৰ আৰু ববি দেওলৰ অভিনীত একচন থ্ৰিলাৰ ছবি ‘এনিমেল’ৰ পৰা খলনায়কৰ ৰূপত ববী দেওলৰ ফাৰ্ষ্ট লুক প্ৰকাশ পাইছিল । ইয়াৰ পূৰ্বে ছবিখনৰ পৰা ৰশ্মিকা মান্দানা, ৰণবীৰ কাপুৰ আৰু অনিল কাপুৰৰ ফাৰ্ষ্ট লুক প্ৰকাশ পাইছিল ৷ ‘এনিমেল’ ছবিখনত অনিল কাপুৰে ৰণবীৰ কাপুৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিব ৷ ৰণবীৰ কাপুৰৰ আটাইতকৈ প্ৰত্যাশিত ছবিখনৰ বাবে বহুদিনৰে পৰা অপেক্ষা কৰি আছিল অনুৰাগীয়ে ৷ এতিয়া অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিব ৷ কিয়নো আজি মুকলি কৰা হৈছে ‘এনিমেল’ৰ টিজাৰ ৷ আজি ছবিখনৰ মুখ্য অভিনেতা ৰণবীৰ কাপুৰৰ ৪১ সংখ্যক জন্মদিন । অভিনেতাগৰাকীৰ জন্মদিনৰ এই বিশেষ ক্ষণত মুকলি কৰা হৈছে ছবিখনৰ টিজাৰ ৷
-
RANBIR KAPOOR: ‘ANIMAL’ TEASER IS HERE… This looks FANTASTIC… #RanbirKapoor and director #SandeepReddyVanga, this combo is sure to create HUNGAMA when #Animal releases.#BhushanKumar #MuradKhetani #AnimalTeaser#AnimalOn1stDec#AnimalTheFilm pic.twitter.com/8MpYgc2adX
— taran adarsh (@taran_adarsh) September 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">RANBIR KAPOOR: ‘ANIMAL’ TEASER IS HERE… This looks FANTASTIC… #RanbirKapoor and director #SandeepReddyVanga, this combo is sure to create HUNGAMA when #Animal releases.#BhushanKumar #MuradKhetani #AnimalTeaser#AnimalOn1stDec#AnimalTheFilm pic.twitter.com/8MpYgc2adX
— taran adarsh (@taran_adarsh) September 28, 2023RANBIR KAPOOR: ‘ANIMAL’ TEASER IS HERE… This looks FANTASTIC… #RanbirKapoor and director #SandeepReddyVanga, this combo is sure to create HUNGAMA when #Animal releases.#BhushanKumar #MuradKhetani #AnimalTeaser#AnimalOn1stDec#AnimalTheFilm pic.twitter.com/8MpYgc2adX
— taran adarsh (@taran_adarsh) September 28, 2023
দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে ‘অৰ্জুন ৰেড্ডী’ আৰু শ্বাহিদ কাপুৰৰ সৈতে ‘কবীৰ সিং’ নিৰ্মাণ কৰা পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই ছবিখন পৰিচালনা কৰিছে ।
এনিমেলৰ টিজাৰ অপৰাধমূলক
২.২৬ মিনিটৰ টিজাৰত দেখা গৈছে ৰণবীৰ কাপুৰ, ৰশ্মিকা, অনিল কাপুৰ আৰু ছবিখনৰ খলনায়ক ববি দেওলক । টিজাৰ আৰম্ভ হয় ৰণবীৰ আৰু ৰশ্মিকাৰ পৰা । ৰণবীৰৰ পিতৃৰ বিষয়ে ৰশ্মিকাই কিবা এটা প্ৰশ্ন কৰে, ইয়াৰ পিচতে খঙত অগ্নিশৰ্মা পৰে অভিনেতাগৰাকী । ইয়াৰ পিচত অনিল কাপুৰক দেখা গৈছে ৰণবীৰৰ পিতৃৰ চৰিত্ৰত আৰু মাতৃক তেওঁ কৈছে আমি এজন অপৰাধীক জন্ম দিছো ৷ টিজাৰত দেখা অনুসৰি বুজিব পাৰি যে ৰণবীৰ এজন ধনী পিতৃৰ পুত্ৰ, যি পিছলৈ অপৰাধীলৈ পৰিণত হয় । টিজাৰত কোনো একচন দেখুওৱা হোৱা নাই যদিও কিছুমান দৃশ্য আছে যিয়ে ছবিখন চাবলৈ বাধ্য কৰিব দৰ্শকক । একে সময়তে টিজাৰৰ শেষৰ দৃশ্যটোত ববি দেওলক দেখা গৈছে, য’ত তেওঁক এজন চাইকো খলনায়কৰ চৰিত্ৰত দেখা গৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ছবিখনৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই যোৱা ২৩ ছেপ্টেম্বৰত নিজৰ ইনষ্টাগ্ৰামত এনিমেল ছবিখনৰ পৰা ৰশ্মিকাৰ প্ৰথম লুক শ্বেয়াৰ কৰিছিল । প্ৰথম লুকত দেশী লুকত দেখা গৈছিল ৰশ্মিকাক । ৰশ্মিকাই পৰিধান কৰিছিল মেৰুণ আৰু ক্ৰীম ৰঙৰ শাৰী । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীৰ ডিঙিত মংগলসূত্ৰও দেখা পোৱা গৈছিল । ছবিখনত ৰশ্মিকাৰ চৰিত্ৰটোৰ নাম গীতাঞ্জলি । ছবিখনত অভিনেতা ৰণবীৰ কাপুৰৰ বিপৰীতে দেখা যাব ৰশ্মিকাক। ইয়াৰ পূৰ্বে ছবি পৰিচালকে অনিল কাপুৰ আৰু ৰণবীৰ কাপুৰৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছিল । ছবিখনত অনিল কাপুৰে অভিনেতা ৰণবীৰ কাপুৰৰ পিতৃ বলবীৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।
কেতিয়া মুক্তি পাব ছবিখন ?
ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিখন ২০২৩ চনৰ ১ ডিচেম্বৰত মুক্তি পাব ।