চিটাৰা ডেস্ক, ১ জানুৱাৰী: ২০২৪ চনত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ বহু চেলিব্ৰিটি । ইয়াৰ ভিতৰত আছে আমিৰ খানৰ কন্যা ইৰা খান ৷ ইৰা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰেমিক নুপুৰ শিখাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ৷ ইয়াৰ মাজতে এতিয়া আন এটা যুটিৰ বিবাহৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে । সেয়া হৈছে, ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ বিবাহৰ খবৰ । বহু সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৰাকুল আৰু জেকীয়ে সোনকালে বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে । খবৰ অনুসৰি এই যুটিটোৰ বিয়াৰ তাৰিখো প্ৰকাশ কৰা হৈছে ।
ৰাকুল আৰু জেকীৰ বিয়াৰ তাৰিখ প্ৰকাশ
আচলতে বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰী মাহত গোৱাত ৰাকুল আৰু জেকীৰ বিয়া হ’ব । প্ৰতিবেদন অনুসৰি এক সূত্ৰৰ পৰা তথ্য লাভ কৰা হৈছে, "ৰাকুল আৰু জেকীৰ বিয়া ২২ ফেব্ৰুৱাৰীত গোৱাত হ’ব । সঁচাকৈয়ে তেওঁলোক বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে । এই খবৰটো তেওঁলোকে ৰাজহুৱা কৰিব নিবিচাৰে সেইবাবেই ৰাকুল কিম্বা জেকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ৷’’
ৰাকুল-জেকিয়ে বিয়াৰ পূৰ্বে ছুটী উপভোগ কৰি আছে
প্ৰতিবেদন অনুসৰি, সূত্ৰটোৱে কয়, “তেওঁলোকে বাস্তৱ জীৱনৰ সকলো বস্তু ব্যক্তিগত কৰি ৰাখিব বিচাৰে আৰু বিয়াখন ব্যক্তিগতভাৱে কৰিব বিচাৰে । বৰ্তমান তেওঁলোকে বিয়াৰ উদযাপনত ব্যস্ত হোৱাৰ পূৰ্বে ছুটী উপভোগ কৰি আছে ।’’ সূত্ৰটোৱে লগতে কয়, "জেকী বৰ্তমান বেংকক (থাইলেণ্ড)ত বেচেলৰ পাৰ্টিৰ বাবে আছে । ইফালে ৰাকুলো থাইলেণ্ডত আছে আৰু ছুটি উপভোগ কৰি আছে ।"
এইখিনিতে উল্লেখ কৰিব লাগিব যে, ৰাকুল আৰু জেকীৰ বিয়াৰ তাৰিখক লৈ ইয়াৰ পূৰ্বেও বহু খবৰ আহিছিল । যোৱা বছৰো একেধৰণৰ খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যদিও পিচত অভিনেত্ৰীগৰাকীয়ে অস্বীকাৰ কৰিছিল এই খবৰ । এতিয়া এই খবৰত কিমান সত্য সত্যতা আছে সেয়া গ’ম পোৱা যাব ফেব্ৰুৱাৰী মাহত ৷ অৱশ্যে ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীৰ প্ৰেম জীৱনো কাৰো পৰা লুকাই থকা নাই । এই যুটিটোৱে ২০২১ চনৰ পৰাই ইগৰাকীয়ে সিগৰাকীৰ সৈতে ডেট কৰি আছে ।
লগতে পঢ়ক: ১৯ ত প্ৰেমৰ প্ৰস্তাৱ, ২৪ তাৰিখে বিয়া, চাওক কেনেকৈ শূৰাক প্ৰস্তাৱ দিছিল অৰবাজে