ETV Bharat / entertainment

Rakesh Roshan Birthday Special: কি আছিল সেই শপত ? যাৰ বাবে ৰাকেশ ৰোশনে চিৰদিনৰ বাবে মুণ্ডন কৰিছিল - ৰাকেশ ৰোশন

আজি ৰাকেশ ৰোশনৰ ৭৪ সংখ্যক জন্মদিন । এই বিশেষ দিনত জানো আহক ৰাকেশ ৰোশনে মুণ্ডন কৰাৰ আচল কাৰণ ।

Rakesh Roshan Birthday Special: This is why Rakesh Roshan still has no hair on his head
ৰাকেশ ৰোশনৰ ৭৪ সংখ্যক জন্মদিন
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 1:02 PM IST

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: কেৱল অভিনয়ৰ ক্ষেত্ৰতে নহয়, নিৰ্দেশনাৰ ক্ষেত্ৰতো অপৰিসীম খ্যাতি অৰ্জন কৰিছে ৰাকেশ ৰোশনে ৷ ‘ঘৰ ঘৰ কি কাহানি’, ‘মন মন্দিৰ’, ‘কামচোৰ’, ‘খেল খেল মে’ আৰু ‘জুঠা কাহি কা’ এনে কিছুমান ছবি যিয়ে ৰাকেশ ৰোশনক বলীউডত প্ৰকৃত স্থান প্ৰদান কৰিছিল । কিন্তু আপুনি জানেনে ৰাকেশ ৰোশনে কিয় চিৰদিনৰ বাবে টকলা হৈ থকাৰ সিদ্ধান্ত লৈছিল ? ইয়াৰ আঁৰৰ আচল কাৰণ কি ? আজি ৰাকেশ ৰোশনৰ জন্মদিন ৷ ৰাকেশ ৰোশনৰ জন্মদিনত ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ জানো আহক ।

‘ঘৰ ঘৰ কী কাহানি’ৰ সৈতে আত্মপ্ৰকাশ

ৰাকেশ ৰোশনে অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘ঘৰ ঘৰ কি কাহানি’ ছবিৰ জৰিয়তে । এই ছবিখনৰ পিচত ৰাকেশ ৰোশনে বহু ছবিত নিজৰ অভিনয়ৰ দক্ষতা দেখুৱাইছিল আৰু তাৰ পিচত ক্ৰমান্বয়ে পৰিচালনাৰ দিশত আগবাঢ়িছিল । পৰিচালক হিচাপে ৰাকেশ ৰোশনৰ প্ৰথমখন ছবি আছিল ‘খুদগৰ্জ’। ইয়াৰ পিচত তেওঁ কামচোৰ ছবি নিৰ্মাণ কৰিছিল যিখন ছবি হিট হৈছিল । কিন্তু ১৯৮৪ চনত মুক্তি পোৱা ‘জাগ উঠা ইনছান’ ছবিখনেৰে বিফলতাৰ সন্মুখীন হৈছিল । কাৰণ এই ছবিখন বেয়াকৈ ফ্লপ হৈছিল ।

ইয়াৰ পিচত ছবিবোৰৰ নাম কে আখৰেৰে ৰাখিবলৈ আৰম্ভ কৰিছিল

সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ফ্লপ ছবিখনৰ পিচত এজন অনুৰাগীয়ে তেওঁক তেওঁৰ ছবিসমূহৰ নাম কে আখৰেৰে আৰম্ভ কৰিবলৈ উপদেশ দিছিল । অনুৰাগীৰ কথাতে ৰাকেশ ৰোশনে K আখৰেৰে ছবিৰ নাম ৰাখিবলৈ লয় আৰু আচৰিত ভাৱে ছবিসমূহ হিট হ’বলৈ ধৰিলে ।

কিয় অমিতাভৰ লগত কাম কৰা নাছিল ৰাকেশে ?

ৰাকেশ ৰোশনে তেওঁৰ দীৰ্ঘদিনীয়া কেৰিয়াৰত অমিতাভ বচ্চনৰ সৈতে কেতিয়াও কাম কৰা নাছিল কিয় ? এই প্ৰশ্নটো সকলোৰে মনলৈ হয়তো আহে । ইয়াৰ আঁৰত এটা আমোদজনক কাহিনী আছে যিটোএবাৰ এটা সাক্ষাৎকাৰৰ সময়ত ৰাকেশ ৰোশনে নিজেই প্ৰকাশ কৰিছিল । ৰাকেশে কৈছিল যে ‘কিং আংকল’ ছবিখনত অমিতাভ বচ্চনক ল’ব খুজিছিল । আনকি তেওঁক মনত ৰাখি ছবিখনো প্ৰস্তুত কৰা হৈছিল । কিন্তু ব্যক্তিগত সমস্যাৰ বাবে তেওঁ ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল । তাৰ পাচত আমি পুনৰ একেলগে কাম কৰাৰ সুযোগ নাপালোঁ ।

পৰিচালক হোৱাৰ পিচত মুণ্ডন কৰিছিল ৰাকেশে

ৰাকেশ ৰোশনৰ প্ৰথম ছবিসমূহত দেখা যায় তেওঁৰ মূৰত চুলি আছিল । কিন্তু পৰিচালক হোৱাৰ কিছু সময়ৰ পিচত তেওঁ টকলা হৈ পৰে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাকেশ ৰোশনে পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰাৰ সময়ত প্ৰতিজ্ঞা কৰিছিল যদি তেওঁৰ ছবি সফল হয় তেন্তে, তেওঁ নিজৰ চুলি মুণ্ডন কৰিব ৷ কথা মতেই কাম পিচত তেওঁৰ ছবিসমূহে ভাল সঁহাৰি লাভ কৰিবলৈ আৰম্ভ কৰে । এই ছবিসমূহ হিট হোৱাৰ লগে লগে ৰাকেশ ৰোশনে তিৰুপতিলৈ গৈ মুণ্ডন কৰে । ইয়াৰ লগতে তেওঁ প্ৰতিজ্ঞা কৰিছিল যে ইয়াৰ পিচত তেওঁ সদায়ে এনেকৈয়ে থাকিব ৷ তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁক কেৱল টকলা লুকতহে দেখা গৈছে ।

লগতে পঢ়ক: Jaane Jaan Trailer out: হত্যাৰ ৰহস্য আৰু এটা গোপন কথা, মুকলি হ’ল কৰীনা কাপুৰৰ ছবি জানে জানৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.