ETV Bharat / entertainment

শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰত অধিবক্তাৰ চাঞ্চল্যকৰ মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 3:24 PM IST

Raj Kundra Pornography Case: ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ ওলাইছে । দৰাচলতে এই গোচৰৰ বিৰুদ্ধে যুঁজি থকা ৰাজ কুন্দ্ৰাৰ অধিবক্তাই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে ৷

Raj Kundra's lawyer shares a big statement in pornography case
ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰত অধিবক্তাৰ মন্তব্য

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ: শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ পৰ্ণগ্ৰাফী গোচৰৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে । এই গোচৰৰ সন্দৰ্ভত ৰাজ কুন্দ্ৰাৰ অধিবক্তাই এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে । অধিবক্তাগৰাকীৰ প্ৰকাশৰ পাচতে ছ’চিয়েল মিডিয়াত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ৰাজ কুন্দ্ৰাৰ গোচৰত চাঞ্চল্যকৰ প্ৰকাশ অধিবক্তাৰ

উল্লেখ্য যে, ২০২১ চনত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ অৱশ্যে জামিনত কাৰাগাৰৰ পৰা ওলাই আহিছিল কুন্দ্ৰা । এই গোচৰটো ২ বছৰতকৈ অধিক সময় ধৰি চলি আছে, কিন্তু এতিয়ালৈকে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । এতিয়া ৰাজ কুন্দ্ৰাৰ অধিবক্তা প্ৰশান্ত পাটিলে গোচৰৰ পলম সন্দৰ্ভত নিজৰ বিবৃতি প্ৰকাশ কৰিছে ।

অধিবক্তাই ক’লে- ইচ্ছাকৃতভাৱে এই বিষয়টো পলম কৰা

ৰাজৰ অধিবক্তাই কয়- বিচাৰ বিভাগে ইচ্ছাকৃতভাৱে গোচৰটো পিছুৱাই দিছে । আমি নিজৰ ধৰণেৰে এই গোচৰটো ক্ষীপ্ৰ কৰিবলৈ চেষ্টা কৰিছো । কিন্তু বিচাৰ বিভাগে ইচ্ছাকৃতভাৱে গোচৰটো পিছুৱাই দিছে আৰু তেওঁলোকে এই বিষয়ে বহু ভালকৈ জানে । বিচাৰকৰ এনে মনোভাৱ ইচ্ছাকৃত । এই কাৰণেই আমাৰ দেশত বিচাৰাধীন গোচৰৰ সংখ্যা অতি বেছি । কোনো ন্যায্য বিচাৰ নোহোৱাকৈয়ে নিৰীহ লোকে ভোগ কৰিব লগা হয় । কেৱল অভিযোগ উত্থাপন আৰু সংবাদ মাধ্যমৰ বিচাৰ চলাবলৈ হে আগ্ৰহী সংস্থাসমূহে ।

উল্লেখ্য যে, জেইলৰ পৰা অহাৰ পিচত ৰাজ কুন্দ্ৰাই এই সমগ্ৰ বিষয়টোৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিছিল, যাৰ নাম UT 69 । ছবিখনৰ কাহিনী আৰম্ভ হয় ৰাজ কুন্দ্ৰা জেইললৈ যোৱাৰ পৰা আৰু জামিন নোপোৱালৈকে শেষ হয় । সকলো বিতৰ্ক এৰাই চলি কাৰাগাৰৰ ভিতৰত চেলিব্ৰিটি ৰাজ কুন্দ্ৰাই কি কি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল সেয়াহে দেখুৱাইছে ।

লগতে পঢ়ক: জৱান, পাঠান, গদৰ ২ ৰ অভিলেখ ভংগ কৰিলে এনিমেলে, চতুৰ্থ দিনতো অব্যাহত এনিমেলৰ বাম্পাৰ উপাৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.