ETV Bharat / entertainment

পঞ্জাৱত দিন দুপৰতে গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

author img

By

Published : May 30, 2022, 12:26 PM IST

পঞ্জাৱৰ মানচা জিলাত দেওবাৰে কোনো অজ্ঞাত লোকে বিখ্যাত পাঞ্জাৱী গায়ক তথা কংগ্ৰেছী নেতা সিদ্ধু মুছেৱালাৰ ওপৰত গুলীচালনা কৰে (Sidhu Moosewala death news) ৷ গুৰুতৰ অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷

Punjabi singer
গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

চিটাৰা ডেস্ক, 30মে’: পঞ্জাৱৰ বিখ্যাত গায়ক সিদ্ধু মুছেৱালাক দেওবাৰে মানচাৰ জৱাহৰকে গাঁৱৰ ওচৰত দিন দুপৰতে কোনো অচিনাক্ত ব্যক্তিয়ে গুলীচালনা কৰে ৷ সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু তেতিয়ালৈকে মৃত্যু হয় তাৰকাজনৰ (Sidhu Moosewala death news) ৷

  • The murder of Shri Sidhu Moose Wala, Congress candidate from Punjab & a talented musician, has come as a terrible shock to the Congress party & the entire nation.

    Our deepest condolences to his family, fans & friends.

    We stand united & undeterred, at this time of extreme grief. pic.twitter.com/v6BcLCJk4r

    — Congress (@INCIndia) May 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তাৎপৰ্যপূৰ্ণভাৱে, পঞ্জাৱৰ আপ চৰকাৰে শেহতীয়াকৈ বহু লোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে । এই ঘটনাটো সংঘটিত হোৱাৰ এদিন আগতে মুছেৱালাৰ নিৰাপত্তাও প্ৰত্যাহাৰ কৰা হৈছিল । মানসা চিকিৎসালয়ৰ অসামৰিক শল্য চিকিৎসক ডাঃ ৰঞ্জিত ৰায়ে জানিবলৈ দিয়া মতে তিনিজন লোকক চিকিৎসালয়লৈ অনা হৈছিল । ইয়াৰ ভিতৰত, সিদ্ধু মুছেৱালাই ইতিমধ্যে মৃত্যুবৰণ কৰিছিল । আন দুজন লোকক তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

মানচাৰ উপ আৰক্ষী অধীক্ষক গোবিন্দৰ সিঙে কৈছিল যে কিছুমান অচিনাক্ত আক্ৰমণকাৰীয়ে মুছেৱালাৰ ওপৰত গুলীচালনা কৰিছিল । গায়কজনক জীপত তেওঁৰ দুজন বন্ধুৰ সৈতে যাত্ৰা কৰি থকা অৱস্থাত আক্ৰমণ কৰা হৈছিল ।

মুছেৱালাই বহুতো অপৰাধীৰ পৰা ভাবুকি পাই আছিল । তেওঁ কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতাও কৰিছিল । বিগত বছৰৰ ছেপ্টেম্বৰত কংগ্ৰেছত যোগদান কৰিছিল মুছেৱালাই । তেওঁ আম আদমী পাৰ্টিৰ বিজয় চিংলাৰ হাতত বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল । তেওঁৰ প্ৰকৃত নাম শুভদীপ সিং সিদ্ধু ।

মুছেৱালাৰ জন্ম ১৯৯৩ চনৰ ১১ জুনত হৈছিল (Sidhu Moosewala age) । এজন গায়কৰ সমান্তৰালকৈ তেওঁ এজন গীতিকাৰ আৰু অভিনেতাও আছিল ৷ তেওঁৰ গানসমূহ অলপ বেলেগ ধৰণৰ আছিল (Sidhu Moose wala song) । মানুহে তেওঁক 'গেংষ্টাৰ ৰেপ' গায়ক বুলি অভিহিত কৰিছিল । তেওঁৰ গানত প্ৰায়ে বন্দুক দেখা গৈছিল । মানুহে কয় যে তেওঁ বন্দুক সংস্কৃতিৰ প্ৰচাৰ কৰিছিল ।

লগতে পঢ়ক: স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰৰ ফাৰ্ষ্ট লুক মুকলি কৰিলে ৰণদীপ হুডাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.