চিটাৰা ডেস্ক, 13 ছেপ্টেম্বৰ : Bigg Boss 16 সংখ্যক চিজনৰ আয়োজক হিচাপে কাম কৰিবলৈ সাজু হৈছে বলীউডৰ অভিনেতা ছলমান খান । আটাইতকৈ বিতৰ্কিত টেলিভিছন ৰিয়েলিটী শ্ব’টোৰ নিৰ্মাতাসকলে দেওবাৰে বিগবছ চিজন 16ৰ প্ৰথম প্ৰম’ মুকলি কৰে । প্ৰম’ত ছলমান খানৰ দাবাং অৱতাৰ দেখি নেটিজেনে কৰিছে প্ৰশংসা ।
কালাৰ্ছ টিভিয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই প্ৰম’টো । ইয়াৰ কেপছনত লিখা হৈছে, "Inn 15 saalon mein sabne khela apna apna game, lekin ab baari hai Bigg Boss ke khelne ki👁️
Dekhiye #BiggBoss16 jald hi, sirf #Colors par!" ৷ কালাৰ্ছে পোষ্টটোত ছলমান খানক উল্লেখো কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বিগ বছ 16 ৰ প্ৰথম প্ৰম’ দেখাৰ কিছু সময়ৰ পিছতে নেটিজেনসকলে আগন্তুক চিজনৰ বাবে তেওঁলোকৰ উত্তেজনা শ্বেয়াৰ কৰি ছলমান খানক শ্ৰেষ্ঠ আয়োজক আৰু টি আৰ পি ৰজা বুলি অভিহিত কৰে ।
খবৰ অনুসৰি, ছলমান খানৰ সৈতে শ্বেহনাজ গীলেও ঘোষিকা হিচাপে কাম কৰিব ‘বিগ বছ 16’ ত (Bigg Boss 16 host) । ‘বিগ বছ চিজন 16’ৰ অফিচিয়েল প্ৰিমিয়াৰ ডেট এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে ।
আনহাতে, কামৰ ক্ষেত্ৰত আগন্তুক এক্সন কমেডী ‘Kisi Ka Bhai Kisi Ki Jaan’ত পূজা হেগড়েৰ বিপৰীতে দেখা যাব ছলমানক । ইয়াৰ উপৰিও 2023 চনৰ 21 এপ্ৰিলত ছবিগৃহত মুক্তি পাব কেটৰিণা কাইফৰ সৈতে তেওঁৰ ছবি ‘টাইগাৰ 3’ য়ে (Salman khan upcoming movies) ।
লগতে পঢ়ক : Mahima Chaudhary Birthday: এটা দুৰ্ঘটনাই নষ্ট কৰি পেলাইছিল মহিমা চৌধুৰীৰ কেৰিয়াৰ