ETV Bharat / entertainment

Project K: বলীউড অভিনেত্ৰী দীপিকা পাডুকন অসুস্থ হৈ পৰাত কি কৰিলে প্ৰভাসে - পৰিচালক নাগ অশ্বিন

বিগবাজেটৰ ছবি প্ৰজেক্ট কে'ৰ শ্বুটিঙৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন(Deepika Padukone unwell) ৷ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত জনপ্ৰিয় তেলেগু অভিনেতা প্ৰভাস(Prabhas helps Deepika to get well soon) ৷

project-k-heres-how-prabhas-makes-sure-that-deepika-gets-well-soon
Project K: বলীউড অভিনেত্ৰী দীপিকা পাডুকন অসুস্থ হৈ পৰাত কৰি কৰিলে প্ৰভাসে
author img

By

Published : Jun 17, 2022, 10:50 PM IST

Updated : Jun 18, 2022, 3:26 PM IST

চিটাৰা ডেস্ক, 17 জুন : পৰিচালক নাগ অশ্বিনৰ পৰিচালনাৰে আহিবলগীয়া ছবি প্ৰজেক্ট কে'ৰ শ্বুটিঙৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন ৷ অসুস্থ অভিনেত্ৰীগৰাকীক ততাতৈয়াকৈ হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অসুস্থ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত জনপ্ৰিয় তেলেগু অভিনেতা প্ৰভাস ৷ সেয়ে বৰ্তমান প্ৰজেক্ট কে'ৰ নিৰ্মাতাসকলক ছবিখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে ছবিখনৰ অভিনেতা প্ৰভাসে ৷

আনহাতে দীপিকাৰ স্বাস্থ্যৰ বিষয়ে অৱগত হোৱাত তেওঁৰ অনুৰাগীসকলে আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে ভগৱানৰ ওচৰত । অভিনেত্ৰীগৰাকীৰ হৃদস্পন্দন দ্ৰুত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও শীঘ্ৰেই তেওঁক অব্যাহতি দিয়া হৈছিল । এই ক্ষেত্ৰত বিশেষকৈ দীপিকাৰ স্বাস্থ্যৰ যত্ন লৈছিল তেওঁৰ সহ-অভিনেতা প্ৰভাসে(Prabhas helps Deepika to recover) ৷ আকস্মিকভাৱে ঘটা স্বাস্থ্যৰ অৱনতিত অভিনেতাগৰাকী কিছু চিন্তিত হৈ পৰিছিল ।

শেহতীয়াকৈ 'প্ৰজেক্ট কে'ৰ নিৰ্মাতাসকল এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে ৷ চুপাৰষ্টাৰ প্ৰভাসে জানিবলৈ দিয়া মতে, প্ৰকল্পটোৰ নিৰ্মাতাসকলে দৃশ্যগ্ৰহণ এসপ্তাহৰ বাবে স্থগিত ৰাখিব আৰু ইয়াক পুনঃনিৰ্ধাৰণ কৰিব (Project K Shooting postponed) ।

অভিনেতাজনে দীপিকাৰ স্বাস্থ্যৰ কথা মনত ৰাখি গ্ৰহণ কৰে এই সিদ্ধান্ত । সহ-অভিনেত্ৰীগৰাকী সম্পূৰ্ণৰূপে আৰোগ্য হৈ নুঠা পৰ্যন্ত তেওঁ দৃশ্যগ্ৰহণ স্থগিত ৰাখিব বিচাৰে । জানিব পৰা মতে, দীপিকা এতিয়া সুস্থ অৱস্থাত আছে (Deepika Padukone health update) ৷

ইফালে, ছবিখনৰ বাবে অতি আগ্ৰহেৰে বাট চাই থকা অনুৰাগীসকলক শীঘ্ৰেই ছবিখনৰ কাম আৰম্ভ হোৱাৰ কথা জানিবলৈ দিয়াৰ লগতে ছবিখনত নতুন সোৱাদ দৰ্শকে লাভ কৰিব বুলি তেলেগু ভাষাত টুইটযোগে উল্লেখ কৰে ছবিখনৰ পৰিচালক নাগ অশ্বিনে ৷

লগতে পঢ়ক : প্ৰজেক্ট কে ৰ শ্বুটিঙৰ বাবে ৰামোজী ফিল্ম চিটীত উপস্থিত দীপিকা পাডুকন

Last Updated : Jun 18, 2022, 3:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.