ETV Bharat / entertainment

শ্বাহৰুখৰ জন্মদিনৰ এদিন আগতে ভাৰত পালেহি প্ৰিয়ংকা চোপ্ৰা

author img

By

Published : Nov 1, 2022, 1:07 PM IST

এসময়ত শ্বাহৰুখ খানৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে চৰ্চাত থকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা এতিয়া শ্বাহৰুখৰ জন্মদিনৰ এদিন পূৰ্বে ভাৰতলৈ উভতি আহিছে । আপোনালোকক জনাওঁ যে প্ৰিয়ংকা চোপ্ৰা তিনি বছৰৰ পিছত আমেৰিকাৰ পৰা ভাৰতলৈ আহিছে ।

Priyanka Chopra
শ্বাহৰুখৰ জন্মদিনৰ এদিন আগতে ভাৰত পালেহি প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক, 1 নৱেম্বৰ : বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানে 2 নৱেম্বৰত 57 বছৰ সম্পূৰ্ণ কৰিব । শ্বাহৰুখ খানৰ জন্মদিনক লৈ অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনা দেখিবলৈ পোৱা গৈছে ৷ প্ৰিয় তাৰকাগৰাকীৰ আভাস পাবলৈ শ্বাহৰুখৰ বাংলো মন্নতত উপস্থিত হৈছেগৈ বহু অনুৰাগী । পিছে শ্বাহৰুখৰ জন্মদিনৰ সমান্তৰালকৈ আন এটা কথাইহে দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ ৷ শ্বাহৰুখৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা ঠিক শ্বাহৰুখ খানৰ জন্মদিনৰ এদিন পূৰ্বেই ভাৰতলৈ উভতি আহিছে । সম্পূৰ্ণ তিনি বছৰৰ মূৰত ভাৰতলৈ উভতি আহিছে প্ৰিয়ংকা চোপ্ৰা ।

শ্বাহৰুখ আৰু প্ৰিয়ংকা চোপ্ৰাৰ প্ৰেম ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰাক একেলগে দেখা গৈছিল ‘ডন’ (2006) ছবিখনত । যদিও এই দুই চুপাৰষ্টাৰে একেলগে বহু ছবি কৰা নাই, কিন্তু তথাপিও তেওঁলোকৰ মাজত গভীৰ বন্ধুত্ব গঢ় লৈ উঠিছিল ।

Priyanka Chopra
শ্বাহৰুখ-প্ৰিয়ংকা

ডন 2 ৰ পিছত ঘনিষ্ঠতা বৃদ্ধি পাইছিল শ্বাহৰুখ-প্ৰিয়ংকাৰ

2006 চনত মুক্তি লাভ কৰা ডন হিট হৈ পৰিছিল আৰু দুয়োৰে যুটিও চুপাৰ-ডুপাৰ হিট বুলি প্ৰমাণিত হৈছিল । এই ছবিখনৰ পিছতেই দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে । দুয়োকে বলীউডৰ যিকোনো পাৰ্টীতে প্ৰায়ে একেলগে দেখিবলৈ ল’লে সকলোৱে । আনকি যিকোনো ইভেণ্টলৈয়ো শ্বাহৰুখ-প্ৰিয়ংকা একেলগে যাবলৈ ল’লে । দুয়োৰে বন্ধুত্ব গভীৰ হৈ পৰিল আৰু ঠিক সেই সময়তেই ফাৰহান আখতাৰে ডন 2 ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে আৰু পাঁচ বছৰৰ পাছত 2011 চনত ডন 2 ছবিখনতো শ্বাহৰুখ-প্ৰিয়ংকা যুটিৰ প্ৰদৰ্শন দেখিবলৈ পালে দৰ্শকে ।

Priyanka Chopra
শ্বাহৰুখ-প্ৰিয়ংকা

ডন 2 ৰ চেটত দুয়োৰে মাজৰ সম্পৰ্ক দেখি তেওঁলোকৰ প্ৰেমৰ আলোচনা আৰম্ভ হ’বলৈ ধৰিলে । কিন্তু শ্বাহৰুখ খানে প্ৰিয়ংকা চোপ্ৰাক সদায় ভাল বন্ধু বুলি অভিহিত কৰি আহিছে ।

শ্বাহৰুখ আৰু প্ৰিয়ংকাৰ প্ৰেমৰ খবৰে গৌৰী খানৰ চিন্তা বঢ়াই তুলিছিল । যদিও শ্বাহৰুখ খানে গৌৰীক কেতিয়াও চিন্তা কৰাৰ সুযোগ নিদিলে, কিন্তু প্ৰিয়ংকা চোপ্ৰাৰ বাবেই গৌৰী অস্থিৰ হৈ থাকিবলৈ ল’লে । সংবাদ মাধ্যমৰ মতে, গৌৰীয়ে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ জন্মদিনত প্ৰিয়ংকা চোপ্ৰাক নিমন্ত্ৰণ জনাইছিল । প্ৰিয়ংকা চোপ্ৰা পাৰ্টীত উপস্থিত হোৱাত শ্বাহৰুখৰ প্ৰতিক্ৰিয়া দেখি গৌৰী খান স্তম্ভিত আৰু বিচলিত হৈ পৰে । তেতিয়াই গৌৰীয়ে স্বামী শ্বাহৰুখক ক’লে যে তেওঁ প্ৰিয়ংকাৰ সৈতে কোনো ছবি চুক্তিবদ্ধ কৰিব নোৱাৰিব । 2013 চনৰ পৰা শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰাক একেলগে দেখা পোৱা হোৱা নাই ক’তো ।

Priyanka Chopra
শ্বাহৰুখ-প্ৰিয়ংকা

লগতে পঢ়ক : বিতৰ্কৰে বলীউডত সদায় চৰ্চাত থাকে ঐশ্বৰ্য ৰায় বচ্চন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.