ETV Bharat / entertainment

Priyanka Chopra's Pre Oscar Party: জনপ্ৰিয় তাৰকাৰে উভৈনদী হৈ পৰিল প্ৰিয়ংকা চোপ্ৰাৰ বাসগৃহ

একাডেমী বঁটা ২০২৩ আৰম্ভ হ’বলৈ মাজত মাথো কিছু সময়হে বাকী । সেয়ে এই অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই অস্কাৰৰ বাবে মনোনীত হোৱা দক্ষিণ এছিয়াৰ সকলো তাৰকাকে দিলে পাৰ্টি ।

author img

By

Published : Mar 11, 2023, 11:32 AM IST

Preity Zinta pose with Jr NTR at Pre Oscars party for the Oscar nominees from South Asian countries
জনপ্ৰিয় তাৰকাৰে উভৈনদী হৈ পৰিল প্ৰিয়ংকা চোপ্ৰাৰ বাসগৃহ

চিটাৰা ডেস্ক, 11 মাৰ্চ: শেহতীয়াকৈ গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই আগন্তুক অস্কাৰ বঁটা ২০২৩ৰ বাবে নিৰ্বাচিত দক্ষিণ এছিয়াৰ দেশৰ মনোনীত তাৰকাসকলৰ বাবে লছ এঞ্জেলছত তেওঁৰ শহুৰেকৰ ঘৰত এক বিশেষ পাৰ্টিৰ আয়োজন কৰিছিল । এই পাৰ্টিত জুনিয়ৰ NTR, বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টা আৰু অস্কাৰৰ বাবে মনোনীত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰহিট ছবি ‘RRR’ৰ মুখ্য তাৰকা জেকলিন ফাৰ্নাণ্ডেছকে ধৰি বহু তাৰকাই অংশগ্ৰহণ কৰে । এতিয়া এই প্ৰি-অস্কাৰ পাৰ্টিৰ ছবি ছ’চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে(Oscar nominees from South Asian countries) ।

Pre Oscars party
প্ৰি অস্কাৰ পাৰ্টি
Priyanka Chopra Jonas and Nick Jonas
প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু নিক জোনাছ

প্ৰীতি জিন্টা Jr NTRৰ সৈতে পোজ দিছে

এই পাৰ্টিৰ পৰাই বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টাই জুনিয়ৰ NTRকে ধৰি বহু তাৰকাৰ সৈতে তেওঁৰ ছবি শ্বেয়াৰ কৰিছে । লছ এঞ্জেলছত নিশা অনুষ্ঠিত হোৱা এই পাৰ্টিত সমাজকৰ্মী মালালা ইউছুফজাইও উপস্থিত হৈছিল(Pre Oscars party)। এই ছবিসমূহ শ্বেয়াৰ কৰি প্ৰীতি জিন্তাই লিখিছে, ‘অস্কাৰ বঁটাত নিৰ্বাচিত আমাৰ সকলো সহকৰ্মীলৈ বহুত অভিনন্দন, নিশা সকলোকে লগ পালোঁ, আপোনালোক সকলোৰে জয়ৰ কামনা কৰিলোঁ, প্ৰিয়ংকা চোপ্ৰা আৰু অঞ্জুলা আচাৰ্যক এই Get Togetherৰ বাবে ধন্যবাদ, সঁচাকৈয়ে এয়া মোৰ বাবে এক সুন্দৰ সন্ধিয়া আছিল(Preity Zinta pose with Jr NTR) ৷

আনহাতে এই পাৰ্টিত কুমাইল নানজিয়ানী, মিণ্ডী কালিং, কল পেন, ৰাধিকা জোনাছ, আজিজ আনছাৰী, শ্ৰুতি গাংগুলী, জোচেফ পেটেল আৰু অনিতা চেটাৰ্জীও উপস্থিত থাকে(Preity Zinta pose)।

ভাৰতত কেতিয়া হ'ব একাডেমী বঁটা ?

আমেৰিকাত ১২ মাৰ্চত (ভাৰতত ১৩ মাৰ্চ) লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান । এইবাৰ ভাৰতৰ পৰা RRR ছবিৰ ছুপাৰহিট গীত নাটু-নাটু শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত মনোনয়ন লাভ কৰে, শৌনাক সেনৰ ফিচাৰ ফ্লিম অল ডেটছ ব্ৰেথছ ইন দ্য বেষ্ট ডকুমেণ্টৰী ফিচাৰ ফিল্ম, গুণিত মংগাৰ দ্য এলিফেণ্ট হুইছপাৰ্ছ ইন দ্য বেষ্ট ডকুমেণ্টৰী চুটি ছবি শিতানৰ বাবে মনোনীত হৈছে(Oscars Celebration)।

লগতে পঢ়ক: RRR actor Ram Charan: নিজৰ প্ৰিয় হলীউডৰ পৰিচালকক লগ পাই আনন্দিত ছুপাৰষ্টাৰ ৰাম চৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.