চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: কৰ্ণাটকৰ মহীশূৰৰ চামুণ্ডেশ্বৰী চেলিব্ৰিটি ৱাক্স মিউজিয়ামত বুধবাৰে উন্মোচন কৰা হৈছিল এছ এছ ৰাজামৌলিৰ ব্লকবাষ্টাৰ চিনেমা বাহুবলীৰ আইকনিক চৰিত্ৰৰ ছুপাৰষ্টাৰ প্ৰভাছৰ ম’মৰ প্ৰতিমূৰ্তি । অৱশ্যে বাহুবলীৰ প্ৰযোজক শ্বোবু য়াৰলাগাড্ডা এই প্ৰতিমূৰ্তিক লৈ সুখী নহয় আৰু ৰাজহুৱাভাৱে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।
বাহুবলীৰ সাজ-পোছাকত প্ৰভাসৰ প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ পূৰ্বে সংগ্ৰহালয়ে অনুমোদন বিচৰা নাছিল বুলি প্ৰযোজক শ্বোবু ইয়াৰলাগড্ডাই টুইট কৰিছে । এই সন্দৰ্ভত প্ৰযোজকগৰাকীয়ে কঠোৰ সতৰ্কবাণীও জাৰি কৰিছে । প্ৰযোজকগৰাকীয়ে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউন্টত সংগ্ৰহালয়টোৰ কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰি লিখিছে, "এয়া আনুষ্ঠানিকভাৱে অনুজ্ঞাপত্ৰ প্ৰাপ্ত কাম নহয় আৰু আমাৰ অনুমতি অবিহনে বা অজ্ঞাতে কৰা হৈছে । আমি এইটো আঁতৰোৱাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিম ।"
-
This not an officially licensed work and was done without our permission or knowledge. We will be taking immediate steps to get this removed. https://t.co/1SDRXdgdpi
— Shobu Yarlagadda (@Shobu_) September 25, 2023 " class="align-text-top noRightClick twitterSection" data="
">This not an officially licensed work and was done without our permission or knowledge. We will be taking immediate steps to get this removed. https://t.co/1SDRXdgdpi
— Shobu Yarlagadda (@Shobu_) September 25, 2023This not an officially licensed work and was done without our permission or knowledge. We will be taking immediate steps to get this removed. https://t.co/1SDRXdgdpi
— Shobu Yarlagadda (@Shobu_) September 25, 2023
প্ৰযোজকৰ টুইটৰ প্ৰতি সঁহাৰি জনাই সম্প্ৰতি সংগ্ৰহালয়ৰ দলটোৱে প্ৰভাসৰ ম’মৰ মূৰ্তিটো আঁতৰোৱাৰ সিদ্ধান্ত লৈছে । সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সংগ্ৰহালয়টোৰ মালিকৰ মতে, "প্ৰযোজকে মূৰ্তিটোৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল । যিহেতু আমি কাৰো আৱেগক আঘাত দিব নিবিচাৰো, সেয়েহে আমি মূৰ্তিটো আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছো ।"
চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ বাহুবলী: দ্য বিগিনিং আৰু বাহুবলী: দ্য কনক্লুচন, দুয়োটা খণ্ডই সমগ্ৰ বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল ৷ দেশ বিদেশৰ সকলো লোকৰ পৰা ছবিখনে প্ৰশংসা লাভ কৰিছিল ৷ আনকি এই ছবিখনে বিশ্বজুৰি ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰা দেশৰ ভিতৰতে প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে । প্ৰভাসৰ উপৰিও বাহুবলী ফ্ৰেঞ্চাইজিত ৰানা ডাগ্গুবাটি, অনুষ্কা শ্বেট্টী, তামান্না, ৰাম্য কৃষ্ণন, সত্যৰাজ আৰু নাছিৰেও উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে ।
লগতে পঢ়ক: Oscar ২০২৪: ২২খন ছবিক পৰাস্ত কৰি ভাৰতৰ পৰা অস্কাৰত প্ৰৱেশ মালয়ালম ছবি ‘২০১৮ এভৰিৱান ইজ এ হিৰো’