ETV Bharat / entertainment

Prabhas: শ্ৰীৰামৰ পিচত এইবাৰ ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব প্ৰভাসক; কৃতি সেননৰ ভগ্নী নুপুৰ হ’ব অভিনেত্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 5:31 PM IST

শ্ৰীৰামৰ পিচত এইবাৰ ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব দক্ষিণৰ তাৰকা প্ৰভাসক ৷ আহি আছে অভিনেতাগৰাকীৰ ‘ভক্ত কানাপ্পা’ নামৰ ছবি ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Prabhas to play Lord Shiva in Kannappa starring Kriti Sanon's sister Nupur Sanon?
ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব দক্ষিণৰ তাৰকা প্ৰভাসক

চিটাৰা ডেস্ক, ১০ ছেপ্টেম্বৰ: ‘ছালাৰ’ক লৈ যোৱা কেইবাদিনো ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছিল দক্ষিণ ছবিৰ ছুপাৰষ্টাৰ প্ৰভাসে । চলিত মাহৰ ২৮ তাৰিখে ছবিখন মুক্তি পোৱাৰ কথা আছিল যদিও কিবা কাৰণত মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে । কিন্তু প্ৰভাসৰ অনুৰাগীসকল হতাশ হোৱাৰ প্ৰয়োজন নাই । কাৰণ আহি আছে প্ৰভাসৰ আন এখন নতুন ছবি ৷ এই ছবিখনত ‘ভগৱান শিৱ’ৰ অৱতাৰত দেখা যাব অভিনেতাগৰাকীক ।

শ্ৰীৰামৰ পিচত এইবাৰ ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব প্ৰভাসক

মেগা বাজেটৰ ছবি ‘আদিপুৰুষ’ত শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰাৰ পিচত প্ৰভাছে পুনৰ এবাৰ পৌৰাণিক চৰিত্ৰত অভিনয় কৰিব পাৰে প্ৰভাসে । এইবাৰ তেওঁক ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব ৷ এইখন হ’ব এখন তেলেগু ছবি, যাৰ নাম হ’ব ‘ভক্ত কানাপ্পা’। এই ছবিখন বিষ্ণু মাঞ্চুৰ সপোনৰ প্ৰজেক্ট, য’ত প্ৰভাছে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। বিষ্ণু মাঞ্চুৱে ইয়াৰ সৈতে জড়িত এটা টুইট শ্বেয়াৰ কৰিছে ।

কৃতি সেননৰ ভগ্নীৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিব প্ৰভাসে

ছবিখনত প্ৰভাসৰ প্ৰৱেশ নিশ্চিত কৰিছে বিষ্ণু মাঞ্চুৱে । খবৰ অনুসৰি প্ৰভাসক কেমিঅ’ চৰিত্ৰত দেখা যাব । কোৱা হৈছে যে এই ছবিখনৰ মহিলা নায়ক হিচাপে থাকিব ৰাষ্ট্ৰীয় বঁটা বিজয়ী কৃতি সেননৰ ভগ্নী নুপুৰ । যদি খবৰ সঁচা হয়, তেন্তে ডাঙৰ পৰ্দাত এয়া হ’ব নুপুৰৰ প্ৰথমখন ছবি ।

প্ৰভাসৰ আগন্তুক প্ৰজেক্ট

ছালাৰৰ উপৰিও ‘বাহুবলী’ অভিনেতা প্ৰভাসৰ আগন্তুক ছবিখন হৈছে ‘প্ৰজেক্ট কে’ । ২০২৪ চনৰ জানুৱাৰী মাহত মুক্তি পাব ছবিখন । ছবিখনত তেওঁ দীপিকা পাডুকন আৰু অমিতাভ বচ্চনৰ সৈতে কাম কৰিব ।

‘ভক্ত কানাপ্পা’ হ’ব এখন ডাঙৰ বাজেটৰ ছবি

ভক্ত কানাপ্পা হ’ব বিগ বাজেটৰ ছবি । ইয়াৰ পৰিচালনা কৰিব মুকেশ কুমাৰ সিঙে । একে সময়তে বিষ্ণু মাঞ্চুৱে প্ৰক্ষেপণৰ দায়িত্বও গ্ৰহণ কৰিছে । খবৰ অনুসৰি ছবিখনৰ দৃশ্যগ্ৰহণ ভাৰতত নহয়, নিউজিলেণ্ডত হ’ব। নিউজিলেণ্ডত ছবিখনৰ বাবে ডাঙৰ ডাঙৰ আৰু বিলাসী চেট প্ৰস্তুত কৰা হৈছে।

লগতে পঢ়ক: Adipurush OTT Release: দুটা অ’টিটি প্লেটফৰ্মত মুক্তি আদিপুৰুষ, জানি লওক কোনটো প্লেটফৰ্মত কোনটো ভাষাত মুকলি হ’ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.