চিটাৰা ডেস্ক, 10 জুন : দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত অভিনেত্ৰী পূজা হেগড়ে সন্মুখীন হ’ল এক অস্বাভাৱিক পৰিস্থিতিৰ ৷ ইণ্ডিগ’ৰ বিমানত অভদ্ৰ আচৰণ কৰিলে এজন কৰ্মচাৰীয়ে পূজাৰ সৈতে । কৰ্মচাৰীজনে আনকি ভাবুকিপূৰ্ণ সুৰতো কথা পাতে । পূজা হেগড়েই টুইট কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰে সকলোকে (Pooja hegde twitter) । অভিনেত্ৰীগৰাকীৰ টুইটটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
পূজাই টুইট কৰি কয়, "মই গভীৰভাৱে দুখিত যে বিপুল নাকাশ নামৰ ইণ্ডিগ’ৰ এজন কৰ্মচাৰীয়ে মুম্বাইলৈ যোৱা বিমানত আমাৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল, বিনা কাৰণতে আমাৰ লগত ভাবুকিপূৰ্ণ সুৰত কথা পাতিছিল, মই এনেকুৱা টুইট সাধাৰণতে নকৰো, কিন্তু এই ঘটনাটো প্ৰকৃতেতই হৃদয়বিদাৰক আৰু অত্যন্ত ভয়াৱহ আছিল"।
-
Extremely sad with how rude @IndiGo6E staff member, by the name of Vipul Nakashe behaved with us today on our flight out from Mumbai.Absolutely arrogant, ignorant and threatening tone used with us for no reason.Normally I don’t tweet abt these issues, but this was truly appalling
— Pooja Hegde (@hegdepooja) June 9, 2022 " class="align-text-top noRightClick twitterSection" data="
">Extremely sad with how rude @IndiGo6E staff member, by the name of Vipul Nakashe behaved with us today on our flight out from Mumbai.Absolutely arrogant, ignorant and threatening tone used with us for no reason.Normally I don’t tweet abt these issues, but this was truly appalling
— Pooja Hegde (@hegdepooja) June 9, 2022Extremely sad with how rude @IndiGo6E staff member, by the name of Vipul Nakashe behaved with us today on our flight out from Mumbai.Absolutely arrogant, ignorant and threatening tone used with us for no reason.Normally I don’t tweet abt these issues, but this was truly appalling
— Pooja Hegde (@hegdepooja) June 9, 2022
যেতিয়া পূজাৰ টুইটটো এয়াৰলাইন কোম্পানীটোৰ দৃষ্টি গোচৰ হয়, তেতিয়া তেওঁলোকে অভিনেত্ৰীগৰাকীৰ ওচৰত ক্ষমা বিচাৰে । কোম্পানীটোয়ে অভিনেত্ৰী গৰাকীক কৰ্মচাৰীজনৰ সম্পূৰ্ণ বিৱৰণ শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰে, যাতে তেওঁলোকে ঘটনাটো সম্পূৰ্ণকৈ বুজি উচিত ব্য়ৱস্থা ল’ব পাৰে (Pooja hegde latest updates) ।
-
Ms. Hegde, sorry to note your experience. We'd like to connect with you immediately hence, please DM us your PNR along with the contact number. ~Linda https://t.co/xcJPAifuBc
— IndiGo (@IndiGo6E) June 9, 2022 " class="align-text-top noRightClick twitterSection" data="
">Ms. Hegde, sorry to note your experience. We'd like to connect with you immediately hence, please DM us your PNR along with the contact number. ~Linda https://t.co/xcJPAifuBc
— IndiGo (@IndiGo6E) June 9, 2022Ms. Hegde, sorry to note your experience. We'd like to connect with you immediately hence, please DM us your PNR along with the contact number. ~Linda https://t.co/xcJPAifuBc
— IndiGo (@IndiGo6E) June 9, 2022
ইফালে ছ’চিয়েল মিডিয়া ইউজাৰে পূজাৰ টুইটটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এজন ছ’চিয়েল মিডিয়া ইউজাৰে কৈছে যে ইণ্ডিগ'ৰ কৰ্মচাৰী বিপুলে ইতিমধ্যে বহুতো যাত্ৰীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে । তেওঁ এনে পুৰণি ঘটনাৰ লগত জড়িত কিছুমান টুইটো শ্বেয়াৰ কৰিছে । একে সময়তে, বহুলোকে এইটোও কৈছে যে পূজাই এনেদৰে টুইট কৰিব নালাগিছিল, কিয়নো সেই কৰ্মচাৰীজনৰ চাকৰি গুচি যোৱাৰো সম্ভাৱনা আছে ৷
লগতে পঢ়ক: Mahima Chaudhary news:দুমাহ কিয় স্কুল বাদ দিছিল মহিমা চৌধুৰীৰ জীয়েকে?