ETV Bharat / entertainment

Pooja Bhatt: পিতৃ মহেশ ভাটৰ সৈতে চুমা বিতৰ্ক সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মৌনতা ভাঙিলে পূজা ভাটে

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 2:22 PM IST

পিতৃ মহেশ ভাটৰ সৈতে বহু বছৰ ধৰি চলি অহা বিতৰ্কক লৈ শেহতীয়াকৈ নিজৰ মৌনতা ভংগ কৰিছে অভিনেত্ৰী পূজা ভাটে । পূজাই কয়, ‘‘সেইটো এটা মুহূৰ্ত আছিল যিটো অতি সুন্দৰকৈ বন্দী হৈছিল কেমেৰাত ।’’

Pooja Bhatt reveals Shah Rukh Khan's take on her infamous kiss with father Mahesh Bhatt
পিতৃৰ সৈতে হোৱা চুমা বিতৰ্কত প্ৰথমবাৰৰ বাবে মুখ খুলিলে পূজা ভাটে

চিটাৰা ডেস্ক, ১১ ছেপ্টেম্বৰ: বলীউডৰ অভিনেত্ৰী পূজা ভাটে নিজৰ পেছাদাৰী জীৱনতকৈ অধিক নিজৰ ব্যক্তিগত জীৱনক লৈ চৰ্চাত থাকে ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ‘Bigg Boss OTT 2’ ত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পিচত অবিৰতভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছিল অভিনেত্ৰীগৰাকীয়ে । বিগ বছৰ ঘৰত তেওঁৰ স্পষ্টবাদী শৈলী দৰ্শকে ভাল পাইছিল । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত বহু তথ্য প্ৰকাশ কৰিছে । বিগ বছৰ ঘৰৰ পৰা ওলাই অহাৰ পিচতে অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ নিজৰ ব্যক্তিগত জীৱনৰ কথা প্ৰকাশ কৰা দেখা গৈছে ।

এই সময়ছোৱাত পূজাই নিজৰ সৈতে জড়িত বহু বছৰ পুৰণি বিতৰ্কক লৈ নিজৰ মৌনতা ভংগ কৰিছে । পিতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটৰ সৈতে চুমা খোৱা বিতৰ্কৰ সন্দৰ্ভত স্পষ্টকৈ কোৱা দেখা গৈছে অভিনেত্ৰীগৰাকীক ৷

পূজা ভাটে কয়, ‘‘সেইটো এটা মুহূৰ্ত আছিল, যিটো বৰ ধুনীয়াকৈ বন্দী হৈছিল । যেতিয়া মানুহে পিতৃ-কন্যাৰ সম্পৰ্ককো বেয়া চকুৰে চায়, তেতিয়া তেওঁলোকে যিকোনো কাম কৰিব পাৰে । মই মাত্ৰ সেই মানুহবোৰক ক’ব বিচাৰিছো যে তেওঁলোকে যি দেখিলে আৰু পঢ়িলে, ভৱিষ্যতেও তেওঁলোকে একেধৰণৰ কথা দেখিব আৰু পঢ়িব ।

সকলো বস্তুৰে দুটা দিশ থাকে

পূজা ভাটে লগতে কয়, ‘‘যিকোনো বস্তুৰ ভাল আৰু বেয়া দুটা পক্ষ থাকে । মোৰ মনত আছে এবাৰ শ্বাহৰুখ খানে মোক কৈছিল যে, ছোৱালী থাকিলে প্ৰায়ে মাক-দেউতাকক ছোৱালীজনীয়ে কয় মোক চুমা দিয়া । মই এতিয়াও নিজকে সৰু ছোৱালী বুলি গণ্য কৰোঁ আৰু মোৰ পাপাৰ বাবে মই সদায় তেওঁৰ সৰু কন্যা হৈয়ে থাকিম । মোৰ পাপা মোৰ বাবে সদায়ে পাপা হৈয়ে থাকিব ৷’’

কন্যাক চুমা খাই বিতৰ্কৰ মাজলৈ আহিছিল মহেশ ভাট

উল্লেখ্য যে, ৯০ৰ দশকত পূজা ভাট আৰু মহেশ ভাটে এখন আলোচনীৰ কভাৰৰ ফটোশ্বুট কৰিছিল । দুয়োগৰাকীয়ে এগৰাকীয়ে আনগৰাকীক চুমা খাইছিল । পিতৃ-কন্যাৰ এই ছবিখনে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ এই বিতৰ্কিত ফটোখনক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল । বিতৰ্ক আৰু বাঢ়ি গৈছিল যেতিয়া মহেশ ভাটে কৈছিল যে পূজা ভাট যদি মোৰ কন্যা নহ’লহেঁতেন তেন্তে মই তাইক বিয়া কৰালোঁ হেতেন ।

লগতে পঢ়ক: AR Rahman: হঠাৎ কি হ’ল এ আৰ ৰহমানৰ সংগীতানুষ্ঠানত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.