ETV Bharat / entertainment

'ৰাম আয়েংগে' ভজনৰ কণ্ঠশিল্পী স্বাতী মিশ্ৰ কোন ? স্বাতীৰ প্ৰশংসাত মোদীয়ে ক’লে এই কথা

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 2:12 PM IST

PM Narendra Modi on Singer Swati Mishra: ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কণ্ঠশিল্পী স্বাতী মিশ্ৰই আমন্ত্ৰণ পত্ৰ লাভ কৰিছে । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ গীতৰ প্ৰশংসা কৰিছে।

PM Narendra Modi Praises Singer Swati Mishra's Ram Aayenge Bhajan
স্বাতীৰ কণ্ঠত মোহিত হ’ল প্ৰধানমন্ত্ৰী মোদী

চিটাৰা ডেস্ক, ৩ জানুৱাৰী: ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কণ্ঠশিল্পী স্বাতী মিশ্ৰই লাভ কৰিছে আমন্ত্ৰণ পত্ৰ । উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাতীয়ে ‘ৰাম আয়েংগে’ ভজন পৰিৱেশন কৰিব । এইখিনিতে উল্লেখ কৰিব লাগিব যে, স্বাতী মিশ্ৰৰ ‘ৰাম আয়েংগে’ ভজনটোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ ভজনটোৱে ছ’চিয়েল মিডিয়াত লাখ লাখ ভিউজো লাভ কৰিছে ৷ এতিয়া শেহতীয়াকৈ স্বাতী মিশ্ৰৰ ভজনত মোহিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ স্বাতীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল মোদীক । কণ্ঠশিল্পীগৰাকীৰ বাবে বিশেষ টুইট কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে এই কথা ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশংসা কৰিলে কণ্ঠশিল্পী স্বাতী মিশ্ৰৰ

‘মেৰী জুপুৰী কে ভাগ আজ খোল জায়েংগে, ৰাম আয়েংগে অংগনা ছাজাঙগী’ শীৰ্ষক ভজনটো সকলোৱে ভাল পাইছে । এতিয়া এই ভজনটোক প্ৰশংসা কৰিছে খোদ প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰীয়ে এই ভজনটো নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰি প্ৰশংসা কৰিছে । তেওঁ কেপচনত লিখিছে - ‘শ্ৰী ৰাম লালাক আদৰিবলৈ স্বাতী মিশ্ৰ জীৰ এই ভক্তিমূলক ভজনে মন্ত্ৰমুগ্ধ কৰি তুলিব ।’

  • श्री राम लला के स्वागत में स्वाति मिश्रा जी का भक्ति से भरा यह भजन मंत्रमुग्ध करने वाला है…#ShriRamBhajanhttps://t.co/g2u1RhPpqO

    — Narendra Modi (@narendramodi) January 3, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

স্বাতী মিশ্ৰ কোন ?

সৰুৰে পৰাই গান গোৱাৰ প্ৰতি আকৰ্ষিত আছিল স্বাতী মিশ্ৰ । ছ’চিয়েল মিডিয়াত ৬ কোটিৰো অধিক ভিউজ লাভ কৰিছে স্বাতীৰ ভজনে । বৰ্তমান তেওঁ মুম্বাইত নিজৰ কেৰিয়াৰ গঢ়ি তোলাত মনোনিৱেশ কৰিছে । উল্লেখ্য যে, স্বাতী মিশ্ৰৰ ইউটিউবতো তিনিটা চেনেল আছে আৰু সকলো চেনেলতে লাখ লাখ চাবস্ক্ৰাইবাৰ আছে ।

উল্লেখ্য যে, অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হ’ব । ইয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । ৰাম মন্দিৰক লৈ ৰাইজৰ মাজত প্ৰচণ্ড উৎসাহ দেখা পোৱা গৈছে । ৰাম মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, য’ত উপস্থিত থাকিব বহু নেতা আৰু চেলিব্ৰিটি ।

লগতে পঢ়ক: বিদেশত নৱবৰ্ষ উদযাপন কৰি মুম্বাইলৈ উভতিল শ্বাহৰুখ খান, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.