ETV Bharat / entertainment

Parineeti-Raghav Wedding: পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ হালধি অনুষ্ঠানৰ ছবি চাওক. . .

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 7:31 PM IST

24 ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হৈছে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা ৷ বিবাহৰ পিচতে দুয়োৰে ফটোবোৰ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷

Peek into Parineeti Chopra and Raghav Chadha's joyful Haldi ceremony - watch
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহ

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: অভিনেত্ৰী পৰিণীতি চোপ্ৰা যোৱা ২৪ ছেপ্টেম্বৰত উদয়পুৰৰ লীলা পেলেচত ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এই বিবাহ এক ৰাজকীয় বিবাহ আছিল, য’ত নিৰাপত্তা ব্যৱস্থা আছিল কটকটীয়া । বিয়াৰ পূৰ্বে অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বিবাহৰ এটা আভাস পাবলৈ উৎসুক হৈ পৰিছিল ৷ অৱশ্যে বিয়াৰ পিচত অভিনেত্ৰীগৰাকীৰ বহু ধুনীয়া ধুনীয়া ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ এতিয়া পৰিণীতিৰ হালধি অনুষ্ঠানৰ পৰা অভিনেত্ৰীগৰাকীৰ কিছু ছবি পোহৰলৈ আহিছে ৷

পৰিণীতিৰ হালধি অনুষ্ঠানৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগতে এটা ভিডিঅ’ও সম্প্ৰতি ভাইৰেল হৈ পৰিছে ৷ য’ত অভিনেত্ৰীগৰাকীক ৰঙা ৰঙৰ সাজ-পোছাক পৰিধান কৰি থকা দেখা গৈছে । এই পোছাকৰ সৈতে অভিনেত্ৰীগৰাকীয়ে গধুৰ গহনাও পৰিধান কৰা দেখা গৈছে । ইফালে ভিডিঅ’টোত ৰাঘৱ চাড্ডাকো দেখা গৈছে ৷ ভিডিঅ’টোত হালধীয়া ছাপ থকা অফ-হোৱাইট কুৰ্তা পৰিধান দেখা গৈছে ৰাঘৱ চাড্ডাক ।

বিয়াৰ ছবিত ধুনীয়া দেখা গৈছিল এই দম্পতীক

উল্লেখ্য যে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ পিচত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল বিয়াৰ ফটো । এই ছবিবোৰত দুয়োকে অতি সুন্দৰ দেখা গৈছিল ৷ পৰিণীতিয়ে বিয়াৰ বাবে মনীষ মালহোত্ৰাৰ লেহেংগা বাছি লোৱাৰ বিপৰীতে ৰাঘৱে পৰিধান কৰিছিল মাতৃৰ ককায়েক তথা ডিজাইনাৰ পৱন সচদেৱৰ ডিজাইন কৰা শ্বেৰৱানী । এতিয়া পৰিণীতি স্বামী ৰাঘৱৰ সৈতে দিল্লীৰ শহুৰেকৰ ঘৰলৈ গৈছে । ইফালে বিয়াৰ পিচত এতিয়া পূৰ্ণগতিত চলিছে বিয়াৰ অভ্যৰ্থনাৰ প্ৰস্তুতি ।

পৰিণীতিৰ ৱৰ্কফ্ন্ট

পৰিণীতি চোপ্ৰাৰ ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে অতি সোনকালে অভিনেত্ৰীগৰাকীক অক্ষয় কুমাৰৰ সৈতে ‘মিছন ৰাণীগঞ্জ’ ছবিখনত দেখা যাব । চলিত বৰ্ষৰ ৬ অক্টোবৰত মুক্তি লাভ কৰিব এই ছবিখন ৷ ইয়াৰ উপৰিও অমৰ সিং চামকিলাৰ বায়’পিক ‘চামকিলা’তো অভিনেত্ৰীগৰাকীক দেখা যাব ।

লগতে পঢ়ক: Parineeti-Raghav wedding: ৰাঘৱ চাড্ডাক বিশেষ উপহাৰ দিলে পৰিণীতিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.