ETV Bharat / entertainment

Parineeti Chopra: বিবাহৰ খবৰৰ মাজতে দিল্লী বিমানবন্দৰত দেখা গ’ল পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক

author img

By

Published : Mar 30, 2023, 1:36 PM IST

পুনৰ একেলগে দেখা পোৱা গ’ল অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডা ৷ এইবাৰ ৰেষ্টুৰেণ্ট বাহিৰত নহয়, এইবাৰ বিমানবন্দৰত একেলগে দেখা গ’ল দুয়োকে (Parineeti Chopra and Raghav Chadha) ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Parineeti Chopra and Raghav Chadha spotted at Delhi airport amid wedding rumours
বিমানবন্দৰত একেলগে দেখা গ’ল পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক

চিটাৰা ডেস্ক, ৩০ মাৰ্চ: অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ বিবাহৰ খবৰে সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা ৷ দুয়োৰ বিবাহৰ খবৰ চলি থকাৰ মাজতে বুধবাৰে নিশা দিল্লী বিমানবন্দৰত পুনৰ একেলগে দেখা পোৱা গ’ল অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাক (Parineeti Chopra and Raghav Chadha) ।

দিল্লী বিমানবন্দৰত দুয়োকে একেলগে দেখা পোৱা যায় যদিও পাপাৰাজীক আওকান কৰি বিমানবন্দৰৰ পৰা পৰিণীতিক খৰখেদাকৈ বাহনত প্ৰৱেশ কৰা দেখা পোৱা গৈছিল (Parineeti Chopra and Raghav Chadha spotted at airport) । অভিনেত্ৰীগৰাকীক ক’লা সাজ-পোছাক পৰিধান কৰা দেখা পোৱা গৈছিল ৷ আপৰ নেতা ৰাঘৱ পৰিণীতিৰ লগত খৰখেদাকৈ বাহনৰ ভিতৰলৈ সোমাই যায় ৷ পাপাৰাজীৰ আগত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা (Raghav Chadha spotted at Delhi airport) ৷

পৰিণীতি আৰু ৰাঘৱক শেহতীয়াকৈ এখন ৰেষ্টুৰেণ্ট একেলগে দেখা পোৱা গৈছিল ৷ ইয়াৰ পিচত পুনৰ একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আন এখন ৰেষ্টুৰেণ্টত উপস্থিত হোৱা দেখা পোৱা দেখা গৈছিল দুয়োকে ৷ তাৰ পিচত ছ’চিয়েল মিডিয়াত দুয়োৰে ডেটিঙৰ খবৰ বিয়পি পৰে ৷ আনকি শেহতীয়াকৈ চেলিব্ৰিটি ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ঘৰতো দেখা পোৱা গৈছিল পৰিণীতিক (Parineeti Chopra and Raghav Chadha wedding rumours ) ৷

ইয়াৰ পিচতে দুয়োৰে বিবাহৰ জল্পনা-কল্পনা আৰম্ভ হয় (Parineeti Chopra and Raghav Chadha relationship) ৷ অৱশ্যে এই পৰ্যন্ত দুয়োগৰাকীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমত একো মন্তব্য কৰা নাই ৷ যদিও তেওঁলোকৰ সম্পৰ্ক এক প্ৰকাৰে নিশ্চিত হৈ পৰে যেতিয়া আম আদমি পাৰ্টিৰ নেতা সঞ্জীৱ অৰোৰাই নিজৰ টুইটাৰ একাউণ্টত এটা পোষ্টৰ জৰিয়তে ৰাঘৱ আৰু পৰিনীতিক অভিনন্দন জনায় ৷

সঞ্জীৱে লিখিছে, @raghav_chadha আৰু @ParineetiChopra লৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো । তেওঁলোকৰ মিলন অতি সুন্দৰ আৰু মৰমৰ হওক, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল!" উপ-ৰাষ্ট্ৰপতি জগদীপ ধনকাৰেও আপ ৰাজ্যসভাৰ সদস্য ৰাঘৱক কয়, "আপুনি #socialmedia ত যথেষ্ট স্থান দখল কৰিলে, এয়া হয়তো আপোনাৰ বাবে মৌনতাৰ দিন হ’ব।"

শেহতীয়াকৈ পৰিণীতিকো মুম্বাইৰ পাপসকলে তেওঁৰ বিয়াৰ উৰাবাতৰিৰ ওপৰত মন্তব্য দিবলৈ কৈছিল । বিবাহৰ বিষয়ে প্ৰশ্ন কৰাৰ লগতে পৰিণীতিক লাজত ৰঙা পৰা দেখা পোৱা গৈছিল ৷

লগতে পঢ়ক: Parineeti Chopra: বিবাহৰ সন্দৰ্ভত পৰোক্ষভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পৰিণীতি চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.