ETV Bharat / entertainment

Parineeti Chopra Marriage: ছাতি লৈ নৃত্য কৰি বিবাহৰ মণ্ডপত প্ৰৱেশ পৰিণীতি-ৰাঘৱৰ, চাওক ভিডিঅ’

ছ’চিয়েল মিডিয়াত পৰিণীতি আৰু ৰাঘৱৰ বিয়াৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দৰা-কইনাক নতুন ষ্টাইলত বিবাহৰ মণ্ডপত প্ৰৱেশ কৰা দেখা গৈছে । চাওক ভিডিঅ’ ৷

Parineeti Chopra and Raghav Chadha groove under umbrella as they walk down aisle
পৰিণীতি চোপ্ৰাৰ বিবাহৰ ভিডিঅ’
author img

By ANI

Published : Sep 26, 2023, 12:50 PM IST

চিটাৰা ডেস্ক, 26 ছেপ্টেম্বৰ: যোৱা কেইবামাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত ২৪ ছেপ্টেম্বৰত বিবাহপাশত হ’ল অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডা ৷ এক ৰাজকীয় বিবাহৰ জৰিয়তে যুগ্ম জীনৰ পাতনি মেলে এই দম্পতীয়ে আৰু এই ৰাজকীয় বিয়াৰ সাক্ষী হৈ ৰ’ল ৰাজস্থানৰ উদয়পুৰৰ লীলা পেলেচ ৷ ইফালে বিবাহৰ এদিন পাচতে পৰিণীতি চোপ্ৰাই বিয়াৰ আনুষ্ঠানিক ফটো শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত আৰু মুহূৰ্ততে ফটোবোৰ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ অনুৰাগীৰ পৰা আদি কৰি বহু চেলিব্ৰিটিয়ে এই দম্পতীক বিবাহৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ইফালে বিয়াৰ এদিন পিচতে উদয়পুৰৰ পৰা দিল্লীলৈ উভতি আহে পৰিণীতি-ৰাঘৱ । শেহতীয়াকৈ পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দৰা-কইনাক নতুন ষ্টাইলত এণ্ট্ৰি লোৱা দেখা গৈছে। এই দম্পতীক ছাতি লৈ এণ্ট্ৰি কৰা দেখা গৈছে ৷ কেৱল ছাতি লৈ এণ্ট্ৰি কৰাই নহয়, দুয়ো নৃত্য কৰি আগবাঢ়ি যায় ৷ এইখিনিতে ক’ব লাগিব যে এই সময়ত পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডাক ইগৰাকীয়ে সিগৰাকীৰ সৈতে অতি সুখী যেন লাগিছিল ৷

পৰিণীতি আৰু ৰাঘৱক ছাতিৰ তলত নাচি থকা দেখা গ’ল

২৪ ছেপ্টেম্বৰত উদয়পুৰৰ দ্য লীলা পেলেচত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহ হয় । কটকটীয়া নিৰাপত্তাৰ মাজতে তেওঁলোকৰ বিবাহ সম্পন্ন হয় । সকলো অনুষ্ঠান অতি সুন্দৰভাৱে পৰিচালিত হৈছিল । বিয়াৰ পিচত নৱবিবাহিত দম্পতীৰ বিবাহ অনুষ্ঠানৰ বহু ভিডিঅ’ আৰু ফটো প্ৰকাশ পাইছে ৷ শেহতীয়াকৈ পৰিণীতি আৰু ৰাঘৱৰ বিয়াৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দৰা-কইনাক ছাতি লৈ নতুন ষ্টাইলত প্ৰৱেশ কৰা দেখা গৈছে । এই সময়ত এই দম্পতীক ছাতিৰ তলত নাচি থকাও দেখা যায় ।

এই ৰাজকীয় বিয়াত মনোৰঞ্জনৰ পৰা ৰাজনীতিলৈকে বহু ডাঙৰ ডাঙৰ ব্যক্তিত্ব উপস্থিত থাকে ৷ ইয়াৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, যুৱসেনাৰ আদিত্য থাকৰে, আম আদমী পাৰ্টিৰ সঞ্জয় সিং আৰু সঞ্জীৱ অৰোৰা ৷ অৱশ্যে সকলোৰে চকু আছিল প্ৰিয়ংকা চোপ্ৰাৰ ওপৰত ৷ পূৰ্বে খবৰ পোৱা গৈছিল পোনে পোনে অভিনেত্ৰীগৰাকী উদয়পুৰলৈ উপস্থিত হ’ব ৷ কিন্তু নাহিল অভিনেত্ৰীগৰাকী ৷ এই সন্দৰ্ভত প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই কয় যে, প্ৰিয়ংকা নিজৰ কামৰ ব্যস্ততাৰ বাবে বিয়াত উপস্থিত থাকিব নোৱাৰিলে ৷ অৱশ্যে এই বিশেষ দিনটোৰ বাবে উদয়পুৰত উপস্থিত আছিল কষ্টুম ডিজাইনাৰ মনীষ মালহোত্ৰা, টেনিছ খেলুৱৈ ছানিয়া মিৰ্জা আৰু ক্ৰিকেটাৰ হৰভজন সিং।

লগতে পঢ়ক: Parineeti Raghav wedding: পৰিণীতি-ৰাঘৱক নতুন জীূৱনৰ শুভেচ্ছা জনালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.