চিটাৰা ডেস্ক, ২৪ ছেপ্টেম্বৰ: ২৪ ছেপ্টেম্বৰত অৰ্থাৎ আজি আৰু কিছু সময় পাচতে উদয়পুৰৰ লীলা পেলেচত অগ্নিক সাক্ষী কৰি আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে এক নতুন অধ্যায় আৰম্ভ কৰিব বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই ৷ চূড়া, হালধী আৰু সংগীত অনুষ্ঠানৰ পিচত আজি সন্ধিয়া পৰিণীতিৰ বিদায়ী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ ইতিমধ্যেই মনোৰঞ্জন আৰু ৰাজনীতি জগতৰ বৃহৎ ব্যক্তিত্বই এই ৰাজকীয় বিয়াত অংশগ্ৰহণ কৰিবলৈ লীলা পেলেচত উপস্থিত হৈছে, য’ত তেওঁলোকক উষ্ম আদৰণি জনোৱা হৈছে। ইফালে শনিবাৰে নিশা পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ সংগীত অনুষ্ঠান অনুষ্ঠিত হৈ যায়, যাৰ ছবি এতিয়া চৰ্চালৈ আহিছে । সংগীত অনুষ্ঠানৰ ছবিসমূহত পৰিণীতি আৰু ৰাঘৱক অতি মৰমলগা দেখা গৈছে ।
পোহৰলৈ আহিছে পৰিণীতি-ৰাঘৱৰ সংগীতৰ প্ৰথম ছবিখন
পৰিণীতি-ৰাঘৱৰ সংগীত অনুষ্ঠানক আৰু অধিক স্মৰণীয় কৰি তুলিছে কণ্ঠশিল্পী নৱৰাজ হান্সে ৷ সংম্প্ৰতি কণ্ঠশিল্পী নৱৰাজ হান্সে ৰাঘৱ-পৰিণীতিৰ সৈতে কিছু ছবি নিজৰ ছ’চিয়েল মিডিয়া পেজত শ্বেয়াৰ কৰিছে। এই ছবিসমূহত নৱৰাজে সংগীত অনুষ্ঠানত পৰিণীতি-ৰাঘৱৰ সৈতে পোজ দিয়া দেখা গৈছে ।
বিয়াৰ বাবে অভিনন্দন
ছবিসমূহ শ্বেয়াৰ কৰি নৱৰাজে লিখিছে, ‘‘আদৰণীয় দম্পতীলৈ অভিনন্দন, আপোনালোক দুয়ো ইগৰাকী সিগৰাকীৰ বাবে নিৰ্মিত হৈছে, পৰিণীতি চোপ্ৰা জী আৰু ৰাঘৱ চাড্ডা জী, আপোনালোকৰ বিবাহ জীৱন সুখী হওক, সংগীত অনুষ্ঠানত আপোনালোকৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ পাই মই সুখী । শুভকামনা, এইটো মোৰ বাবে এটা ডাঙৰ সুযোগ, ভগৱানে আপোনালোক দুয়োকে আশীৰ্বাদ কৰক ।’’
![Parineeti Chopra and Raghav Chadha first picture from Sangeet Ceremony, deleted later](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-09-2023/19593395-_th.png)
নৱৰাজ হান্সৰ বিষয়ে ক’বলৈ গ’লে তেওঁ জনপ্ৰিয় পাঞ্জাবী গায়ক হান্স ৰাজ হান্সৰ পুত্ৰ । ইফালে ইটিভি ভাৰতে এই খবৰ লিখাৰ পিচত নৱৰাজে নিজৰ ইনষ্টা একাউন্টৰ পৰা এই ছবিবোৰ ডিলিট কৰি দিয়ে ।
পৰিণীতি-ৰাঘৱৰ বিয়াৰ সূচী
দুপৰীয়া ১ বজাত - চেহৰাবন্ধী
দুপৰীয়া ২ বজাত - শোভাযাত্ৰা
বিয়লি ৩.৩০ বজাত- জয়মালা
বিয়লি ৪ বজাত- সাত পাক ঘূৰা
সন্ধিয়া ৬.৩০ বজাত- পৰিণীতি চোপ্ৰাৰ বিদায়
নিশা ৮.৩০ বজাত - ৰাজকীয় ভোজ
লগতে পঢ়ক: Parineeti-Raghav wedding: মাত্ৰ কিছু সময় পাচতে যুগ্ম জীৱনৰ পাতনি মেলিব পৰিণীতি-ৰাঘৱে; চাওক ফটো