ETV Bharat / entertainment

Mahira Khan: মাহিৰা খানক কইনাৰ সাজত দেখি আৱেগিক হৈ পৰিল দৰা, চাওক ভিডিঅ’ - mahira khan ১ম স্বামী

বিবাহপাশত আৱদ্ধ হ’ল পাকিস্তানী অভিনেত্ৰী মাহিৰা খান ৷ শ্বাহৰুখ খানৰ সৈতে ৰইছ ছবিত অভিনয় কৰা পাকিস্তানী অভিনেত্ৰীগৰাকীৰ এয়া দ্বিতীয় বিবাহ ৷ প্ৰেমিক চেলিমৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰীগৰাকী ।

Pakistani actress Mahira Khan ties the knot for second time; groom and bride gets emotional in wedding video
বিবাহপাশত আৱদ্ধ হ’ল পাকিস্তানী অভিনেত্ৰী মাহিৰা খান
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:45 AM IST

চিটাৰা ডেস্ক, 2 অক্টোবৰ: দেওবাৰে প্ৰেমিক চেলিম কৰিমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল পাকিস্তানী অভিনেত্ৰী মাহিৰা খান । অৱশ্যে ‘ৰইছ’ অভিনেত্ৰীগৰাকীৰ এয়া দ্বিতীয় বিবাহ । অভিনেত্ৰীগৰাকীয়ে যোৱা পাঁচ বছৰ ধৰি ব্যৱসায়ীজনৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল আৰু অৱশেষত বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয় । পাকিস্তানী অভিনেত্ৰীগৰাকীৰ বিয়াৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মাহিৰা খান

এই বিয়াত উপস্থিত আছিল অতি সীমিত লোক ৷ পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গৰ উপস্থিতিত চেলিমৰ সৈতে বিবাহপাশত আবদ্ধ হয় মাহিৰা । ইফালে বিয়াৰ প্ৰথমটো ভিডিঅ’ শ্বেয়াৰ কৰিছে মাহিৰাৰ মেনেজাৰ অনুষয় তলহা খানে । ভিডিঅ’টোত মাহিৰাক কইনাৰ সাজ পৰিধান কৰি স্বামীৰ ওচৰলৈ অহা দেখা গৈছে । এই সময়ছোৱাত কইনাৰ সাজত মাহিৰাক দেখি আৱেগিক হৈ পৰে দৰা ।

কইনাৰ সাজত ধুনীয়া দেখা গৈছে মাহিৰাক

মাহিৰা খানে নিজৰ বিশেষ দিনটোত পাতল নীলা ৰঙৰ লেহেংগা পৰিধান কৰিছিল । ইয়াৰ সৈতে পৰিধান কৰিছিল মেচিং দীঘল ওৰণি । কইনাৰ সাজত সুন্দৰ দেখা গৈছে মাহিৰাক ৷ আনহাতে দৰা চেলিমে পৰিধান কৰিছিল সম্পূৰ্ণ ক’লা ৰঙৰ শ্বেৰৱানী । ভিডিঅ’টোত চেলিমে মাহিৰাৰ ওচৰলৈ গৈ সাৱটি ধৰে নিজৰ কইনাগৰাকীক । ইয়াৰ লগে লগে বিয়াত উপস্থিত থকা আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে হাত চাপৰি বজাই তেওঁলোকক উৎসাহিত কৰে ।

মাহিৰা খানৰ বিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত অনুৰাগীয়ে অভিনন্দন জ্ঞাপন কৰিছে ।

২০২০ চনত মাহিৰাই চেলিমৰ বিষয়ে প্ৰকাশ কৰিছিল

উল্লেখ্য যে ২০২০ চনত মাহিৰাই প্ৰথমবাৰৰ বাবে বাৰ্তালাপত চেলিমৰ বিষয়ে প্ৰকাশ কৰিছিল । এটা সাক্ষাৎকাৰত মাহিৰাই স্বীকাৰ কৰিছিল যে তেওঁ চেলিমৰ সৈতে ডেট কৰি আছে । আনহাতে ইনষ্টাগ্ৰাম লাইভতো চেলিমৰ বিষয়ে বহু কথা শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

চেলিম কৰিম কোন ?

মাহিৰাৰ স্বামী চেলিম কৰিম পাকিস্তানী ষ্টাৰ্টআপ চিম্পাছৰ চিইঅ’। চেলিমৰ সৈতে মাহিৰাৰ এয়া দ্বিতীয় বিবাহ । ২০০৭ চনত আলী আস্কাৰীৰ সৈতে অভিনেত্ৰীগৰাকীৰ প্ৰথম বিবাহ হৈছিল । ২০১৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল । প্ৰথম বিয়াৰ পৰা মাহিৰাৰ এটি পুত্ৰ সন্তানো আছে ৷ নাম আজলান ।

শ্বাহৰুখ খানৰ সৈতে ছবিত কাম কৰিছিল মাহিৰাই

শ্বাহৰুখ খানৰ ছবি ৰইছত মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ তেতিয়াৰে পৰাই ভাৰততো জনপ্ৰিয় হৈ পৰে অভিনেত্ৰীগৰাকী ।

লগতে পঢ়ক: Mika Singh on Jacquelines pic: হলিউডৰ অভিনেতাৰ সৈতে জেকলিনৰ ফটো; মিকা সিঙে ক’লে - সুকেশতকৈ ভাল এইজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.