ETV Bharat / entertainment

Sulochana Chavan passes away:পদ্মশ্ৰী বঁটা বিজয়ী সুলোচনা চৱনৰ 89 বছৰ বয়সত মৃত্যু ঘটে

author img

By

Published : Dec 10, 2022, 1:44 PM IST

পদ্মশ্ৰী বঁটা বিজয়ী কণ্ঠশিল্পী সুলোচনা চৱনে 89 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে (Sulochana Chavan news) । আজি সন্ধিয়া দক্ষিণ মুম্বাইৰ মেৰিন লাইনত তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব ।

Sulochana Chavan
পদ্মশ্ৰী বঁটা বিজয়ী সুলোচনা চৱনৰ 89 বছৰ বয়সত মৃত্যু ঘটে

চিটাৰা ডেস্ক, 10 ডিচেম্বৰ : 10 ডিচেম্বৰত বাৰ্ধক্য জনিত কাৰণত দেহাৱসান ঘটে প্ৰবীণ গায়িকা সুলোচনা চৱনৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 89 বছৰ । খবৰ অনুসৰি যোৱা কেইদিনমানৰ পৰা সুলোচন চৱনৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু আজি মহাৰাষ্ট্ৰৰ ফানাছৱাড়ীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে ।

1933 চনৰ 13 মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰিছিল সুলোচনাই । আজি সন্ধিয়া দক্ষিণ মুম্বাইৰ মেৰিন লাইনত তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব ।

মাৰ্চ মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল সুলোচনাক । কলা ধাৰালৈ তেওঁৰ গানৰ অৱদানৰ বাবে তেওঁক লাৱনীসমৰাধনী (লাৱনীৰ ৰাণী) উপাধিও প্ৰদান কৰা হৈছিল ।

চৱন বিভিন্ন বিখ্যাত লাৱনী গান গোৱাৰ বাবে জনাজাত (Sulochana Chavan lavani)। তেওঁৰ বিখ্যাত লাৱনী গীতসমূহৰ ভিতৰত 1965 চনৰ মালহাৰী মাৰ্টাণ্ড ছবিৰ তুজ্য উছালা লাগাল কলহা, পদাৱৰ্তী জাৰতৰিচা এই দুটা গীত আৰু 1964 চনৰ ছবি সৱাল মাঝা আইকাৰ সোলাৱা ৱৰীছ ঢোক্যচা, কাছা কায় পাটিল বাৰা হায় কা এই গান কেইটা জনপ্ৰিয় আছিল ৷

লগতে পঢ়ক : সম্পত্তিৰ বিবাদক লৈ পুত্ৰই হত্যা কৰিলে অভিনেত্ৰী বীণা কাপুৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.