ETV Bharat / entertainment

OMG 2 OTT Release: এতিয়া ঘৰতে বহি চাব পাৰিব অক্ষয় কুমাৰ-পংকজ ত্ৰিপাঠীৰ OMG 2, ক’ত আৰু কেনেকৈ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 2:24 PM IST

অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীৰ ছবি 'OMG 2' এতিয়া OTT প্লেটফৰ্মত মুক্তিৰ বাবে সাজু হৈছে । এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হৈছে । এই প্ৰতিবেদনত জানি লওক কেতিয়া আৰু ক’ত ছবিখন চাব পাৰিব ।

OMG 2 OTT release: Know when and where you can watch OMG 2
'OMG 2' OTT মুক্তিৰ বাবে সাজু হৈছে

চিটাৰা ডেস্ক, 3 অক্টোবৰ: অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীৰ অভিনীত ছবি 'OMG 2' য়ে সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে । যৌন শিক্ষাৰ আধাৰত নিৰ্মিত এই ছবিখন দৰ্শকে অতিকৈয়ে পছন্দ কৰিছে । ১১ আগষ্টত ছবিগৃহত মুক্তি পোৱা এই ছবিখন এতিয়া অ’টিটিতো মুকলিৰ বাবে সাজু হৈছে । গতিকে এতিয়া ঘৰতে বহি এই ছবিখন উপভোগ কৰিব পাৰিব আপুনি ৷ ঘৰতে বহি কেতিয়া আৰু ক’ত চাব পাৰিব সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

'OMG 2' OTT মুক্তিৰ বাবে সাজু হৈছে

সামাজিক বাৰ্তাৰ আধাৰত নিৰ্মিত ‘OMG 2’ ছবিখন নেটফ্লিক্সত চাব পাৰিব । অক্ষয় কুমাৰৰ এই ছবিখন অহা ৮ অক্টোবৰত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত প্ৰচাৰ হ’ব । এই সন্দৰ্ভত নেটফ্লিক্সে আনুষ্ঠানিক ঘোষণা কৰিছে ।

ছবিখনৰ কনচেপ্টটো দৰ্শকে ভাল পাইছিল

উল্লেখ্য যে 'OMG 2' ৰ সমান্তৰালকৈ 'Gadar 2' ছবিখনো ১১ আগষ্টত বক্স অফিচত মুক্তি লাভ কৰিছিল । উপাৰ্জনৰ ক্ষেত্ৰত ‘গদৰ ২’ জয়ী হ’লেও অক্ষয়ৰ ‘অ’এমজি ২’ ছবিখনেও দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে ৷ ছবিখনৰ কনচেপ্টটো মানুহে পছন্দ কৰিছে ৷ বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে বাজেট অনুসৰি যথেষ্ট উপাৰ্জন কৰিছে । অক্ষয় কুমাৰৰ এই ছবিখনে ১০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰাত সফল হৈছিল ।

অক্ষয় কুমাৰৰ আগন্তুক ছবি

অক্ষয়ৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ‘OMG 2’ৰ পিচত এতিয়া তেওঁৰ আগন্তুক ছবি ‘মিছন ৰাণীগঞ্জ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । চলিত বৰ্ষৰ 6 অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখন ৷ এই ছবিখন বাস্তৱ জীৱনৰ নায়ক যশৱন্ত সিং গিলৰ জীৱনৰ আধাৰত নিৰ্মিত আৰু ছবিখনত অক্ষয় কুমাৰে যশৱন্ত গিলৰ চৰিত্ৰত অভিনয় কৰিছে । শেহতীয়াকৈ ‘মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ’ৰ এক শক্তিশালী ট্ৰেইলাৰ মুকলি কৰা হৈছে আৰু এই ট্ৰেইলাৰটোৱে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে ।

লগতে পঢ়ক: Sky Force: পাকিস্তানত ভাৰতৰ প্ৰথমটো বিমান আক্ৰমণ, অক্ষয় কুমাৰৰ নতুন ছবিৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.