ETV Bharat / entertainment

Sonam Kapoor latest news: সোনম কাপুৰৰ ঘৰত চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ নাৰ্চ

author img

By

Published : Apr 13, 2022, 9:07 PM IST

শেহতীয়াকৈ, বলীউডৰ অভিনেত্ৰী সোনম কাপুৰৰ দিল্লীস্থিত ঘৰত কোটি টকাৰ চুৰি হৈছিল (Sonam Kapoor house theft incident) । দিল্লী আৰক্ষীয়ে চোৰক গ্ৰেপ্তাৰ কৰি নগদ ধন আৰু গহণা উদ্ধাৰ কৰিছে ।

Sonam Kapoor latest news
চোনম কাপুৰৰ ঘৰত চুৰি

চিটাৰা ডেস্ক, 13 এপ্ৰিল: বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাৰ দিল্লীৰ ঘৰত ২.৪০ কোটি টকা চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । দিল্লী আৰক্ষীয়ে এই গোচৰটোত অভিনেত্ৰীগৰাকীৰ ঘৰৰ নাৰ্চক গ্ৰেপ্তাৰ কৰিছে । নাৰ্চগৰাকীৰ পৰা কোটি কোটি টকা নগদ ধন আৰু গহণা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষী ৷ ফেব্ৰুৱাৰীত নাৰ্চ গৰাকীয়ে অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা চুৰি কৰিছিল (Sonam Kapoor house theft incident) ।

অভিযুক্ত নাৰ্ছ অপৰ্ণা ৰুথ উইলছনে অভিনেত্ৰী সোনম কাপুৰৰ শাহু আইতাকৰ যত্ন লৈছিল । উইলছনৰ স্বামী নৰেশ কুমাৰ সাগৰে শকুৰপুৰৰ এটা ব্যক্তিগত কোম্পানীত একাউণ্টেণ্ট হিচাপে কাম কৰে । ঘৰৰ চুৰিৰ কথা গম পাই সোনম কাপুৰৰ আইতাক সৰলা আহুজাই এই বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল । ঘটনা সন্দৰ্ভত টোঘলক ৰোড আৰক্ষী থানাই এটা গোচৰ পঞ্জীয়ন কৰিছিল আৰু চোৰৰ অনুসন্ধান আৰম্ভ কৰিছিল ।

উল্লেখনীয় যে ঘৰটোৰ পৰা 2 কোটি 40 লাখ টকাতকৈও অধিক মূল্যৰ সম্পদ চুৰি হৈছিল, য'ত নগদ ধন আৰু গহনা আছিল ।

sonam kapoor
চোনম কাপুৰৰ ঘৰত চুৰি

বাতৰি অনুসৰি, সোনম আৰু আনন্দৰ দিল্লীৰ ঘৰত চুৰি এই বছৰৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল (Sonam kapoor latest news) । সোনমৰ আইতাক সৰলা আহুজা তেওঁৰ পুত্ৰ আৰু বোৱাৰীৰ সৈতে দিল্লীৰ এই ঘৰটোত বাস কৰে । ঘৰটোত প্ৰায় ৩৫ জন চোৱাচিতা কৰা মানুহ আছে যিয়ে সকলো ঘৰৰ কাম কৰে । আৰক্ষীয়ে তেওঁলোক সকলোকে সোধা-পোছা কৰিছিল ।

সোনমৰ শাহু আইতাকে 11 ফেব্ৰুৱাৰীত আলমাৰীটো খুলি এই চুৰি কাণ্ডৰ বিষয়ে জানিব পাৰিছিল । তেওঁ ২৩ ফেব্ৰুৱাৰীত থানাত বিষয়টোত এটা অভিযোগ দাখিল কৰিছিল । সোনম কাপুৰ আৰু আনন্দ আহুজা বৰ্তমান মুম্বাইত আছে । সোনম কাপুৰ অন্তঃসত্বা হোৱাৰ বাবে দম্পতীটো মুম্বাইত আছে। সোনম কাপুৰ প্ৰায় চাৰি মাহৰ গৰ্ভৱতী । দুয়োয়ে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক এই শুভবাৰ্তা দিছিল ।

লগতে পঢ়ক: Sonam Kapoor pregnant: মাতৃ হ’বলৈ ওলাইছে চোনম কাপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.