ETV Bharat / entertainment

The Kerala Story: ‘৩২০০০ নহয় তিনিগৰাকী মহিলাৰ কাহিনী’, বিতৰ্কৰ মাজতে ছবিখনত বৃহৎ সালসলনি

author img

By

Published : May 3, 2023, 2:40 PM IST

‘দ্য কেৰেলা ষ্ট’ৰী’ক লৈ চলি থকা বিতৰ্কৰ মাজতে ইউটিউবত ছবিখনৰ আন এক টিজাৰ মুকলি কৰে নিৰ্মাতাসকলে । নতুন টিজাৰত ইন্ট্ৰ’ৰ পৰিৱৰ্তন কৰা হৈছে (The Kerala Story)।

Numbers don't lie: The Kerala Story makers revise missing girls no to 3 from 32k
‘দ্য কেৰালা ষ্ট’ৰী’ৰ নতুন টিজাৰত ইন্ট্ৰ’ৰ পৰিৱৰ্তন

চিটাৰা ডেস্ক, 3 মে’: মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ‘দ্য কেৰালা ষ্ট’ৰী’ (The Kerala Story) । ইফালে ছবিখনক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে মঙলবাৰে ইউটিউবত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ শেহতীয়া টিজাৰ মুকলি কৰে ছবিখনৰ নিৰ্মাতাসকলে । ইয়াৰ লগে লগে টিজাৰত ছবিখনৰ ইন্ট্ৰ’ৰ টেক্সট সলনি হোৱা দেখা গ’ল।

দ্য কেৰালা ষ্ট’ৰীৰ ইন্ট্ৰ’ৰ সালসলনি

দৰাচলতে পূৰ্বে ‘কেৰালা কাহিনী’ৰ টিজাৰত দেখুওৱা হৈছিল যে কেৰালাৰ পৰা প্ৰায় ৩২ হাজাৰ মহিলা নিৰুদ্দেশ হৈছে । এতিয়া পৰিৱৰ্তিত সংস্কৰণত কোৱা হৈছে যে তিনিগৰাকী মহিলাক প্ৰভাৱিত কৰি ধৰ্মান্তৰিত কৰি ভাৰত আৰু বিদেশত সন্ত্ৰাসবাদী অভিযানত পঠিওৱা হৈছিল (The Kerala Story Trailer) ।

দ্য কেৰালা ষ্ট’ৰীক লৈ কিয় হৈছে বিতৰ্ক ?

অভিনেত্ৰী আদা শৰ্মাৰ অভিনীত ছবি দ্য কেৰালা ষ্ট’ৰী ৫ মে’ত মুক্তি পোৱাৰ কথা আছিল । কিন্তু ছবিখনে ৩২ হাজাৰ মহিলা নিৰুদ্দেশ হোৱা বুলি দাবী কৰি এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল । ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ লগে লগে শাসকীয় চিপিআই(এম)ৰ নেতৃত্বত বাওঁপন্থী আৰু ইউডিএফে ছবিখন প্ৰদৰ্শন নকৰিবলৈ দাবী জনায় (The Kerala Story Teaser)।

আনকি কিছুমান সংস্থাই এই ছবিখনৰ কাহানী সঁচা বুলি প্ৰমাণ কৰিব পাৰিলে নগদ ধনৰ পুৰস্কাৰো ঘোষণা কৰে । মুছলিম ইউথ লীগৰ কেৰালা ষ্টেট কমিটীয়ে ছবিখনত উত্থাপিত "অভিযোগ" প্ৰমাণ কৰিব পৰা সকলক এক কোটি টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছিল (The Kerala Story Exaggeration claims) ।

ছবিখন নিষিদ্ধ কৰাৰ দাবী

বিৰোধী দলৰ নেতা বি.ডি. সতীছানে কয় যে তেওঁৰ স্থিতি স্পষ্ট আৰু মত প্ৰকাশৰ স্বাধীনতাৰ নামত তেওঁ কাকো উৰাবাতৰি বিয়পাবলৈ নিদিয়ে (Kerala story comment on ISIS) ৷ তেওঁ কয় যে ইয়াৰ সৈতে উপযুক্তভাৱে মোকাবিলা কৰা হ’ব আৰু তেওঁ ইতিমধ্যে ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছে । উল্লেখ্য যে, মঙলবাৰে কেৰালা উচ্চ ন্যায়ালয়তো ছবিখনৰ মুক্তি নিষিদ্ধ কৰাৰ দাবীত এখন আবেদন দাখিল কৰা হৈছিল । অৱশ্যে উচ্চ ন্যায়ালয়ে এই আৱেদন নাকচ কৰে (Kerala story controversy)।

উল্লেখ্য যে, সুদীপ্ত সেনে ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখন পৰিচালনা কৰিছে । ছবিখনৰ কাহিনীত কেৰালাৰ চাৰিগৰাকী মহিলা কলেজীয়া ছাত্ৰী ইছলামিক ষ্টেটৰ অংশ হৈ পৰাৰ যাত্ৰা দেখুওৱা হয় (Kerala story fake story) ।

লগতে পঢ়ক: SRK : ছ’চিয়েল মিডিয়াত ভাইৰেল শ্বাহৰুখ খানৰ এটা ভিডিঅ’, নেটিজনে ক’লে- আৰু চাওক এওঁলোকৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.