ETV Bharat / entertainment

Fighter : ফাইটাৰৰ শ্বুটিঙৰ মাজতে একেলগে কফি উপভোগ কৰিলে দীপিকা-হৃতিকে, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 2:43 PM IST

শীঘ্ৰে একেলগে দেখা যাব ‘ফাইটাৰ’ ছবিখনত দেখা যাব হৃতিক ৰোশন আৰু দীপিকা পাডুকনক । বৰ্তমান দুয়ো ফাইটাৰৰ গীতৰ শ্বুটিঙৰ বাবে ইটালীত আছে ৷ ইফালে শ্বুটিঙৰ মাজতে একেলগে কফি উপভোগ কৰিলে ফাইটাৰৰ টিমে ৷ চাওক ফটো ৷

Nothing much to see here, just Hrithik Roshan and Deepika Padukone's picture from Fighter Italy schedule to brighten up your day
শ্বুটিঙৰ মাজতে একেলগে কফি উপভোগ কৰিলে ফাইটাৰৰ টিমে

চিটাৰা ডেস্ক, 4 অক্টোবৰ: হৃতিক ৰোশন, দীপিকা পাডুকন আৰু অনিল কাপুৰৰ অভিনীত ছবি ‘ফাইটাৰ’ চলিত বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি । এই ছবিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে হৃতিক আৰু দীপিকাক একেলগে ৰূপালী পৰ্দা দেখা পোৱা যাব । বৰ্তমান ইটালীত পূৰ্ণগতিত চলি আছে ছবিখনৰ শ্বুটিং । ইটালীত ছবিখনৰ দুটা গীতৰ শ্বুটিং কৰিবলৈ গৈছে দলটো । ইফালে শ্বুটিঙৰ মাজতে ফাইটাৰৰ চেটৰ পৰা দীপিকাৰ এখন মৰমলগা ছানকিছ কৰা ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভাইৰেল হোৱা ছবিখনত আছে পৰিচালক সিদ্ধাৰ্থ আনন্দ, নৃত্য পৰিচালক বস্কো মাৰ্টিছ, হৃতিক ৰোশন আৰু দীপিকা পাডুকন ৷ এই ছবিখনত সকলোকে আনন্দৰে পোজ দি থকা দেখা গৈছে ।

ইটালীত ফাইটাৰৰ শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ আনন্দৰ সৈতে দীপিকা পাডুকন, হৃতিক ৰোশন

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ছবিখনত ফাইটাৰৰ শ্বুটিঙৰ সময়ত ইটালীত হৃতিক ৰোশন, দীপিকা পাডুকন, সিদ্ধাৰ্থ আনন্দ, মমতা আনন্দ, বস্কো মাৰ্টিছ আদিক একেলগে সময় অতিবাহিত কৰা দেখা গৈছে । হৃতিকক চেলফি লোৱা দেখা গৈছে, আনহাতে দীপিকাই তেওঁৰ কাষত পোজ দিছে । ইফালে সিদ্ধাৰ্থ আনন্দ, মমতা আনন্দ, বস্কো মাৰ্টিছক টেবুল এখনৰ চাৰিওফালে বহি থকা দেখা গৈছিল আৰু সকলোৱে একেলগে কফি টাইম উপভোগ কৰিছিল ।

এই সময়চোৱাত নীলা ৰঙৰ টি-চাৰ্ট আৰু ক’লা ৰঙৰ হুডি পৰিধান কৰিছিল হৃতিকে, আনহাতে দীপিকাক বগা সাজৰ সৈতে আৰু ক’লা চেণ্ডেল পৰিধান কৰা দেখা গৈছে।

উল্লেখ্য যে, হৃতিক আৰু দীপিকাই ইটালীত দুটা গীতৰ শ্বুটিং কৰিব । ইয়াৰে এটা হ’ব ‘ৱাৰ’ ছবিখনৰ ‘ঘুংঘৰু’ গীতটিৰ দৰে ফুট টেপিং ডান্স নম্বৰ । এক সূত্ৰই জনোৱা মতে, বিশাল আৰু শেখৰে ৰচনা কৰা এই গীতটি মুকলি হোৱাৰ লগে লগে চহৰখনৰ চৰ্চাৰ বিষয় হৈ পৰিব । গীতটিৰ নৃত্য পৰিচালনা কৰিছে বস্কো আৰু চিজাৰে ৷ সূত্ৰ অনুসৰি ডান্স নম্বৰটোত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীৰ বাবে কেইবাটাও হুক ষ্টেপ থাকিব । এই গীতটিৰ ৫ দিনৰ শ্বুটিঙৰ অন্তত হৃতিক আৰু দীপিকাই ইটালীৰ আন এটা স্থানলৈ গৈ ৰোমান্টিক গীতৰ শ্বুটিং কৰিব ।

লগতে পঢ়ক: Ileana D Cruz: নিজৰ দুমহীয়া সন্তানক লৈ চিন্তাত পৰিছে ইলিয়ানা ডি ক্ৰুজ, কি হৈছে ফিনিক্স ডোলানৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.