চিটাৰা ডেস্ক, 25 জুলাই : কেটৰিণা কাইফ আৰু বিকী কৌশলৰ মৃত্যুৰ ভাবুকিৰ গোচৰৰ অভিযুক্তক আটক কৰিছে মুম্বাই আৰক্ষীয়ে (Katrina-Vicky death threats case) । ব্ৰিটিছ পত্নী অভিনেত্ৰী কেটৰিণাক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হোৱা এজন ব্যক্তিৰ বিৰুদ্ধে বিকীয়ে এজাহাৰ দাখিল কৰে ।
ছ’চিয়েল মিডিয়াত মৃত্যুৰ ভাবুকি দিয়াৰ লগতে ৩৯ বছৰীয়া কেটৰিণাক stalk কৰাৰ অভিযোগত ছান্টাক্ৰুজ আৰক্ষী থানাত এই এজাহাৰ দাখিল কৰে । দীৰ্ঘ সময় ধৰি তেওঁ কেটৰিণাক stalk কৰি আছিল ৷
উল্লেখযোগ্য যে, শেহতীয়াকৈ ১৬ জুলাইত কেটৰিণাৰ জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপলৈ গৈছিল তেওঁলোক আৰু ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ফটো শ্বেয়াৰ কৰিছিল ৷ তাৰ পিছতেই এই ভয়াৱহ ভাবুকি লাভ কৰে তাৰকাগৰাকীয়ে ।
মেগাষ্টাৰ ছলমান খান আৰু তেওঁৰ দেউতাক চেলিম খানেও মুছেৱালা গেঙৰ সৈতে সম্পৰ্ক থকা কিছুমান বিশেষ গেংষ্টাৰৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ প্ৰায় এমাহৰ পিছতে এই ঘটনা সংঘটিত হৈছে ।