ETV Bharat / entertainment

Jawan: জৱান চোৱাৰ মন আছে নেকি ? তেতিয়াহ’লে আপোনাৰ বাবে আছে এক ডাঙৰ খবৰ, সবিশেষ জানি লওক

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:15 PM IST

ৰাষ্ট্ৰীয় চিনেমা দিৱসত আকৌ এবাৰ দৰ্শকে সস্তা দামত চাব পাৰিব ছবি ৷ হয়, দৰ্শকে চিনেমা হলত মাত্ৰ ৯৯ টকাত চিনেমা উপভোগ কৰিব পাৰিব । জানি লওক আপুনি কেতিয়া আৰু কেনেকৈ ৯৯ টকাত চাব পাৰিব ।

Movie theatres announce National Cinema Day on 13 October, Jawan tickets in just 99 rupees
ৰাষ্ট্ৰীয় চিনেমা দিৱসত ৯৯ টকাত চাব পাৰিব 'জৱান'

চিটাৰা ডেস্ক, ২১ ছেপ্টেম্বৰ: বলীউডৰ কিং শ্বাহৰুখ খানৰ ছবি ‘জৱান’ মুক্তিৰ পিচতে গোটেই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ ছবিখনে মাত্ৰ ১৪ দিনৰ ভিতৰতে অতিক্ৰম কৰিলে ৯০০ কোটি টকা । এতিয়াও এই ছবিখনৰ উন্মাদনা শেষ হোৱা নাই । যদি আপুনি এতিয়াও জৱান ছবিখন চোৱা নাই, তেন্তে আপোনাৰ বাবে লৈ আহিছো এক সুখবৰ ৷ আচলতে ১৩ অক্টোবৰত ৰাষ্ট্ৰীয় চিনেমা দিৱস পালন কৰা হ’ব । ৰাষ্ট্ৰীয় চিনেমা দিৱসত টিকটৰ দাম বহুত কম কৰা হয়, যাতে অধিক সংখ্যক লোকে চিনেমা হলত চিনেমা চাব পাৰে আৰু চিনেমা হলৰ অভিজ্ঞতা ল’ব পাৰে ।

যিহেতু সাধাৰণতে ছবি এখনৰ টিকটৰ মূল্য বহুত বেছি থাকে, সেয়েহে, একাংশই কেতিয়াবা মন থাকিলেও ছবিগৃহত গৈ ছবি উপভোগ কৰিব নোৱাৰে ৷ যাৰ বাবে অনলাইনত অথবা টিভিত ছবিখন অহালৈ অপেক্ষা কৰে ৷ কিন্তু এতিয়া ১৩ অক্টোবৰত ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে টিকট বিক্ৰী হ’ব মাত্ৰ ৯৯ টকাত ৷ গতিকে আপুনিও ছবিখন ছবিগৃহত উপভোগ কৰাৰ সুযোগ পাব ৷ এই সিদ্ধান্তই কেৱল দৰ্শককে উপকৃত নকৰে, ইয়াৰ পৰা ‘জৱান’ ছবিখনেও বাম্পাৰ বেনিফিট পাব পাৰে ।

যোৱাবাৰো ৰাষ্ট্ৰীয় চিনেমা দিৱসত টিকটৰ মূল্য হ্ৰাস কৰা হৈছিল ৷ সেয়েহে, যোৱাবাৰো সস্তীয়া টিকটৰ কৌশল নিৰ্মাতাসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হৈছিল । ‘ব্ৰহ্মাস্ত্ৰ’ৰ সময়তো টিকটৰ দাম কমিছিল । সেই সময়ছোৱাত ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে ব্ৰহ্মাষ্ট্ৰৰ উপাৰ্জনত ২৩৯% লাভ হয় । সেইদিনা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ ছবিখনে ১০.৮০ কোটি টকা সংগ্ৰহ কৰিছিল ।

৭৫ টকাত বিক্ৰী হৈছিল চিনেমাৰ টিকট

ব্ৰহ্মাষ্ট্ৰৰ সময়ত বহু ঠাইত ৭৫ টকা পৰ্যন্ত মূল্যৰ টিকট বিক্ৰী হৈছিল । এইবাৰ ৰাষ্ট্ৰীয় চিনেমা দিৱসত চিনেমাৰ টিকটৰ মূল্য ৯৯ টকা । সমগ্ৰ দেশৰ ছবিগৃহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মাল্টিপ্লেক্স এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই । এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে অধিক সংখ্যক লোকক চিনেমা হলত চিনেমা চাবলৈ অনুপ্ৰাণিত কৰা ।

৯৯ টকাত চিনেমাখন কেতিয়া ক’ত চাব পাৰিব ?

এই নিয়ম ১৩ অক্টোবৰত সমগ্ৰ দেশৰ ৪০০০ পৰ্দাত প্ৰযোজ্য হ’ব । য’ত পিভিআৰ, আইএনঅ’এক্স, চিনেপলছ, মিৰাজ, চিটিপ্ৰাইড, এছিয়ান, মুক্তা এ২, মুভিটাইম, ৱেভ, এমটুকে আৰু ডিলাইটৰ দৰে মাল্টিপ্লেক্স চেইনসমূহে ইয়াত অংশগ্ৰহণ কৰিব ।

ৰাষ্ট্ৰীয় চিনেমা দিৱসত জৱানে লাভ কৰিবনে সুবিধা ?

এতিয়া জৱানৰ দৰে ব্লকবাষ্টাৰ ছবি ছবিগৃহত দৰ্শকে পুনৰ এবাৰ কম টিকটৰ মূল্যত চাবলৈ সুযোগ পাব । যেতিয়া এই সিদ্ধান্তৰ দ্বাৰা ‘ব্ৰহ্মাস্ত্ৰ’ৰ দৰে ছবিৰ উপাৰ্জনত বিপুল লাভ হৈছিল, তেতিয়া ‘জৱান’ৰ উপাৰ্জনেও হয়তো নতুন অভিলেখ গঢ়িব পাৰিব ৷

লগতে পঢ়ক: Ambani Family Ganpati Celebration: বাপ্পাৰ পূজাত ব্যস্ত শ্বাহৰুখ খান, ফুল অৰ্পণ কৰি বাপ্পাৰ আশীৰ্বাদ ল’লে কিং খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.