ETV Bharat / entertainment

Oppenheimer : বিশ্বৰ আটাইতকৈ ভয়াৱহ যুদ্ধৰ ওপৰত নিৰ্মিত ছবি ‘অপেনহাইমাৰ’, ইতিহাস জানি গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰ - অপেনহাইমাৰ

‘অপেনহাইমাৰ’ এনে এটা নাম, যিটো বিশ্বৰ ইতিহাসত অমৰ । ‘অপেনহাইমাৰ’ নামটোৰ আঁৰৰ সত্যতা কি জানি লওক এই প্ৰতিবেদনত ।

Who is J R Oppenheimer : movie Oppenheimer sets to make bigger collection day 1
অপেনহাইমাৰ নামটোৰ আঁৰৰ সত্যতা কি
author img

By

Published : Jul 21, 2023, 4:36 PM IST

চিটাৰা ডেস্ক, 21 জুলাই: হলিউডৰ এখন বহু প্ৰত্যাশিত ছবি, যিয়ে বিশ্বৰ লগতে ভাৰতীয় বক্স অফিচতো ইতিহাস ৰচিব বুলি ধাৰণা কৰা হৈছে ৷ ইতিমধ্যেই এই ছবিখনক লৈ ভাৰতৰ হলিউড ছবিৰ প্ৰতি আকৰ্ষিত দৰ্শকৰ মাজত উন্মাদনা পোৱা দেখা গৈছে। এই ছবিখনৰ নাম হৈছে ‘অপেনহাইমাৰ’ । অপেনহাইমাৰ কোনো সাধাৰণ নাম নহয় । অপেনহাইমাৰ কি, ইয়াৰ অৰ্থ কি আৰু ভাৰতত ইয়াৰ উন্মাদনা কি আৰু ভাৰতত ইয়াৰ এডভান্স বুকিং আৰু আজি মুক্তিৰ পিচত ইয়াৰ সংগ্ৰহ কিমান হ’ব পাৰে ? এই ছবিখন আৰু ইয়াৰ বক্স অফিচ সংগ্ৰহৰ সৈতে জড়িত সকলো তথ্য জানি লওক এই প্ৰতিবেদনত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অপেনহাইমাৰ ছবিখন কোনে পৰিচালনা কৰিছিল ?

বেটমেন ট্ৰাইলজী, ইন্টাৰষ্টেলাৰ আৰু ডানকাৰ্কৰ দৰে বৃহৎ ছবি নিৰ্মাণ কৰা ৫২ বছৰীয়া ব্ৰিটিছ-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা ক্রিষ্টোফাৰ নোলানে এই ছবিখন পৰিচালনা কৰিছে । কৰ’না কালৰ পিচত তেওঁৰ প্ৰথমখন ছবি অপেনহাইমাৰ বিশ্বজুৰি মুক্তি পাবলৈ গৈ আছে । ইয়াৰ পূৰ্বে ক্রিষ্টোফাৰে টেনেট (২০২০) ছবিখন নিৰ্মাণ কৰিছিল।

Who is J R Oppenheimer : movie Oppenheimer sets to make bigger collection day 1
অপেনহাইমাৰ’ নামটোৰ আঁৰৰ সত্যতা কি

ভাৰতত ছবিখনৰ আগতীয়া বুকিং

অপেনহাইমাৰ ছবিখনক লৈ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জনৰ বজাৰত দেখা গৈছে ব্যাপক চৰ্চা ৷ খবৰ অনুসৰি অপেনহাইমাৰ ছবিখনৰ এডভান্স বুকিঙে চমকপ্ৰদ উপাৰ্জন কৰিছে । ভাৰতত বুকিং কৰা হৈছে অপেনহাইমাৰৰ ২ লাখ ২০ হাজাৰ এডভান্স টিকট । কৰ’নাৰ সময়ৰ পাচত বলীউডৰ ছবিৰ বাবে এনে এডভান্স বুকিং হোৱা নাই । আনহাতে, শ্বাহৰুখ খানৰ পাঠান, ৰণবীৰ কাপুৰৰ ব্ৰহ্মাস্ত্ৰ আৰু দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাসৰ আদিপুৰুষৰ দৰে পেন ইণ্ডিয়াৰ ছবিয়েহে এনে এডভান্স বুকিং লাভ কৰিছিল ।

ভাৰতত ছবিখনৰ মুকলি দিনৰ সংগ্ৰহ কিমান হ’ব ?

এতিয়া ভাৰতত অপেনহাইমাৰৰ এডভান্স টিকট বুকিঙৰ পৰিসংখ্যা দেখাৰ পিচত কোৱা হৈছে যে ছবিখনে মুকলিৰ দিনা ভাৰতীয় বক্স অফিচত বহুত ভাল প্ৰদৰ্শন দেখুৱাব ৷ আজি (21 জুলাই) মুকলি হ’ল ছবিখন ৷ অপেনহাইমাৰৰ এডভান্স বুকিঙৰ ভিত্তিত কোৱা হৈছে যে ভাৰতীয় বক্স অফিচত ছবিখনে ১৩ৰ পৰা ১৪ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে । তাৎপৰ্যপূৰ্ণভাৱে চলিত বৰ্ষত (২০২৩) হলিউডৰ ছবি ফাষ্ট টেন এ ভাৰতীয় বক্স অফিচত সৰ্বাধিক আৰম্ভণি (১২.৫০ কোটি) লাভ কৰিছে। হলিউডৰ তাৰকা টম ক্ৰুজৰ অভিনীত শেহতীয়াকৈ মুক্তি পোৱা ছবি মিছন ইম্পচিবলে ৭ য়ে মুকলিৰ দিনা ১২.১৭ কোটি উপাৰ্জন কৰিছিল । এতিয়া কোৱা হৈছে যে অপেনহাইমাৰে ভাৰতৰ ২০২৩ চনৰ আটাইতকৈ ডাঙৰ ওপেনিং ছবি হিচাপে প্ৰমাণ কৰিব পাৰে । অপেনহাইমাৰে U/Aৰ প্ৰমাণপত্ৰ লাভ কৰিছে। ইয়াৰ ৰান টাইম ৩ ঘণ্টা ২ মিনিট। আজি ভাৰতৰ ১২৫০ খন পৰ্দাত মুকলি হৈছে ছবিখন ৷

ভাৰতৰ আটাইতকৈ ডাঙৰ ওপেনিং ছবিসমূহ

মাৰ্ভেলৰ ছুপাৰহিৰো ছবিসমূহ ভাৰতৰ মুকলি দিনটোত সৰ্বাধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত অন্যতম, য’ত এভেঞ্জাৰছ-এণ্ডগেমে ২০১৯ চনত ভাৰতীয় বক্স অফিচত উন্মোচনৰ দিনা সংগ্ৰহ কৰিছিল ৫৩ কোটি টকা (সৰ্বোচ্চ) ।

থাৰ - লাভ এণ্ড থাণ্ডাৰ - ১৮.২০ কোটি

অৱতাৰ ২ - ৪০ কোটি

ফাষ্ট এণ্ড ফিউৰিয়াছৰ হবছ আৰু শ্ব’ - ১৩ কোটি টকা

মিছন ইমপচিৱল ৭ - ১২.২৭ কোটি টকা

অপেনহাইমাৰ আৰু ইয়াৰ কাহিনী কি ?

আপুনি জানি আচৰিত হ’ব যে ক্রিষ্টোফাৰ নোলানে এই ছবিখন স্পর্শকাতৰ বিষয়ত নিৰ্মাণ কৰিছে। উল্লেখ্য যে জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰ আছিল এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, যাৰ জন্ম হৈছিল ১৯০৪ চনৰ ২২ এপ্ৰিলত আৰু ৬৩ বছৰ বয়সত মৃত্যু হৈছিল ১৯৬৭ চনৰ ১৮ ফেব্ৰুৱাৰীত । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অপেনহাইমাৰ লছ আলামোছ লেবৰেটৰীৰ পৰিচালক আছিল।

অপেনহাইমাৰে থিয়’ৰি ফিজিক্স আয়ত্ত কৰিছিল আৰু যেতিয়া আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে অপেনহাইমাৰৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া যুদ্ধৰ সময়ত তেওঁক এটা ডাঙৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। উল্লেখ্য যে, যেতিয়া ১৯৪১ চনত জাপানে আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত বোমা নিক্ষেপ কৰিছিল, তাৰ পিচত অপেনহাইমাৰে বিশ্বৰ প্ৰথম পাৰমাণৱিক বোমা প্ৰস্তুত কৰিছিল যিবোৰ জাপানৰ হিৰোচিমা আৰু নাগাছাকিত নিক্ষেপ কৰা হৈছিল । ইয়াৰ পিচত জাপানে আমেৰিকাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । অপেনহাইমাৰ ছবিখনত এই সমগ্ৰ দৃশ্যপট দেখুওৱা হ’ব ।

লগতে পঢ়ক: Kalki 2898 AD First Glimpse: প্ৰজেক্ট কে নহয়, সলনি হ’ল অমিতাভ, প্ৰভাস-দীপিকা পাডুকনৰ ছবিৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.