ETV Bharat / entertainment

Adipurush releases in theatres: ১৬ জুনত ছবিগৃহলৈ আহিব বিতৰ্কিত ছবি আদিপুৰুষ - Adipurush release date postponed

বহু অপেক্ষাৰ অন্তত বহু বিতৰ্কিত বিগ বাজেট ছবি আদিপুৰুষৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে পৰিচালক ঔম ৰাউতে(Adipurush New Release Date) । চলিত বৰ্ষৰ জুন মাহত ছবিখন মুক্তি পাব বুলি সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰে পৰিচালকগৰাকীয়ে ৷

movie Adipurush releases new release date
২০২৩ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি দিয়া হ'ব আদিপুৰুষ
author img

By

Published : Jan 18, 2023, 1:58 PM IST

চিটাৰা ডেস্ক,১৮ জানুৱাৰী: দীৰ্ঘদিন অপেক্ষাৰ অন্তত বিতৰ্কিত ছবি আদিপুৰুষৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হয় ৷ পৰিচালক ঔম ৰাউতে সামাজিক মাধ্যমত (adipurush movie director) ছবিখনৰ মুক্তিৰ তাৰিখ পোষ্টযোগে শ্বেয়াৰ কৰে । প্ৰথমতে ছবিখন 12 জানুৱাৰীত মুক্তিৰ মুক্তি দিয়াৰ কথা আছিল কিন্ত বিতৰ্কৰ বাবে ছবিখনৰ মুক্তিৰ দিন স্থগিত ৰখা হৈছিল(Adipurush release date postponed) । অৱশেষত ২০২৩ চনৰ ১৬ জুনত ছবিখন মুক্তিৰ দিয়া হ’ব বুলি ঘোষণা কৰে পৰিচালকগৰাকীয়ে (Adipurush New Release Date) ।

ছবিখনৰ পৰিচালক ঔম ৰাউতে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা 'অদিপুৰুষ'ৰ নতুন মুক্তিৰ তাৰিখ প্ৰকাশ কৰে(movie Adipurush releases new release date) । ঔমে ইনষ্টাগ্ৰামত অদিপুৰুষৰ পোষ্টাৰখন শ্বেয়াৰ কৰি লিখে যে তেওঁ সদায় ভগৱান ৰামৰ হৈ কাম কৰিবলৈ সাজু । ভগৱান ৰামৰ গুণাগুণ প্ৰচাৰ আৰু প্ৰসাৰ কৰি মই অত্যন্ত সুখী ৷ আগন্তুক ১৫০ দিনৰ ভিতৰত ভাৰতে কালজয়ী মহাকাব্যৰ সাক্ষী হ'ব। উল্লেখ্য যে আদিপুৰুষ আইমেক্স 3D ত মুক্তি পাব ৷

ছবিখনৰ পোষ্টাৰত 'জয় শ্ৰী ৰাম' লিখাৰ লগতে পোষ্টাৰখনৰ মাজত 'শ্ৰী ৰাম কাজ কাৰিবে কো আতুৰ' হনুমান চালিছাৰ এটা শাৰীও উল্লেখ কৰা হৈছে ৷ এই ছবিখনৰ বাজেট ৫০০ কোটি টকাতকৈও অধিক বুলি জানিব পৰা গৈছে । ছবিখনত জনপ্ৰিয় অভিনেতা প্ৰভাসে ৰামৰ চৰিত্ৰত অভিনয় কৰিছে, কৃতি চাননে সীতাৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ছানী সিঙে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছে । প্ৰথমে ছবিখন ২০২৩ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি দিয়াৰ কথা আছিল যদিও বিতৰ্কৰ বাবে ২০২৩ চনৰ ১৬ জুনত মুক্তি লাভ কৰিব ৷

উল্লেখ্য যে, ছবিখনৰ প্ৰথমটো টিজাৰ মুক্তিৰ পাছতেই দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । ছবিখনত বলীউডৰ অভিনেতা ছেইফ আলী খানে অভিনয় কৰাৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি লৈ সৃষ্টি হোৱা বিতৰ্কৰ শেষ নোহোৱা অৱস্থাৰ সৃষ্টি হৈছিল । তদুপৰি হনুমানকে আদিকৰি গুৰুত্বপূৰ্ণ চৰিত্ৰ কেইটাক লৈও তীব্ৰ সমালোচনা কৰা হৈছিল ।

ইফালে ছবিখন তাৎক্ষণিকভাৱে নিষিদ্ধ কৰাৰ দাবী জনাইছিল ৰাম মন্দিৰৰ মুখ্য পুৰোহিতগৰাকীয়ে । বিতৰ্ক চলি থকাৰ মাজতে ৰাম মন্দিৰৰ মুখ্য পুৰোহিত সত্যেন্দ্ৰ দাসে ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছিল । ভগৱান ৰাম, হনুমান আৰু ৰাৱণৰ চিত্ৰণ মহাকাব্যৰ সৈতে একে নহয় আৰু সেয়েহে তেওঁলোকৰ মৰ্যাদাৰ বিৰোধী বুলি তেওঁ উল্লেখ কৰিছিল । ধৰ্মৰ সৈতে খেলা কৰিলে সহ্য কৰা নহ'ব সকিয়নি প্ৰদান কৰিছিল পুৰোহিতগৰাকীয়ে ।

তেওঁ উল্লেখ কৰিছিল যে যদি সনাতন ধৰ্মৰ কোনো চৰিত্ৰৰ সৈতে খেলা হয়, তেন্তে সন্ত সমাজে ইয়াৰ বিৰোধিতা কৰিবই । কাৰণ ভগৱান ৰামৰ চৰিত্ৰটো এগৰাকী আদৰ্শ মানৱৰ চৰিত্ৰ । ৰাম আৰু ৰামায়ণৰ আদৰ্শৰ বাহিৰত কোনো চৰিত্ৰৰ সৃষ্টি হোৱা নাই । ৰামায়ণৰ ভিত্তিত কোনে ছবি বনাইছে আমি নাজানো ?

কিন্তু এইয়া সনাতন ধৰ্মৰ একেবাৰে বিৰোধী, গতিকে ইয়াক নিষিদ্ধ কৰা উচিত । কেৱল ইমানেই নহয় আদিপুৰুষ ছবিখন‌ৰ বাবে বহু চেলিব্ৰিটিৰ সমালোচনাৰ সন্মুখীন হৈছিল । মহাভাৰতৰ দুৰ্যোধন অৰ্থাৎ পুনীত ইছসাৰেও ছবিখনক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছিল । পিছে এতিয়া ছবিখন মুক্তিৰ পাছত দৰ্শকে কিদৰে আদৰি লয় সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Sinnar Tehsildar notice to Aishwarya Rai : মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায়লৈ ৰাজহ বিভাগৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.