ETV Bharat / entertainment

Mister Mummy: সুদীৰ্ঘ দহ বছৰৰ অন্তত হাস্যকৰ ৰূপত চিনেমা জগতত ৰিতেশ-জেনেলিয়া

author img

By

Published : Oct 30, 2022, 10:47 PM IST

Updated : Oct 31, 2022, 2:32 PM IST

প্ৰায় দহ বছৰৰ পিছত থিয়েটাৰ স্কীনত একেলগে দেখিবলৈ পোৱা যাব বলীউডৰ জনপ্ৰিয় যুতি ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডি'ছুজাক ৷ অভিনেতা ৰিতেশ দেশমুখ আৰু তেওঁৰ পত্নী জেনেলিয়া ডি'ছুজা দীৰ্ঘদিনৰ বিৰতিৰ অন্তত অভিনয় জগতলৈ ঘূৰি আহিব ।

MISTER MUMMY TRAILER RELEASE RITEISH DESHMUKHS ULTIMATE COMEDY ROLE SO FAR
সুদীৰ্ঘ দহ বছৰৰ অন্তত হাস্যকৰ ৰূপত চিনেমা জগতত ৰিতেশ-জেনেলিয়া

প্ৰায় দহ বছৰৰ পিছত থিয়েটাৰ স্কীনত একেলগে দেখিবলৈ পোৱা যাব বলীউডৰ জনপ্ৰিয় যুতি ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডি'ছুজাক ৷ অভিনেতা ৰিতেশ দেশমুখ আৰু তেওঁৰ পত্নী জেনেলিয়া ডি'ছুজা দীৰ্ঘদিনৰ বিৰতিৰ অন্তত অভিনয় জগতলৈ ঘূৰি আহিব(Riteish Genelia new movie) ।

ইফালে, প্ৰায় দহ বছৰৰ পাছত অভিনয় জগতত ভৰি দিবলৈ গৈ আছে জেনেলিয়াই । তেৰে নাল লাভ হ্যো গয়া(Tere naal love ho gaya) নামৰ ছবিখনত ৰিতেশ দেশমুখৰ সৈতে শেষবাৰৰ বাবে দেখা গৈছিল জনপ্ৰিয় দম্পত্তিহালক । এতিয়া দুয়োকে আকৌ এবাৰ একেলগে দেখি যাব । শনিবাৰে মুকলি কৰা হয় ৰিতেশ-জেনেলিয়াৰ আগন্তুক ছবি 'মিষ্টাৰ মাম্মীৰ'(Mister Mummy)ট্ৰেইলাৰ ৷

ছবিখনত খুব হাস্যকৰ ৰূপত দেখিবলৈ পোৱা যাব ৰিতেশ-জেনেলিয়াক ৷ এইবাৰ দৰ্শকক সম্পূৰ্ণ হাঁহিৰ খোৰাক দিবলৈ সাজু হৈছে এই দম্পত্তিহালে ৷ ছবিখন পোষ্টাৰত ৰিতেশ দেশমুখে নিজৰ বেবী বাম্প দেখুৱাই থকা দেখা গৈছে । এই হাস্যকৰ ছবিখনৰ প্ৰযোজনা কৰিছে ভূষণ কুমাৰে । ছচিয়েল মিডিয়াত ছবিখনৰ পোষ্টাৰে যথেষ্ট জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছে লগতে ছবিখনৰ বাবে দৰ্শকৰ মাজতো তীব্ৰ আগ্ৰহ দেখিবলৈ পোৱা হৈছে(Riteish Deshmukh new movie Mister Mummy) ।

হাস্যকৰ সম্পূৰ্ণ ট্ৰেইলাৰ

  • " class="align-text-top noRightClick twitterSection" data="">

২.৪১ মিনিটৰ পৰা ৰিতেশ দেশমুখ আৰু অভিনেতা মহেশ মঞ্জৰেকাৰৰ কমেডী ষ্টাইলৰ পৰা আৰম্ভ হৈছে ট্ৰেইলাৰ । ট্ৰেইলাৰত দেখা যায় যে ৰিতেশে নিজৰ সমস্যাটো লৈ ডাক্তৰ অৰ্থাৎ মহেশ মাঞ্জৰেকাৰৰ ওচৰলৈ যায়, আনহাতে এগৰাকী মহিলাও একে সময়তে হাত আগবঢ়াই নিজৰ গৰ্ভাৱস্থাৰ লগত জড়িত সমস্যাবোৰ বুজাই দিয়ে, য’ত ৰিতেশেও কৈছে যে তেওঁৰ সৈতেও ঠিক একে সমস্যা হৈছে ৷ এই মহিলাগৰাকীৰ ওপৰত ডাক্তৰ হোৱা মহেশে কৈছে যে তুমি গৰ্ভৱতী । ইয়াৰ পিছত ৰিতেশে গোটেই ট্ৰেইলাৰটোত এটা ধেমেলীয়া দৃশ্যৰে নিজৰ কমেডীৰ সোৱাদ দিবলৈ সক্ষম হৈছে ।

এই চিনেমাখনৰ পোষ্টাৰত ৰিতেশ আৰু জেনেলিয়াক গৰ্ভৱতী হোৱা দেখা গৈছিল । পোষ্টাখনৰ টেগ লাইন আছিল, ‘whole hearted comedy pet se’। 'মিষ্টাৰ মাম্মী' নামৰ এই ছবিখন পৰিচালনা কৰিছে চাদ আলীয়ে ।

ভূষণ কুমাৰ আৰু হেক্টিক চিনেমা প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰিব ছবিখন । ছবিখনৰ কাহিনীৰ কথা ক’বলৈ গ’লে পোষ্টাৰ সমূহত প্ৰকাশ পাইছে যে শিশুটিৰ কথা আহিলে চিন্তাধাৰাৰ সৈতে মিল নোহোৱা এহাল দম্পতীক কেন্দ্ৰ কৰি কাহিনীটো ঘূৰি আছে । চিনেমাখনে এই কাহিনীটোক কমিক ৰূপত উপস্থাপন কৰিবলৈ সাজু হৈছে । এই কথাও ছবিখনত দেখা যাব, এজন পুৰুষ গৰ্ভৱতী হ’লে কি হ’ব ? এই ছবিখনৰ জৰিয়তে উপস্থাপন কৰা হ'ব ৷

উল্লেখ্য যে, মুঝে তেৰী কাছাম (২০০৩)(Mujhe Teri Kasam, 2003) নামৰ ছবিখনেৰে ৰিতেশ আৰু জেনেলিয়াই বলীউডত আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পিছত দুয়োকে একেলগে আহিছিল কমেডী ছবি মস্তি (২০০৪)ত(Masti, 2004) দেখিবলৈ পোৱা গৈছিল ।

‘মিষ্টাৰ মাম্মী’ হ’ব ৰিতেশ আৰু জেনেলিয়াৰ একেলগে অভিনয় কৰা চতুৰ্থখন ছবি । জেনেলিয়াক শেষবাৰৰ বাবে দেখা গৈছিল ইটছ মাই লাইফ (২০২০)(It's My Life, 2020) ছবিখনত। কিন্তু বৰ্তমান বিৰ্তকই যেন লগ নেৰা হৈছে বলীউডক ৷ ইটোৰ পিছত সিটো বিৰ্তকত সোমাই পৰিছে বলীউড সেয়া লাগিলে বলীউড বয়ক'টেই হওক বা আদিপুৰুষৰ কন্ট্ৰভাৰ্চিয়ে(Adipurush Controversy) হওক ৷ একে সময়তে বলীউডৰ অভিনেতা কমল আৰ.খানে ছবিখনৰ পোষ্টাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ছবিখনৰ পোষ্টাৰ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে কমল আৰ.খানে ।

এতিয়া প্ৰশ্ন হয় যে, ইমান বিতৰ্কৰ মাজতো দৰ্শকে ৰিতেশ-জেনেলিয়াৰ এই ছবিখনক আদৰি ল'ব নে ? নে বিতৰ্ক মাজত সোমাই পৰিব মিষ্টাৰ মাম্মী ৷ তাৰ বাবে অপেক্ষা কৰিব লাগিব 11 নবেম্বৰলৈ ৷

লগতে পঢ়ক: Anushka Sharma instagram: চকড়া এক্সপ্ৰেছৰ কলকাতাৰ সূচী সামৰি অনুষ্কা শৰ্মাই ক’লে ‘ইট-প্ৰে-লৱ’

Last Updated : Oct 31, 2022, 2:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.