ETV Bharat / entertainment

Mission Raniganj Box Office Collection Day 2: মোটা বাজেটত নিৰ্মিত অক্ষয় কুমাৰৰ মিছন ৰাণীগঞ্জৰ বৰ্তমানৰ উপাৰ্জন কিমান জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 12:11 PM IST

Updated : Oct 7, 2023, 12:18 PM IST

টিনু সুৰেশ দেশাইৰ পৰিচালনাত নিৰ্মিত মিছন ৰাণীগঞ্জ ছবিখন এতিয়ালৈকে অক্ষয় কুমাৰৰ ছবিৰ পৰা কিছু পৃথক । এই ছবিখনৰ কাহিনী বাস্তৱ জীৱনৰ এক ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে য'ত যশৱন্ত সিং গিলৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে । ছবিখনে দ্বিতীয় দিনা বক্স অফিচত কিমান সংগ্ৰহ কৰিলে জানো আহক...

Mission Raniganj Box Office Collection Day 2: Find out how much Mission Raniganj earned on its second day at the box office
মোটা বাজেটত নিৰ্মিত অক্ষয় কুমাৰৰ মিছন ৰাণীগঞ্জে বৰ্তমানৰ উপাৰ্জন কিমান জানেনে ?

এইবাৰ অক্ষয় কুমাৰে ‘OMG 2’ ছবিৰ জৰিয়তে মানুহক এক শিক্ষা দিবলৈ চেষ্টা কৰিছিল ৷ শিৱৰ দূতৰ চৰিত্ৰত কৰা অভিনয়ৰ জৰিয়তে পুনৰবাৰ তেওঁৰ দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ৷ এই ছবিখনৰ সফলতাৰ পিছত ১৯৮৯ চনৰ কয়লা খনিৰ কাহিনী ‘মিছন ৰাণীগঞ্জ’ সম্প্ৰতি ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছে ৷ এই ছবিখনত অক্ষয় কুমাৰে একেলগে ছয় ডজনৰো অধিক শ্ৰমিকৰ জীৱন ৰক্ষা কৰা যশৱন্ত সিং গিলৰ চৰিত্ৰত অভিনয় কৰিছে ৷

কয়লা খনিৰ দুৰ্ঘটনাৰ ওপৰত আধাৰিত এই ছবি

এটি সত্য ঘটনাৰ আধাৰত নিৰ্মিত ছবি ‘মিছন ৰাণীগঞ্জ’ ৷ ইতিমধ্যে এই ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছে ৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (টুইটাৰ)ত ছবিখনে বেছিভাগেই ভাল সঁহাৰি লাভ কৰিছে ৷ অৱশ্যে মিছন ৰাণীগঞ্জৰ লগতে ভূমি পেডনেকাৰৰ ‘থেংকচ ফৰ কমিং’ আৰু ৰাজবীৰ দেউলৰ ‘দোনো’ ছবিগৃহত মুক্তি লাভ কৰিছে ৷ এনে পৰিস্থিতিত তিনিখন ছবিয়েই বক্স অফিচত কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছে ৷ এতিয়ালৈকে 'মিছন ৰাণীগঞ্জ' ছবিখনে বক্স অফিচত কিমান সংগ্ৰহ কৰিলে পঢ়ক এই প্ৰতিবেদন ৷

'মিছন ৰাণীগঞ্জ' বৰ্তমানৰ উপাৰ্জন

Sacknilkৰ প্ৰতিবেদন অনুসৰি অক্ষয় কুমাৰৰ এই চিনেমাখনে এতিয়ালৈকে ৬.৩০ কোটি টকা উপাৰ্জন কৰিছে ৷ এই পৰিসংখ্যা আশা কৰাতকৈ কম ৷ ১২০ কোটিত নিৰ্মাণ হোৱা ছবিখনে অতি কম উপাৰ্জন কৰিছে ৷ যিয়ে পিচলৈ ছবিখনৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিব পাৰে ৷

কয়লা খনিৰ দুৰ্ঘটনা কি ?

পশ্চিম বংগত কয়লা খনিৰ দুৰ্ঘটনা ৷ ১৯৮৯ চনৰ ১৩ নৱেম্বৰত ৰাণীগঞ্জ (পশ্চিম বংগ) মহাবীৰ খনিৰ কয়লা খনি বিস্ফোৰণৰ সময়ত জলপৃষ্ঠৰ বেৰত ফাট মেলিছিল ৷ এই ফাটবোৰত পানী দ্ৰুতগতিত বৈ যাবলৈ ধৰিলে ৷ ইয়াৰ বাবেই তাত কাম কৰা ২২০ জনৰ ভিতৰত ৬ জনৰ থিতাতে মৃত্যু হয় ৷ লিফটৰ ওচৰত থকা সকলক খৰধৰকৈ উলিয়াই আনিলে ৷ তথাপিও আবদ্ধ হৈ পৰিল ৬৫ জন শ্ৰমিক ৷

এই দুৰ্ঘটনাৰ সময়ত যশৱন্ত সিং গিলক তাত অতিৰিক্ত মুখ্য খনি সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তেওঁ ৬৫ জন শ্ৰমিকৰ আটাইকেইজনৰ প্ৰাণ ৰক্ষা কৰিলে ৷ য’ত খনিটোত শ্ৰমিকসকল আবদ্ধ হৈ আছিল, তাত তেওঁ কেইবাটাও ব’ৰহ’ল খান্দিছিল আৰু তেওঁলোক নিৰাপদে ওলাই অহালৈকে তেওঁলোকক খাদ্য-পানীয়ৰ ব্যৱস্থা কৰা হৈছিল ৷ বহুদিনৰ অন্তত তেওঁ ৬৫ জন শ্ৰমিকৰ সকলোৰে জীৱন ৰক্ষা কৰি উলিয়াই আনিবলৈ সক্ষম হয় ৷ এই বীৰত্বৰ কাৰ্যৰ বাবে যশৱন্ত সিং গিলক ১৯৯১ চনত ভাৰত চৰকাৰৰ হৈ ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমনে অসামৰিক বীৰত্ব বঁটা ‘শ্ৰেষ্ঠ জীৱন ৰক্ষাৰ পদক’ প্ৰদান কৰে ৷

লগতে পঢ়ক: Jawan Box Office Collection Day 29: বক্স অফিচত এই পৰ্যন্ত কিমান উপাৰ্জন কৰিলে শ্বাহৰুখ খানৰ জৱানে ?

Last Updated : Oct 7, 2023, 12:18 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.