ETV Bharat / entertainment

Nargis Dutt : মাতৃ নাৰ্গিছ দত্তৰ মৃত্যু বাৰ্ষিকীত আৱেগিক হৈ পৰিল সঞ্জয় দত্ত

author img

By

Published : May 3, 2023, 1:15 PM IST

Updated : May 3, 2023, 3:48 PM IST

আজি (৩ মে’) প্ৰয়াত প্ৰবীণ অভিনেত্ৰী তথা বলীউডৰ তাৰকা সঞ্জয় দত্তৰ মাতৃ নাৰ্গিছ দত্তৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী (Nargis Dutt)। এনে পৰিস্থিতিত মাতৃক স্মৰণ কৰি আবেগিক হৈ পৰিল সঞ্জয় দত্ত ৷

MISS YOU MAA SANJAY DUTT GETS EMOTIONAL ON HER MOTHER NARGIS DUTTS 42TH DEATH ANNIVERSARY
নাৰ্গিছ দত্তৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকী

চিটাৰা ডেস্ক, 3 মে’: আজি হিন্দী ছবি জগতৰ অন্যতম সুন্দৰী তথা প্ৰবীণ অভিনেত্ৰী নাৰ্গিছ দত্তৰ মৃত্যু বাৰ্ষিকী (Nargis death anniversary 2023)। 42 বছৰ পূৰ্বে মুম্বাই ব্ৰিচ কেণ্ডি হাস্পতালত মৃত্যুক আকোঁৱালি লৈছিল নাৰ্গিছে । ৫০ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰবীণ অভিনেত্ৰীগৰাকীৰ (Nargis Dutt)।

উল্লেখনীয় যে, বলীউডৰ শক্তিশালী অভিনেতা সঞ্জয় দত্তৰ হিন্দী ছবিৰ তাৰকা প্ৰয়াত দম্পতী সুনীল দত্ত আৰু নাৰ্গিছ দত্তৰ একমাত্ৰ পুত্ৰ । সঞ্জয় দত্তই পিতৃ-মাতৃৰ ছাঁ হেৰুৱা আজি বহুত বছৰ পাৰ হৈ গ’ল । এনে পৰিস্থিতিত মাতৃৰ ৪২ সংখ্যক মৃত্যু বাৰ্ষিকীত সঞ্জয় দত্তই পুনৰবাৰ মাতৃক স্মৰণ কৰি মাতৃৰ নামত এটা পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । এই পোষ্টটোত সঞ্জয় দত্তই লিখা প্ৰতিটো শব্দ চুই গৈছিল অনুৰাগীৰ হৃদয় (Sanjay Dutt shares vintage picture of mother Nargis) ৷

মাতৃক স্মৰণ কৰি আৱেগিক হৈ পৰিল সঞ্জয় দত্ত

মাতৃৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সঞ্জয় দত্তই শ্বেয়াৰ কৰিছে মাতৃ নাৰ্গিছৰ এখন ক’লা-বগা ছবি, ফটোখনত সঞ্জয় দত্তকো দেখা পোৱা গৈছিল (Nargis Dutt Death Anniversary)। এই ছবিখনত সঞ্জয়ৰ বয়স ২ বছৰতকৈ বেছি নহ’ব । ছবিখনত অভিনেত্ৰীগৰাকীয়ে ভনীয়েকক কোলাত লৈ আছে । এই সুন্দৰ আৰু স্মৰণীয় ছবিখন শ্বেয়াৰ কৰি সঞ্জয় দত্তই লিখিছে, ‘‘মিছ ইউ মা, আপোনাৰ মৰম আৰু আশীৰ্বাদে মোক প্ৰতিদিনে পথ প্ৰদৰ্শন কৰে, আপুনি মোক শিকাই দিয়া জীৱনৰ শিক্ষাৰ বাবে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম’’।

প্ৰিয়া দত্তইয়ো স্মৰণ কৰিলে মাতৃক

সঞ্জয় দত্তৰ অনুৰাগী সকলো এই পোষ্টটো দেখি আবেগিক হৈ পৰিছিল আৰু তেওঁলোকে প্ৰবীণ অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় (Sanjay Dutt remembers mother Nargis) । একে সময়তে সঞ্জয় দত্তৰ ভগ্নী প্ৰিয়া দত্তয়ো মাতৃৰ মৃত্যু বাৰ্ষিকীত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ।

এই আৱেগিক টোকাটোত প্ৰিয়াই লিখিছে, ‘‘মা, মই আপোনাক খুব কম বয়সতে হেৰুৱালোঁ, যাৰ প্ৰভাৱ মোৰ জীৱনত পৰিল, কিন্তু আপোনাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তই মোৰ ওপৰত প্ৰভাৱ পেলায়, আপুনি মোক আৰু ভাইয়াক মমতা, মৰম, হাঁহিৰে মোক জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে শিকাইছিল ৷ এইবোৰ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষা, আপুনি সদায় আমাৰ লগত আছে, মই জানো, মই আপোনাক সদায় ভাল পাওঁ মা ৷ ১ জুন ১৯২৯ - ৩ মে’ ১৯৮১।’’

লগতে পঢ়ক: The Kerala Story: প্ৰতিবাদৰ মাজতে জে এন ইউ কেম্পাছত প্ৰদৰ্শিত হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’, ৫ মে’ত মুক্তি পাব ছবিখনে

Last Updated : May 3, 2023, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.