ETV Bharat / entertainment

Rakhi Sawant : মিকা সিঙৰ চুমাৰ গোচৰ প্ৰসংগত ৰাখী সাৱন্তক শপতনামা দাখিলৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Apr 10, 2023, 10:27 PM IST

মিকা সিঙে ৰাখী সাৱন্তক বলপূৰ্বক চুমা গোচৰত উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে বম্বে উচ্চ ন্যায়ালয়ে (Rakhi Sawant) ৷

Mika Singh kissed Rakhi Sawant Case : Bombay High Court directs Rakhi Sawant to submit affidavit
ৰাখীক শপতনামা দাখিলৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

চিটাৰা ডেস্ক, 10 এপ্ৰিল: বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্ত সকলোৰে পৰিচিত ৷ অৱশ্যে কেৱল ড্ৰামা কুইনেই নহয়, ৰাখী সাৱন্তৰ নাম বহু বিতৰ্কৰ সৈতেও জড়িত হৈ আছে ৷ এই সকলোবোৰ বিতৰ্কৰ মাজতে ২০০৬ চনৰ এটা বিতৰ্ক হয়তো আজিও সকলোৰে মনত আছে ৷ হয়, আমি ক’ব খুজিছো মিকা সিঙৰ সৈতে জড়িত হৈ থকা ৰাখিৰ বিতৰ্ক ৷

দৰাচলতে ২০০৬ চনত এখন ৰাজহুৱা অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিঙে ৰাখী সাৱন্তক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে চুমা খাইছিল । এই খবৰ নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল ৷ অৱশ্যে এই সন্দৰ্ভত ৰাখিয়ে মিকাৰ বিৰুদ্ধে সেই সময়তেই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল (Mika Singh kissed Rakhi Sawant Case)।

ইফালে ১৭ বছৰীয়া প্রথম তথ্য প্রতিবেদন বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ত প্রস্তাৱ দাখিল কৰিছে মিকা সিঙে ৷ এই সন্দৰ্ভত আজি ন্যায়াধীশ গাডকাৰী আৰু ন্যায়াধীশ নাইকৰ বিচাৰপীঠৰ সন্মুখত শুনানি অনুষ্ঠিত হয় । উল্লেখ্য যে, ২০০৬ চনৰ সময়ছোৱাত মিকা সিং আৰু ৰাখী সাৱন্ত জন্মদিনত পাৰ্টিত একত্ৰিত হৈছিল (Rakhi Sawant kiss controversy) । সেই সময়ত আন বহু অভিনেতা আৰু বহু অভিনেত্ৰীও সেই স্থান উপস্থিত আছিল ।

তাৰ পিচত ৰাখী সাৱন্তক মিকা সিঙে সকলোৰে সন্মুখত ৰাখিৰ ইচ্ছাৰ বিৰুদ্ধে চুমা খাইছিল । যাৰ বাবে সংশ্লিষ্ট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৰাখিয়ে । সেই অনুসৰি প্ৰথম তথ্য প্ৰতিবেদন বাতিল কৰিব লাগে মিকা সিঙে দাখিল কৰিছে প্ৰতিবেদন ৷ ইয়াৰ বাবে তেওঁলোকে এতিয়া বম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে ।

আবেদনখনৰ সন্দৰ্ভত মিকা সিঙে কয়, "এয়া ২০০৬ চনৰ এটা কাণ্ড আৰু সেয়েহে এতিয়া এই এফআইআৰ বাতিল কৰা উচিত আৰু সেয়েহে আমি আদালতৰ সন্মুখত আবেদন দাখিল কৰিছো ।" সেয়াহে মিকা সিঙৰ অধিবক্তাৰ কথা শুনি উচ্চ ন্যায়ালয়ে ৰাখী সাৱন্তক পৰৱৰ্তী শুনানিলৈকে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে (Bombay High Court directs Rakhi Sawant) ।

লগতে পঢ়ক: Rhea Chakraborty: সুশান্তৰ মৃত্যুৰ পিচত প্ৰথমটো প্ৰজেক্ট লাভ কৰিলে ৰিয়াই; প্ৰেম আৰু সমৰ্থন বিচাৰিলে অনুৰাগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.